১৫ আগষ্টৰ পৰা নতুন নিয়ম! চাইকেল চলালেও পিন্ধিব লাগিব হেলমেট…
কেৱল বাইক নহয়, এতিয়াৰ পৰা চাইকেল চলালেও পিন্ধিব লাগিব হেলমেট। চাইকেল চলালে হোৱা দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে। কাইলৈৰ পৰা আৰম্ভ হ'ব এই নতুন নিয়ম।
সাৱধান! কেৱল বাইক নহয়, এতিয়াৰ পৰা চাইকেল চলালেও পিন্ধিব লাগিব হেলমেট। স্কুলীয়া ল’ৰা- ছোৱালীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। যাৰ বাবে এতিয়াৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে চাইকেল চলাই স্কুললৈ গ’লে হেলমেট পিন্ধিব লাগিব। প্ৰথমে ব্যক্তিগতখণ্ডৰ ছাত্ৰ- ছাত্ৰীসকলৰ পৰা এই অভিযানৰ আৰম্ভ কৰিব আৰু পৰৱৰ্তী সময়ত সমগ্ৰ চহৰত এই নিয়ম কাৰ্যকৰী কৰিব। অৱশ্যে এই নিয়ম অসমৰ বাবে নহয়। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ যান- বাহন আৰক্ষীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।
জানিব পৰা মতে মিৰ্জাপুৰ যান-বাহন আৰক্ষীয়ে এতিয়াৰ পৰা চাইকেলেৰে স্কুললৈ যোৱা শিশুৰ বাবে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰিবলৈ ওলাইছে। অৰ্থাৎ মিৰ্জাপুৰত চাইকেলেৰে স্কুললৈ যোৱা ছাত্ৰ- ছাত্ৰীসকলে হেলমেট পিন্ধিব লাগিব। প্ৰথমে এই অভিযান মিৰ্জাপুৰৰ দুখন ব্যক্তিগত বিদ্যালয়ত আৰম্ভ কৰিব। পৰৱৰ্তী সময়ত এই নিয়ম আন বিদ্যালয়তো কাৰ্যকৰী কৰিব।
আৰক্ষীৰ মতে এই অভিযানে শিশুসকলক দুৰ্ঘটনাত আঘাত পোৱাৰ পৰা ৰক্ষা কৰাই নহয়, যান-বাহন নিয়ম মানি চলাৰ ইচ্ছাও বৃদ্ধি কৰিব। যদি এনে ভাল অভ্যাস তেওঁলোকৰ মনত শৈশৱৰ পৰাই গঢ় লয় তেন্তে আগলৈ তেওঁলোকৰ বাবে হেলমেট পৰিধান কৰা সহজ হৈ পৰিব। বহু সময়ত দেখা যায় যে চাইকেলৰ বাবেও দুৰ্ঘটনা সংঘটিত হয় । গতিকে সকলো কথাৰ ওপৰত লক্ষ্য ৰাখি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৫ আগষ্টৰ পৰা এই অভিযান আৰম্ভ হ’ব মিৰ্জাপুৰত।
উল্লেখ্য যে,স্কুলৰ ড্ৰেছ কোডৰ দৰেই চাইকেলেৰে স্কুললৈ অহা প্ৰতিজন শিশুৱে হেলমেট পিন্ধিব লাগিব। এছ পি চিটিয়ে কয় যে বহু শিশুৱে স্কুললৈ আহিবলৈ ঘাইপথ পাৰ হৈ যায়, সেয়েহে তেওঁলোকৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই অভিযান আৰম্ভ কৰা হৈছে।