পহলগাম আক্ৰমণৰ আঁৰত পাকিস্তানী সেনাৰ প্ৰত্যক্ষ সংযোগ! আক্ৰমণকাৰী হাছিম মুছাক লৈ ডাঙৰ তথ্য প্ৰকাশ..
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে চোৰাংচোৱা সংস্থাই। মূল অভিযুক্ত হাছিম মুছাৰ আছে পাকিস্তানী সেনাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক, তেওঁ পূৰ্বে পেৰা কমাণ্ডো আছিল। লস্কৰ-ই-তৈবাই তেওঁক প্ৰশিক্ষণ প্ৰদান কৰি আক্ৰমণ কৰিবলৈ পঠিয়াই দিয়াই সন্দেহ। তাৰ পিছত স্থানীয় সন্ত্ৰাসবাদীৰ সৈতে মুছাই এই আক্ৰমণ সংঘটিত কৰে য’ত পৰ্যটকক লক্ষ্য কৰি লোৱা হয়।

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে চোৰাংচোৱা সংস্থাই। পাকিস্তানী সেনাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাছিম মুছাৰ । চোৰাংচোৱা সংস্থাই জনোৱা মতে, সন্ত্ৰাসবাদী হোৱাৰ পূৰ্বে মুছা পাকিস্তান সেনাবাহিনীৰ পেৰা কমাণ্ডো আছিল। সূত্ৰ অনুসৰি হাছিম মুছা হৈছে পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড। স্থানীয় সন্ত্ৰাসবাদীৰ সৈতে মুছাই পহলগাম কাণ্ড সংঘটিত কৰিছে।
সূত্ৰৰ পৰা জানিব পৰা মতে, হাছিম মুছাক লস্কৰ-ই-তৈবাই প্ৰশিক্ষণ দিছিল আৰু আক্ৰমণৰ বাবে কাশ্মীৰলৈ প্ৰেৰণ কৰিছিল। স্থানীয় তিনিজন সন্ত্ৰাসবাদীৰ সহায়ত মুছাই ইয়াত সমগ্ৰ ঘটনা সংঘটিত কৰে। অপৰাধটো সম্পন্ন কৰিবলৈ মুছা আৰু তেওঁৰ সংগীসকলে সেনাবাহিনীৰ পোছাক পিন্ধিছিল যাতে কাৰো সন্দেহ নহয়। আনহাতে জম্মু-কাশ্মীৰত পৰিৱেশ উত্তেজিত কৰিবলৈ পৰ্যটকক আক্ৰমণ কৰা হৈছিল।
লগতে পঢ়ক: কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ, পহলগাম আক্ৰমণকাৰীক ঘেৰাও নিৰাপত্তাৰক্ষীৰ
উপত্যকাত প্ৰথমবাৰৰ বাবে পৰ্যটকৰ ওপৰত সংঘটিত হৈছে এনে ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ। সূত্ৰসমূহে জনোৱা মতে, আইএছআইৰ সৈতে মুছাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে আৰু তেওঁলোকৰ নিৰ্দেশনাতেই তেওঁ লস্কৰ-ই-তৈবাত যোগদান কৰিছিল। ইয়াৰ পূৰ্বেও বহু সন্ত্ৰাসবাদী কাণ্ডৰ সৈতে জড়িত আছিল মুছা। গোপন অপাৰেচনৰ প্ৰশিক্ষণ আছে মুছাৰ। কোৱা হৈছে যে ভাৰতীয় সেনাৰ প্ৰথম প্ৰয়াস হৈছে মুছাক সমাধিস্থ কৰা।
পহলগামত এই আক্ৰমণ সংঘটিত কৰে মুনিৰে
ইফালে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ডাঙৰ দাবী উত্থাপন কৰিছে পাকিস্তানৰ জ্যেষ্ঠ সাংবাদিক আদিল ৰাজাই। আদিলৰ মতে, পহলগামত এই আক্ৰমণ মুনীৰৰ নিৰ্দেশত সংঘটিত হয়।আদিলে নিজৰ এটা পোষ্টত কৈছে যে মুনিৰে ৫ বছৰৰ কাৰ্যকাল বিচাৰে, যাৰ বাবে তেওঁ ভাৰতৰ বিৰুদ্ধে উত্তেজনাৰ সৃষ্টি কৰিছে। প্ৰকৃততে পহলগাম আক্ৰমণৰ তিনিদিন আগতে মুনিৰে ভাষণ দিছিল। এই ভাষণত মুনিৰে ভাৰতৰ বিৰুদ্ধে বিভিন্ন মন্তব্য প্ৰদান কৰিছিল। এই কাৰণেই পহলগামত সংঘটিত সন্ত্ৰাসবাদী কাণ্ডৰ বাবে মুনীৰক পোনপটীয়াকৈ জগৰীয়া কৰা হৈছে।