হাথৰছ কাণ্ড: ন্যায়িক তদন্তৰ প্ৰতিবেদনত ভোলে বাবাক ক্লিন চিট, পদপিষ্টৰ ঘটনাত মৃত্যু ১২১ জনৰ
ৰাজ্য চৰকাৰক দাখিল কৰা হৈছে হাথৰছ কাণ্ডৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন । এই ক্ষেত্ৰত ভোলে বাবাই লাভ কৰিছে ক্লিন চিট। কিন্তু এতিয়াও এই প্রতিবেদনৰ তথ্য ৰাজহুৱা কৰা নাই ৰাজ্য চৰকাৰে৷ নিজৰ প্ৰতিবেদনত আৰক্ষীৰ তদন্ত শুদ্ধ বুলি বিবেচনা কৰিছে আয়োগে।

ৰাজ্য চৰকাৰক হস্তান্তৰ কৰা হৈছে হাথৰছ কাণ্ডৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন। বাজেট দাখিলৰ পূৰ্বে অনুষ্ঠিত কেবিনেট বৈঠকত এই প্ৰতিবেদন দাখিল কৰা হৈছে। যাক সদনত দাখিল কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। সম্প্ৰতি ৰাজ্য চৰকাৰে প্ৰতিবেদনৰ তথ্য ৰাজহুৱা কৰা নাই যদিও সূত্ৰ অনুসৰি প্ৰতিবেদনত ভোলে বাবাক অভিযুক্তৰ হিচাপে উল্লেখ কৰা নাই।
ইফালে ন্যায়িক তদন্তৰ প্ৰতিবেদনত ক্লীন চিট লাভ কৰিছে ভোলে বাবাই। আয়োগে নিজৰ প্ৰতিবেদনত আৰক্ষীৰ তদন্ত শুদ্ধ বুলি বিবেচনা কৰিছে আৰু ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবেও বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে।
এই দুৰ্ঘটনাৰ আঁৰত আয়োগে ষড়যন্ত্ৰ থকাৰ প্ৰমাণ পাইছে নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ২০২৪ চনৰ ২ জুলাইত হাথৰছৰ চিকন্দ্ৰৰাও অঞ্চলৰ ফুলৰাই গাঁৱত ভোলে বাবা ওৰফে নাৰায়ণ সৰকাৰ হৰিৰ সৎসংগৰ পিছত হোৱা ভিৰৰ ফলত ১২১ জন লোকৰ মৃত্যু হৈছিল। এই সৎসংগলৈ আহিছিল হাজাৰ হাজাৰ মানুহ । তীব্ৰ গৰম আৰু আৰ্দ্ৰতাৰ বাবে সৎসংগত পদপিষ্টৰ ঘটনা সংঘটিত হয়।
তাৰ পাছত দুৰ্ঘটনাটোৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বৃজেশ কুমাৰ শ্ৰীবাস্তৱৰ অধ্যক্ষতাত ন্যায়িক তদন্ত আয়োগ গঠন কৰে। অৱসৰপ্ৰাপ্ত আই পি এছ ভৱেশ কুমাৰ সিং আৰু অৱসৰপ্ৰাপ্ত আই এ এছ হেমন্ত ৰাওক আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়।
হাথৰছৰ পদপিষ্টৰ ঘটনাত ১২১ জন লোকৰ মৃত্যুৰ পিছত নাৰায়ণ সকৰ হৰি ওৰফে ‘ভোলে বাবা’ই কৈছিল যে ঘটি যোৱা ঘটনাক কোনেও পিছুৱাই দিব পাৰে, যিয়ে আহিছে তেওঁ এদিন যাব লাগিব। এই ঘটনাৰ তদন্তৰ বাবে যোগী চৰকাৰে বিশেষ তদন্তকাৰী দল (SIT) আৰু ন্যায়িক আয়োগ গঠন কৰিছিল। পদপিষ্টৰ ঘটনা সন্দৰ্ভত পঞ্জীয়ন হোৱা গোচৰটোত অভিযুক্ত হিচাপে বাবাৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল।
এতিয়া ৰাজ্য চৰকাৰক দাখিল কৰা SITৰ প্ৰতিবেদনত স্থানীয় প্ৰশাসনৰ ফালৰ পৰা হোৱা ভুলৰ কথা আঙুলিয়াই দিয়া হৈছে। পদপিষ্টৰ ঘটনাৰ বাবে আয়োজকসকলক দোষী সাব্যস্ত কৰা লগতে ভিৰ নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল বুলি দাবী কৰা হৈছিল। ভোলে বাবা হিচাপে জনপ্ৰিয় বাবা বিশ্ব হৰিৰ সৎসংগৰ প্ৰতি মঙলবাৰে আয়োজন কৰা হৈছিল। বহু সংখ্যক ভক্তই এই অনুষ্ঠান অংশগ্ৰহণ কৰিবলৈ আহিছিল।