দেখাক দেখি উঠিল গা! বিজেপিৰ পিছত এইবাৰ খাদ্যৰ দোকানত নামফলকৰ চিন্তা কংগ্ৰেছ মন্ত্ৰীৰো | Himachal Pradesh Minister Vikramaditya Singh name plate controversy Congress Assam news - Assam Tv9

দেখাক দেখি উঠিল গা! বিজেপিৰ পিছত এইবাৰ খাদ্যৰ দোকানত নামফলকৰ চিন্তা কংগ্ৰেছ মন্ত্ৰীৰো

Published: 

28 Sep 2024 10:18 AM

হিমাচল প্ৰদেশৰ শাসকীয় কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী বিক্ৰমাদিত্য সিঙে দোকানৰ সমুখত দোকানী আৰু কৰ্মচাৰীৰ নামফলক লগোৱাৰ পক্ষত মত দিয়াৰ পিছতে সৃষ্টি হৈছে বিতৰ্কৰ। গ্ৰাহকে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে মালিকসকলে নিজৰ পৰিচয় প্ৰকাশ কৰাটো প্ৰয়োজনীয় বুলি তেওঁ মন্তব্য কৰিছিল। অৱশ্যে মন্ত্ৰীগৰাকীৰ এনে মতৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছ দলে।

দেখাক দেখি উঠিল গা! বিজেপিৰ পিছত এইবাৰ খাদ্যৰ দোকানত নামফলকৰ চিন্তা কংগ্ৰেছ মন্ত্ৰীৰো

বিক্ৰমাদিত্য সিঙৰ মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ কংগ্ৰেছৰ

Follow Us On

কিছুদিন পূৰ্বে বিজেপি শাসিত কেইখনমান ৰাজ্যৰ এক বিশেষ সিদ্ধান্তই দেশজুৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ। ৰাজনৈতিক মহলত এনে কাৰ্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিতৰ্কৰ। এই সিদ্ধান্ত অনুসৰি খাদ্যৰ দোকানৰ সমুখত দোকানী আৰু কৰ্মচাৰীসকলৰ নাম লিখিবলৈ নিৰ্দেশ দিয়া হৈছিল। প্ৰথমে উত্তৰ প্ৰদেশ আৰু তাৰ পিছত উত্তৰাখণ্ড আৰু মধ্য প্ৰদেশ চৰকাৰেও গ্ৰহণ কৰিছিল এই সিদ্ধান্ত। ইয়াৰ পিছতে এই কাৰ্যক কেন্দ্ৰ কৰি ৰাজনৈতিক বাদানুবাদৰ সূত্ৰপাত হৈছিল। এই কাৰ্যৰ বাবে বিজেপিক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লৈছিল কংগ্ৰেছসহ বিৰোধী দলসমূহে। এই বিষয়টোৰ ওপৰত পিছত উচ্চতম ন্যায়ালয়েও ৰায় দিবলগা হৈছিল।

এনে সিদ্ধান্তৰ বাবে সেই সময়ত বিজেপিক তীক্ষ্ণ আক্ৰমণ কৰিছিল কংৰেছে। পিছে এইবাৰ কংগ্ৰেছৰে এগৰাকী মন্ত্ৰীয়েও পথৰ কাষৰ দোকান, ধাবা, ৰেষ্টুৰেণ্টত নামফলক লগোৱাৰ ওপৰত জোৰ দিছে। হিমাচল প্ৰদেশৰ শাসকীয় কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী বিক্ৰমাদিত্য সিঙে দোকানৰ সমুখত দোকানী আৰু কৰ্মচাৰীৰ নামফলক লগোৱাৰ পক্ষত মত দিয়াৰ পিছতে সৃষ্টি হৈছে বিতৰ্কৰ।

বিক্ৰমাদিত্য সিঙে যোৱা ২৫ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ দৰে খাদ্যৰ দোকান আৰু ফাষ্ট ফুড কেন্দ্ৰত নামফলক স্থাপনৰ সমৰ্থন আগবঢ়ায়। গ্ৰাহকে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে মালিকসকলে নিজৰ পৰিচয় প্ৰকাশ কৰাটো প্ৰয়োজনীয় বুলি তেওঁ মন্তব্য কৰিছিল। অৱশ্যে মন্ত্ৰীগৰাকীৰ এনে মতৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছ দলে।

দলৰ নীতি-মতাদৰ্শৰ বিপৰীতে যিকোনো কাম কৰা বা কোনো সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যক ভুল বুলি কংগ্ৰেছে স্পষ্টকৈ সকীয়াই দিছে বিক্ৰমাদিত্যক। ইতিমধ্যে ৰাজ্য চৰকাৰেও এতিয়ালৈকে এনে কোনো সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ কয় যে কংগ্ৰেছে কোনো ধৰণে ঘৃণাৰ প্ৰসাৰত উদগনি যোগাব নিবিচাৰে। ইতিমধ্যে বিক্ৰমাদিত্যক দলৰ আদৰ্শ সম্পৰ্কে বুজাই দিয়া বুলিও জানিবলৈ দিয়ে বেণুগোপালে। তেওঁ লগতে কয় যে খাদ্যৰ দোকান আৰু ফাষ্ট ফুড চেণ্টাৰত নামফলক লগোৱাৰ বিষয়ত কংগ্ৰেছৰ নীতি আৰম্ভণিৰে পৰাই স্পষ্ট হৈ আহিছে, এনে পৰিস্থিতিত কোনো মন্ত্ৰী বা বিষয়াই দলৰ নীতি-মতাদৰ্শৰ বিৰুদ্ধে যাব নোৱাৰে।

“ৰাহুল গান্ধীয়ে ঘৃণাৰ বিৰুদ্ধে প্ৰেম বিয়পাবলৈ চেষ্টা কৰে আৰু আমিও ঘৃণা সৃষ্টি কৰা উচিত নহয়। আমি ঐক্যত বিশ্বাস কৰোঁ।“-  কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে লগতে কয়। ইফালে বিতৰ্কৰ মাজতে মন্ত্ৰী বিক্ৰমাদিত্যই দলৰ নীতিক সমৰ্থন কৰি সংবাদ মাধ্যমে তেওঁৰ মন্তব্য ভুলকৈ উপস্থাপন কৰিছে বুলি অভিযোগ কৰিছে।

নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
ঋণত ডুব গৈ আছে নেকি? বাস্তু শাস্ত্ৰৰ এই টিপচ গ্ৰহণ কৰি কৰক সমাধান
Exit mobile version