MSPৰ সম্পূৰ্ণ ৰূপ কি জানেনে ৰাহুল গান্ধীয়ে! তীব্ৰ কটাক্ষৰে প্ৰশ্ন অমিত শ্বাহৰ | Haryana assembly election Amit Shah criticize Congress Rahul Gandhi on farmers MSP Assam news - Assam Tv9

MSPৰ সম্পূৰ্ণ ৰূপ কি জানেনে ৰাহুল গান্ধীয়ে! তীব্ৰ কটাক্ষৰে প্ৰশ্ন অমিত শ্বাহৰ

Published: 

27 Sep 2024 15:06 PM

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আজি হাৰিয়ানাৰ ৰেৱাৰীত নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই নিৰ্বাচনী সভাত অমিত শ্বাহে ৰাহুল গান্ধী আৰু কংগ্ৰেছক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। নিজ ভাষণত অমিত শ্বাহে ৰাহুল গান্ধীক কটাক্ষ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে এম এছ পিৰ সম্পূৰ্ণ ৰূপ জানেনে বুলি প্ৰশ্ন কৰে।

MSPৰ সম্পূৰ্ণ ৰূপ কি জানেনে ৰাহুল গান্ধীয়ে! তীব্ৰ কটাক্ষৰে প্ৰশ্ন অমিত শ্বাহৰ

হাৰিয়ানাত গৃ্হ মন্ত্ৰী অমিত শ্বাহ

Follow Us On

অহা ৫ অক্টোবৰত অনুষ্ঠিত হ’ব হাৰিয়ানা বিধানসভা নিৰ্বাচন। ৰাজ্যখনৰ ক্ষমতা দখলৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল। আজি হাৰিয়ানাৰ ৰেৱাৰীত দলৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এক নিৰ্বাচনী সভাত অংশ লৈ কেন্দ্ৰীয় গৃ্হ মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লয়। অমিত শ্বাহৰ দাবী, হাৰিয়ানাত যেতিয়া কংগ্ৰেছ ক্ষমতাত আছিল তেতিয়া কমিচন আৰু দুৰ্নীতিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

কংগ্ৰেছৰ সময়ত হাৰিয়ানাত ‘ডিলাৰ, দালাল আৰু জোঁৱাই’ৰ শাসন চলিছিল বুলি দাবী কৰি অমিত শ্বাহে লগতে বিজেপি চৰকাৰৰ দিনত জোঁৱাইৰ শাসন বাদেই, ডিলাৰ বা দালালৰো অস্তিত্ব নাই বুলি মন্তব্য কৰে। ইফালে হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৃষকৰ অধিকাৰৰ প্ৰসঙ্গৰে সোচ্চাৰ হৈ থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

অমিত শ্বাহৰ কটাক্ষবাণী, কোনো লোকে ৰাহুল গান্ধীক এম এছ পিৰ কথা ক’লে ভোট পাব বুলি কৈছিল আৰু সেয়ে এতিয়া এম এছ পিৰ কথা কৈছে। পিছে ৰাহুল গান্ধীয়ে এম এছ পিৰ সম্পূৰ্ণ ৰূপ জানেনে বুলি কটাক্ষ কৰে অমিত শ্বাহে। খাৰিফ আৰু ৰবি শস্য কোনবোৰ সেই বিষয়ে ৰাহুল গান্ধীয়ে জানেনে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিদ্ৰুপাত্মক মন্তব্য কৰে।

দেশৰ যিসমূহ স্থানত কংগ্ৰেছ ক্ষমতাত আছে, সেই কংগ্ৰেছ চৰকাৰে এম এছ পিৰ নামত কৃষকক মিছা তথ্য দিছে বুলিও শ্বাহে লগতে অভিযোগ কৰে। তেওঁৰ দাবী, হাৰিয়ানাৰ বিজেপি চৰকাৰে এম এছ পিৰ জৰিয়তে কৃষকৰ পৰা ২৪বিধ শস্য ক্ৰয় কৰিছে। দেশত থকা কোনখন কংগ্ৰেছ চৰকাৰে MSP ত এইদৰে ২৪ বিধ শস্য ক্ৰয় কৰিছে সেই বিষয়ে উল্লেখ কৰিবলৈও তেওঁ কংগ্ৰেছক প্ৰত্যাহ্বান জনায়।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ২০১৪ চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল তেতিয়া তেওঁ সেনা জোৱানসকলৰ ৱান ৰেংক ৱান পেঞ্চনৰ দাবী পূৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। দেশৰ সেনা জোৱানসকলেও ৪০ বছৰ ধৰি এই দাবী কৰি আছিল বুলি উল্লেখ কৰি অমিত শ্বাহে কংগ্ৰেছে ৪০ বছৰ ধৰি ৱান ৰেংক ৱান পেঞ্চন কাৰ্যকৰী কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে।

কিন্তু নৰেন্দ্ৰ মোদীয়ে সেৱা আগবঢ়োৱাৰ সুযোগ পোৱাৰ পিছতে ৱান ৰেংক ৱান পেঞ্চন কাৰ্যকৰী কৰিলে বুলি অমিত শ্বাহে লগতে দোহাৰে। সমান্তৰালকৈ তেওঁ লগতে এমাহ পূৰ্বে ৱান ৰেংক-ৱান পেঞ্চনৰ তৃতীয় সংস্কৰণো কাৰ্যকৰী কৰা হৈছে বুলিও আঙুলিয়াই দিয়ে। ইফালে কংগ্ৰেছ দলৰ নেতাসকলে অগ্নিবীৰক লৈ ৰাইজৰ মাজত বিভ্ৰান্তি বিয়পাবলৈ চেষ্টা কৰিছে বুলিও নিজ ভাষণত অমিত শ্বাহে অভিযোগ কৰে।

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version