Heavy Rain in Mumbai: 1 dead, 3 injured as portion of a building collapses Assam news - Assam Tv9

Heavy Rain in Mumbai: মুম্বাইত প্ৰচণ্ড বৰষুণ ! অট্টালিকাৰ এটা অংশ খহি মৃত্যু এগৰাকী মহিলাৰ, আহত তিনি

Heavy Rain in Mumbai: ধাৰাসাৰ বৰষুণৰ ফলত মুম্বাই মহানগৰীৰ এটা অট্টালিকাৰ এটা অংশ ভাঙি পৰা ফলত এগৰাকী মহিলাৰ মৃত্যু হয়। এই ঘটনাত আন তিনিজন লোক আহত হৈছে বুলি জানিব পৰা গৈছে । প্ৰকাশিত খবৰ অনুসৰি, শনিবাৰে পুৱা ভাগত গ্ৰাণ্ট ৰোড ৰে'লৱে ষ্টেচনৰ সমীপৰত সংঘটিত হয় এই ঘটনা ।

Heavy Rain in Mumbai: মুম্বাইত প্ৰচণ্ড বৰষুণ ! অট্টালিকাৰ এটা অংশ খহি মৃত্যু এগৰাকী মহিলাৰ, আহত তিনি

প্ৰচণ্ড বৰষুণত মুম্বাইত খহি পৰে অট্টালিকাৰ এটা অংশ

Published: 

20 Jul 2024 18:31 PM

প্ৰৱল বৰষুণৰ ফলত মুম্বাই চহৰৰ স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত হৈ পৰিছে । ইয়াৰ সমান্তৰালভাৱে ছহৰখনৰ বিভিন্ন ঠাইত প্ৰচণ্ড বৰষুণে বিংধ্বসী ৰূপ ধাৰণ কৰাৰো পৰিলক্ষিত হৈছে । শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি, ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ এটা অট্টালিকাৰ এটা অংশ ভাঙি পৰা ফলত এগৰাকী মহিলাৰ মৃত্যু হয়। এই ঘটনাত আন তিনিজন লোক আহত হৈছে বুলি জানিব পৰা গৈছে ।

প্ৰকাশিত খবৰ অনুসৰি, শনিবাৰে পুৱা ভাগত গ্ৰাণ্ট ৰোড ৰে’লৱে ষ্টেচনৰ সমীপৰত সংঘটিত হয় এই ঘটনা । অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সদৰী কৰা মতে, এই পৰ্যন্ত ১৩ গৰাকী লোকক উদ্ধাৰ কৰা হয় । উল্লেখ্য যে, যোৱা শুকুৰবাৰে প্ৰচণ্ড বতাহ-বৰষুণৰ ফলত মুম্বাইৰ বাছ আৰু ৰে’ল সেৱাত যথেষ্ট প্ৰভাৱ পৰে । ইয়াৰ লগতে প্ৰচণ্ড বৰষুণৰ ফলত কিছুমান পথ আৰু ৰে’লপথত পানী জমা হোৱাৰ ফলত ৰাজহুৱা পৰিবহণ ব্যৱস্থা বিঘ্নিত হয় ।

ইফালে, ভাৰত বতৰ বিজ্ঞান বিভাগৰ মুম্বাই কেন্দ্ৰই মহানগৰীত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। সমান্তৰালভাৱে আইএমডিয়ে ২০ জুলাইত তেলেংগানা, কৰ্ণাটক, গোৱা আৰু মহাৰাষ্ট্ৰত হোৱা প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে । ইয়াৰ বিপৰীতে ছত্তীশগড়, তামিলনাডু, উত্তৰাখণ্ড, তেলেংগানা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, কেৰালা, অন্ধ্ৰপ্ৰদেশৰ কিছু অঞ্চলৰ বাবে কমলা সতৰ্কবাণী জাৰি কৰিছে ।

উল্লেখ্য যে, প্ৰকাশিত খবৰ অনুসৰি, মুম্বাই আৰু উপকণ্ঠ অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত মুম্বাইৰ স্থানীয় ৰে’ল সেৱা কিছু ব্যাহত হৈছে । ৰে’ল সেৱা নিৰ্ধাৰিত সময়ত ১৫-২০ মিনিট পলম হৈছে বুলি জানিব পৰা গৈছে । ইফালে কিছু কিছু পথত পানী জমা হোৱাৰ ফলত যাত্ৰী সকলে যান-জঁটৰ সন্মুখীন হ’বলগীয়া হৈছে।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?