বৰদিনৰ দিনাই হিমাচলত তুষাৰপাত, আবদ্ধ ৮ বজাৰ পৰ্যটকক উদ্ধাৰ, বন্ধ কৰি দিয়া হৈছে ২২৩ টা পথ…

বতৰৰ পৰিস্থিতিয়ে হিমাচল প্ৰদেশৰ পৰ্যটন চহৰসমূহক পৰ্যটকৰ বাবে বৰদিন আৰু নৱবৰ্ষৰ ছুটী উপভোগ কৰিবলৈ নিখুঁত পৰ্যটন স্থান হিচাপে গঢ়ি তুলিছে। একে সময়তে অবিৰত তুষাৰপাত হয়তো পৰ্যটকৰ বাবে সুখেৰে ভৰা, কিন্তু ইয়াৰ ফলত ঘাইপথত দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি পাইছে।

বৰদিনৰ দিনাই হিমাচলত তুষাৰপাত, আবদ্ধ ৮ বজাৰ পৰ্যটকক উদ্ধাৰ, বন্ধ কৰি দিয়া হৈছে ২২৩ টা পথ...

হিমাচল প্ৰদেশত তুষাৰপাত

Updated On: 

25 Dec 2024 10:23 AM

বৰদিন উদযাপনৰ মাজতে তুষাৰপাতৰ ফলত হিমাচল প্ৰদেশৰ জনপ্ৰিয় পৰ্যটনস্থলীসমূহ বৰফেৰে আৱৰি ধৰিছে। ইয়াৰ লগতে বৃদ্ধি পাইছে পৰ্যটকৰ আগমন। বিশেষকৈ ইয়াৰ ফলত হিমাচলৰ শিমলা, কুল্লু, মানালী আদি চহৰত দীৰ্ঘসময় ধৰি যান-জঁটৰ সৃষ্টি হৈছে। কেৱল এয়াই নহয়, পৰিস্থিতি এনেকুৱা হৈ পৰে যে, কুল্লুৰ ধুণ্ডী আৰু মানালী-লেহ ঘাইপথৰ অটল সুৰংগৰ উত্তৰ আৰু দক্ষিণ গেটত প্ৰায় ১৫০০ বাহন বৰফত আবদ্ধ হৈ পৰে। এই বাহনসমূহ আঁতৰোৱাৰ বাবে এক বৃহৎ উদ্ধাৰ অভিযান চলোৱা হয়। ইফালে তুষাৰপাতৰ ফলত পথসমূহ বিপদজনক হৈ পৰিছে ।

মনালীৰ ডি এছ পি কে ডি শৰ্মাই কয়, ‘সোমবাৰে দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হোৱা উদ্ধাৰ অভিযান গোটেই নিশাটো অব্যাহত আছিল, য’ত আৰক্ষী জোৱানসকলে শূন্যৰ তলৰ উষ্ণতাত অক্লান্তভাৱে কাম কৰি মানুহৰ সুৰক্ষা নিশ্চিত কৰিছিল। পিছদিনা পুৱা ১০ বজাৰ ভিতৰত সকলো বাহন খালী কৰা হয় আৰু আবদ্ধ হৈ থকা ৮ হাজাৰ পৰ্যটকক উদ্ধাৰ কৰা হয়।’ প্ৰচণ্ড তুষাৰপাতৰ বাবে মানালী-লেহ ঘাইপথতো যান-বাহনৰ চলাচল প্ৰভাৱিত হৈছিল । যাৰ বাবে যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

হিমাচল প্ৰদেশৰ শিমলা আৰু মানালীৰ তাপমাত্ৰা শূন্যৰ পৰা কেইবা ডিগ্ৰী তললৈ গৈছে। বতৰৰ পৰিস্থিতিয়ে এই চহৰসমূহক পৰ্যটকৰ বাবে বৰদিন আৰু নৱবৰ্ষৰ ছুটী উপভোগ কৰিবলৈ নিখুঁত পৰ্যটন স্থান হিচাপে গঢ়ি তুলিছে। একে সময়তে অবিৰত তুষাৰপাত হয়তো পৰ্যটকৰ বাবে সুখেৰে ভৰা, কিন্তু ইয়াৰ ফলত ঘাইপথত দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি পাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হিমাচল প্ৰদেশত বাহন পিছলি যোৱাৰ ফলত সংঘটিত পৃথক পৃথক দুৰ্ঘটনাত চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে।

হিমাচল প্ৰদেশত তুষাৰপাতৰ বাবে তিনিটা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি কমেও ২২৩ টা পথ বন্ধ হৈ পৰিছে। মঙলবাৰে এই তথ্য প্ৰদান কৰে বিষয়াসকলে। আটাৰী আৰু লেহৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথ, কুল্লু জিলাৰ সাইঞ্জৰ পৰা আউতলৈ, কিন্নৌৰ জিলাৰ খাব সংগম আৰু লাহাউল-স্পিটি জিলাৰ গ্ৰামফুকে ধৰি প্ৰায় ২২৩টা পথ যাতায়তৰ বাবে বন্ধ কৰি দিয়া হৈছে।

কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?
খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?
খাদ্য গ্ৰহণৰ পাছত কৰক এই কাম, কেতিয়াও নাবাঢ়ে ওজন!