শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুৰুষৰ বিৰুদ্ধে বৈষম্যমূলক! উচ্চতম ন্যায়ালয়ত তিনি তালাক আইনৰ ওপৰত শুনানি আৰম্ভ…

তিনি তালাক আইনৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ। আবেদনকাৰীৰ মতে, আইনখন মুছলমান পুৰুষৰ বিৰুদ্ধে বৈষম্যমূলক আৰু ইয়াক বাতিল কৰা উচিত।

পুৰুষৰ বিৰুদ্ধে বৈষম্যমূলক! উচ্চতম ন্যায়ালয়ত তিনি তালাক আইনৰ ওপৰত শুনানি আৰম্ভ…
উচ্চতম ন্যায়ালয়Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 29 Jan 2025 19:24 PM

তিনি তালাক আইনক প্ৰত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ হৈছে। এই গোচৰৰ শুনানি গ্ৰহণ কৰিছে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে। আবেদনকাৰীসকলে এই আইনৰ অধীনত অপৰাধমূলককৰণৰ ব্যৱস্থাক প্ৰত্যাহ্বান জনাইছে। উল্লেখ কৰা প্ৰয়োজন যে, মুছলিম মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯ৰ অধীনত তিনি তালাক (triple talaq)ক শাস্তিযোগ্য অপৰাধ হিচাপে গন্য কৰিছে লগতে ইয়াৰ অধীনত ৩ বছৰ পৰ্যন্ত কাৰাবাস খটাৰ ব্যৱস্থা আছে। আবেদনকাৰীয়ে এই আইন খনক প্ৰত্যাহ্বান জনাই কৈছে যে আইনখন মুছলমান পুৰুষৰ বিৰুদ্ধে বৈষম্যমূলক আৰু ইয়াক বাতিল কৰা উচিত।

শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে যে তিনি তালাক আইন কাৰ্যকৰী হোৱাৰ পাছত বৰ্তমান সময়লৈকে কিমান গোচৰ ৰুজু হৈছে?  এই প্ৰশ্নত কেন্দ্ৰীয় চৰকাৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেলে উচ্চতম ন্যায়ালয়ত কয় যে শাস্তি প্ৰদান কৰা যিকোনো আইনী নীতিৰ এক অংশ। মহিলাৰ সৈতে জড়িত অন্যান্য আইনতো শাস্তিৰ ব্যৱস্থা আছে আৰু তিনি তালাকত মাত্ৰ ৩ বছৰৰ শাস্তিৰ ব্যৱস্থাহে কৰা হৈছে।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, এই আইনৰ অধীনত কেৱল বিবাহ বিচ্ছেদক অপৰাধ বুলি গন্য কৰা হৈছে। যাৰ বাবে এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ পাছতে ন্যায়ালয়ে দেশজুৰি পঞ্জীয়ন হোৱা গোচৰৰ তালিকা দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে। ইয়াৰোপৰি কোনো ৰাজ্যই এই আইনখনক প্ৰত্যাহ্বান জনাইছে নেকি বা আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো ৰাজ্যই সমস্যা পাইছে নেকি বুলি প্ৰশ্ন কৰে ন্যায়ালয়ে। লগতে ন্যায়ালায়ে স্পষ্ট কৰি দিয়ে যে দেশৰ প্ৰতিখন ৰাজ্যত তিনি তালাকৰ অধীনত পঞ্জীয়ন হোৱা গোচৰৰ তথ্য দাখিল কৰিব লাগে।

উল্লেখ্য যে, এই বিষয়টো কেৱল আইনগতভাৱে নহয়, সামাজিক আৰু ৰাজনৈতিকভাৱেও বিশেষ স্থান লাভ কৰি আহিছে। তিনি তালাক সন্দৰ্ভত আৰম্ভণিৰ পৰাই মুছলিম সমূদায়ৰ মাজত মতানৈক্য আছে। বহু মহিলাই এই আইনক সমৰ্থন কৰিলে কিছুমানে ইয়াক ইয়াক মুছলমান পুৰুষৰ মৌলিক অধিকাৰৰ বিৰুদ্ধে বুলি অভিহিত কৰিছে।  গতিকে এই সমগ্ৰ বিষয়টোত এতিয়া উচ্চতম ন্যায়ালয়ে বিতংভাৱে শুনানি গ্ৰহণ কৰিব। এই সমগ্ৰ ঘটনা পুনৰ সমাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হোৱাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত তিনি তালাত সন্দৰ্ভত আদালতে কি ৰায় প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।