মোক জেলত ভৰোৱাসকলক ৰাজ্যৰ বাহিৰ কৰকঃ জনতাক আহ্বান কেজৰিৱালৰ | Haryana assembly election AAP Arvind Kejriwal roadshow in Yamunanagar Assam news - Assam Tv9

মোক জেলত ভৰোৱাসকলক ৰাজ্যৰ বাহিৰ কৰকঃ জনতাক আহ্বান কেজৰিৱালৰ

Published: 

20 Sep 2024 18:43 PM

আজি হাৰিয়ানাৰ যমুনানগৰৰ জগধৰিত এক ৰোড শ্ব’ অনুষ্ঠিত কৰে অৰবিন্দ কেজৰিৱালে। এই নিৰ্বাচনী ৰেলীত কেজৰিৱালে বিজেপিক উদ্দেশি তেওঁক জেললৈ পঠিওৱাসকলক এতিয়া হাৰিয়ানাৰ মানুহে ৰাজ্যৰ বাহিৰলৈ নিক্ষেপ কৰিব বুলি দাবী কৰে। তেওঁ লগতে আপৰ সমৰ্থন অবিহনে হাৰিয়ানাত আগন্তুক চৰকাৰ গঠন নহ’ব বুলিও দাবী কৰিছে।

মোক জেলত ভৰোৱাসকলক ৰাজ্যৰ বাহিৰ কৰকঃ জনতাক আহ্বান কেজৰিৱালৰ

হাৰিয়ানাত অৰবিন্দ কেজৰিৱাল

Follow Us On

কাষ চাপিছে হাৰিয়ানা বিধানসভা নিৰ্বাচন। অহা ৫ অক্টোবৰত ৰাজ্যখনত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এই উপলক্ষে ৰাজ্যখনত জোৰদাৰ প্ৰচাৰত নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল। সুৰা কেলেংকাৰী গোচৰত দীৰ্ঘদিন কাৰাৰুদ্ধ হৈ থকাৰ পাছত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা জামিন লাভৰ পিছত মুকলি আকাশৰ তললৈ অহা আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো পূৰ্ণশক্তিৰে অৱতীৰ্ণ হৈছে হাৰিয়ানা নিৰ্বাচনত। আজি ৰাজ্যখনৰ যমুনানগৰৰ জগধৰিত এক ৰোড শ্ব’ অনুষ্ঠিত কৰে অৰবিন্দ কেজৰিৱালে।

এই ৰোড শ্ব’ত অংশ লৈ কেজৰিৱালে শাসকীয় বিজেপি দলক উদ্দেশ্যি দিয়ে তীব্ৰ হুংকাৰ। সমষ্টিটোত নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱা আপৰ প্ৰাৰ্থীগৰাকীক ভোটদান কৰিবলৈ জনসাধাৰণক আহ্বান জনাই কেজৰিৱালে তিহাৰ কাৰাগাৰত কটোৱা শেহতীয়া সময়ছোৱাৰ কথা উল্লেখ কৰি বিজেপিক তীক্ষ্ণ আক্ৰমণৰ লক্ষ্য কৰি লয়। নিজ ভাষণত কেজৰিৱালে বিজেপিয়ে তেওঁক জেলত ভৰাই তেওঁৰ মনোবল ভাঙিবলৈ বহুত চেষ্টা কৰিলে বুলি দাবী কৰে।

এই সময়ছোৱাত তেওঁৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰৰ সূচনা কৰা বুলি অভিযোগ কৰি কেজৰিৱালে লগতে কেৱল কেজৰিৱালক শিৰনত কৰোৱাই বিজেপিৰ উদ্দেশ্য আছিল বুলি দাবী কৰে। তেওঁ লগতে কয়, “কিন্তু তেওঁলোকে গম পোৱা নাছিল যে মই হাৰিয়ানাৰ। মোৰ শিৰাত হাৰিয়ানাৰ তেজ আছে। যিকোনো মানুহৰে মনোবল ভাঙিব পাৰে, কিন্তু হাৰিয়ানাৰ জনসাধাৰণক কেতিয়াও নোৱাৰে।”

তেওঁৰ সৈতে বিজেপিয়ে যি কৰিলে, হাৰিয়ানাৰ প্ৰতিটো শিশুৱে তাৰ প্ৰতিশোধ ল’ব বুলি হুংকাৰ দি কেজৰিৱালে লগতে তেওঁক জেললৈ পঠিওৱাসকলক এতিয়া হাৰিয়ানাৰ মানুহে ৰাজ্যৰ বাহিৰলৈ নিক্ষেপ কৰিব বুলিও দাবী কৰে। ইফালে বিজেপিক আক্ৰমণ কৰি অৰবিন্দ কেজৰিৱালে লগতে কাৰাগাৰত সাধাৰণ কয়দীক দিয়া সা-সুবিধাও তেওঁক দিয়া হোৱা নাছিল বুলি অভিযোগ কৰে।

আপ মুৰব্বীগৰাকীৰ অভিযোগ, তেওঁ জেলত থকাৰ সময়ত বিজেপিয়ে আপৰ চৰকাৰ ভাঙিবলৈ বহু চেষ্টা কৰিছিল। কিন্তু এজনো বিধায়ককো তেওঁলোকে বলাব নোৱাৰিলে বুলি কটাক্ষ কৰি কেজৰিৱালে লগতে বিধায়ক বাদেই বিজেপিয়ে এগৰাকী আপ কৰ্মীৰ মনোবলো ভাঙিব নোৱাৰিলে বুলি দাবী কৰে। আপক এটা সৎ ৰাজনৈতিক দল হিচাপে অভিহিত কৰি তেওঁ লগতে হাৰিয়ানাই পৰিৱৰ্তন বিচৰাৰ সময়ত এইবাৰ জনসাধাৰণৰ মাজলৈ এটা সৎ দল আহিছে বুলি মন্তব্য কৰে।

কেজৰিৱালে লগতে বিজেপিৰ শিক্ষামন্ত্ৰীয়ে হাৰিয়ানাৰ শিক্ষা ব্যৱস্থা নষ্ট কৰিলে বুলিও অভিযোগ কৰে। তেওঁ কয়, “আমি দিল্লীৰ চৰকাৰী বিদ্যালয়ক উৎকৃষ্ট কৰি তুলিছো। আমি হাৰিয়ানাতো কৰিম। জেলৰ পৰা উভতি অহাৰ পিছত ইচ্ছা কৰিলে মই আৰামত মুখ্যমন্ত্ৰীৰ চকীত বহিব পাৰিলোহেঁতেন। কিন্তু, অগ্নিপৰীক্ষা দিবলৈ মই পদত্যাগ কৰিছো। যেনেকৈ মাতৃ সীতাই নিৰ্বাসনৰ পিছত অগ্নিপৰীক্ষা দিছিল।”

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে হাৰিয়ানাৰ জনসাধাৰণে যদি তেওঁক সৎ বুলি ভাৱে, তেতিয়া ভোট দিবলৈ আহ্বান জনায়। ইফালে হাৰিয়ানাৰ আগন্তুক চৰকাৰ সন্দৰ্ভতো এক গুৰুত্বপূৰ্ণ দাবী কৰে কেজৰিৱালৰ। তেওঁৰ দাবী, আম আদমী পাৰ্টিৰ সমৰ্থন অবিহনে হাৰিয়ানাত আগন্তুক চৰকাৰ গঠন নহ’ব। অৱশ্যে নিৰ্বাচনৰ পিছতহে প্ৰমাণ হ’ব কেজৰিৱালৰ এই দাবীৰ জোৰ।

পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
Exit mobile version