কাৰ দখললৈ হাৰিয়ানাৰ মচনদ! আজি ইভিএমত বন্দী হ’ব ‘ৰাজনৈতিক’ ভাগ্য

আজি অনুষ্ঠিত হ’ব হাৰিয়ানা বিধানসভা নিৰ্বাচন। ৰাজ্যখনৰ ৯০খন বিধানসভা আসনৰ আটাইকেইখনতে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। বিধানসভা নিৰ্বাচনৰ এই ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব। অহা ৮ অক্টোবৰত হাৰিয়ানা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

কাৰ দখললৈ হাৰিয়ানাৰ মচনদ! আজি ইভিএমত বন্দী হ’ব ‘ৰাজনৈতিক’ ভাগ্য

আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

Updated On: 

05 Oct 2024 07:22 AM

আজি অনুষ্ঠিত হ’ব হাৰিয়ানা বিধানসভা নিৰ্বাচন। ৰাজ্যখনৰ ৯০খন বিধানসভা আসনৰ আটাইকেইখনতে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। বিধানসভা নিৰ্বাচনৰ এই ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব। হাৰিয়ানাৰ ক্ষমতা দখলৰ লক্ষ্যৰে নিৰ্বাচনী ৰণত নমা ৰাজনৈতিক দলসমূহৰ ভাগ্য আজি ইভিএমত বন্দী কৰিব ৰাজ্যখনৰ ভোটাৰে। এফালে বিজেপিয়ে এই নির্বাচনত জয়েৰে ক্ৰমাগত তৃতীয়বাৰৰ বাবে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে পূৰ্ণ শক্তিৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে, আনফালে কংগ্ৰেছে দহ বছৰীয়া ব্যৰ্থতাৰ অন্ত পেলাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে৷

মূলতঃ এই দুই দলৰ মাজতে প্ৰধান যুঁজ হোৱাৰ সম্ভাৱনা আছে যদিও দুষ্যন্ত চৌটালাৰ জননায়ক জনতা পাৰ্টি (জেজেপি)- ও নিজৰ ৰাজনৈতিক শক্তি পুনৰুদ্ধাৰৰ চেষ্টা চলাব। জেজেপিৰ লগতে আম আদমী পাৰ্টি আৰু চাৰিবাৰৰ মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌটালাৰ নেতৃত্বাধীন ইণ্ডিয়ান নেচনেল লোক দলেও (আইএনএলডি) এই নিৰ্বাচনত কিং মেকাৰৰ ভূমিকা লোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত সৰ্বমুঠ ১০৩১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীৰ লগতে কংগ্ৰেছৰ ভূপেন্দ্ৰ হুদা, জেজেপিৰ দুষ্যন্ত চৌটালা আৰু আইএনএলডিৰ অভয় চৌটালাৰ  লগতে জুলানা আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰা দেশৰ প্ৰাক্তন তাৰকা মল্লযুঁজাৰু বিনেশ ফ’গাটৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰ ৰাজ্যৰ ২,০৩,৫৪,৩৫০ গৰাকী ভোটাৰে এই ১০৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

নিৰ্বাচন আয়োগে সদৰী কৰা মতে ৰাজ্যখনত ভোটদানৰ বাবে নিৰ্মাণ কৰা হৈছে ২০ হাজাৰ ৬৩২টা ভোটগ্ৰহণ কেন্দ্ৰ। ১০০ বছৰ উৰ্ধৰ ৮,৮২১ জন ভোটাৰে এইবাৰ ভোটদান কৰিব বুলি আয়োগে লগতে তথ্য প্ৰকাশ কৰিছে। উল্লেখ্য যে অহা ৮ অক্টোবৰত হাৰিয়ানা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

এইবাৰ হাৰিয়ানাৰ আটাইতকৈ ধনৱন্ত প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছে কেপ্তেইন অভিমন্যু। হিছাৰ জিলাৰ নৰনাউণ্ড বিধানসভা আসনৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা বিজেপি প্ৰাৰ্থী কেপ্তেইন অভিমন্যুৰ মুঠ সম্পত্তি ৪৯১ কোটি টকা। দ্বিতীয় স্থানত আছে কংগ্ৰেছৰ ৰোহতাছ সিং। গুৰুগ্ৰামৰ সোহনা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৰোহতাছৰ সম্পত্তিৰ পৰিমাণ ৪৮৪ কোটি টকা।

এই তালিকাৰ তৃতীয় স্থানত আছে দেশৰ আটাইতকৈ ধনৱন্ত মহিলা সাবিত্ৰী জিন্দাল। হিছাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি প্ৰাৰ্থী সাবিত্ৰী জিন্দালে নিজৰ নামত ঘোষণা কৰিছে ২৭০ কোটি টকাৰ সম্পত্তি। নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা ১০৩১ জন প্ৰাৰ্থীৰ ভিতৰত ৫৩৮ জন প্ৰাৰ্থীয়েই কোটিপতি বুলি জানিব পৰা গৈছে।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস