কংগ্ৰেছৰ সৈতে নহ’ল মিত্ৰতাঃ ২২ খন আসনত প্ৰাৰ্থীত্ব প্ৰক্ষেপ আপৰ | Haryana assembly election Aam Admi Party announced 20 candidates list Assam news - Assam Tv9

কংগ্ৰেছৰ সৈতে নহ’ল মিত্ৰতাঃ ২২ খন আসনত প্ৰাৰ্থীত্ব প্ৰক্ষেপ আপৰ

Published: 

09 Sep 2024 17:13 PM

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে আজি আপে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। প্ৰথমখন প্ৰাৰ্থী তালিকাত আপে ২০ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এই তালিকা প্ৰকাশ পোৱাৰ পিছতে হাৰিয়ানাত কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মাজত যে মিত্ৰতা হোৱা নাই সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে।

কংগ্ৰেছৰ সৈতে নহ’ল মিত্ৰতাঃ ২২ খন আসনত প্ৰাৰ্থীত্ব প্ৰক্ষেপ আপৰ

হাৰিয়ানাত প্ৰাৰ্থী ঘোষণা আপৰ

Follow Us On

অহা ৫ অক্টোবৰত অনুষ্ঠিত হ’ব হাৰিয়ানা বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত শাসক বিৰোধী প্ৰতিটো দল। এই নিৰ্বাচনত সকলোৰে দৃষ্টি নিবদ্ধ আছিল কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মিত্ৰতা প্ৰসঙ্গত। গত লোকসভা নিৰ্বাচনত ৰাজ্যখনত ইণ্ডিয়া মিত্ৰজোগৰ সহযোগী দল হিচাপে কংগ্ৰেছ আৰু আপে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও আগন্তুক বিধানসভা নিৰ্বাচনত দুয়োটা দলৰ মিত্ৰতা সন্দেহৰ মাজত সোমাই পৰিছিল। এই চৰ্চাক প্ৰায় নিশ্চিত প্ৰমাণ কৰি আজি আপে ঘোষণা কৰিছে দলীয় প্ৰাৰ্থীৰ নাম।

আজি আপে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। প্ৰথমখন প্ৰাৰ্থী তালিকাত আপে ২০ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এই তালিকা প্ৰকাশ পোৱাৰ পিছতে হাৰিয়ানাত কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মাজত যে মিত্ৰতা হোৱা নাই সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে। এনে পৰিস্থিতিত দুয়োটা দলেই এতিয়া পৃথকে পৃথকে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

আপে কলায়তৰ পৰা অনুৰাগ ধনদাক, পুণ্ড্ৰীৰ পৰা নৰেন্দ্ৰ শৰ্মাক, ভীৱানীৰ পৰা ইন্দু শৰ্মাক, মেহামৰ পৰা বিকাশ নেহৰাক, ঘৰাৱাণ্ডাৰ পৰা জয়পাল শৰ্মা, আছান্ধৰ পৰা অমনদীপ জুণ্ডলাক, সমলখাৰ পৰা বিট্টু পেহালৱানক, উচানা কলনৰ পৰা পৱন ফৈজীক, ডাবৱলীৰ পৰা কুলদীপ গদৰানাক, ৰাণিয়াৰ পৰা হেপি ৰাণিয়াক, বাহাদুৰগড়ৰ পৰা কুলদীপ চিকাৰাক টিকট প্ৰদান কৰিছে।

একেদৰে বদলীৰ পৰা ৰণবীৰ গুলিয়া, বেৰীৰ পৰা চনু আহলাৱত শ্বেৰিয়াক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আপে। ইয়াৰ উপৰিও দলটোৱে মহেন্দ্ৰগড়ৰ পৰা মনীষ যাদৱ, বাদশ্বহপুৰৰ পৰা বীৰ সিং সৰপঞ্চ, নৰনৈলৰ পৰা ৰবীন্দ্ৰ মাত্ৰু, সোহনাৰ পৰা ধৰ্মেন্দ্ৰ খাটানা আৰু বল্লভগড়ৰ পৰা ৰবিন্দৰ ফৈজদাৰক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

উল্লেখ্য যে ইতিপূৰ্বে কংগ্ৰেছে হাৰিয়ানা বিধানসভাৰ ৯০ খন আসনৰে ৪১ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। শনিবাৰে দলটোৱে প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ পিছত দেওবাৰে নিশা দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল। প্ৰথমখন প্ৰাৰ্থী তালিকাত কংগ্ৰেছে প্ৰাক্তন তাৰকা মল্লযুঁজাৰু ৱিনেশ ফ’গাটসহ ৩২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল। আনহাতে দ্বিতীয়খন তালিকাত স্থান দিছিল ৯ গৰাকী প্ৰাৰ্থীক।

লক্ষণীয়ভাৱে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰা ১১খন আসনত আপেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। উচান কলন, মেহাম, বাদশ্বাহপুৰ, নাৰায়ণগড়, সমলখা, ডাবৱলী, ৰোহটক, বাহাদুৰগড়, বদলী, বেৰী আৰু মহেন্দ্ৰগড় বিধানসভা আসনত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পিছত আজি আপেও এই আসনকেইখনত দলীয় প্ৰাৰ্থী থিয় কৰায়।

আপৰ হাৰিয়ানা প্ৰদেশৰ সভাপতি সুশীল গুপ্তাই ইতিমধ্যে মন্তব্য কৰিছিল যে যদি কংগ্ৰেছে বিধানসভা নিৰ্বাচনৰ বাবে আপৰ সৈতে মিত্ৰতাৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে, তেন্তে আপে অতি সোনকালে ৯০খন আসনৰ আটাইকেইখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব। সূত্ৰ অনুসৰি আপে ১০ বা তাতকৈ অধিক আসনৰ বাবে দাবী জনাইছিল যদিও কংগ্ৰেছে ৩ খন আসনতহে সন্মতি প্ৰকাশ কৰিছিল।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version