মই মৰিবলৈ প্ৰস্তুত, কিন্তু অসমৰ বিষয়ে অপশব্দ প্ৰয়োগ কৰিব নোৱাৰিমঃ মুখ্যমন্ত্ৰী

Arvind Kejriwal VS Himanta Biswa Sarma: হাৰিয়ানাই দিল্লীলৈ অহা পানীত বিহ মিলাই দিয়া বুলি অৰবিন্দ কেজৰিৱালে কৰা অভিযোগ নসাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মানসিক সন্তুলন নথকা লোকেহে এনে মন্তব্য কৰিব পাৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে।

মই মৰিবলৈ প্ৰস্তুত, কিন্তু অসমৰ বিষয়ে অপশব্দ প্ৰয়োগ কৰিব নোৱাৰিমঃ মুখ্যমন্ত্ৰী

দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন সভা

Updated On: 

30 Jan 2025 13:46 PM

দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন সভা। বিয়লি ৩ খনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ উপৰিও, আজি দিল্লীত বসবাস কৰা অসমীয়াৰ সৈতে মত বিনিময় কৰিব মুখ্যমন্ত্ৰীয়ে। দিল্লী বিধানসভাৰ পূৰ্বে এইদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে অসমৰ মুখ্য়মন্ত্ৰীয়ে।

ইফালে অৰৱিন্দ কেজৰিৱালে নিৰ্বাচন আয়োগক জনাইছিল যে, হাৰিয়ানাৰ পৰা দিল্লীলৈ অহা পানী মানৱ স্বাস্থ্যৰ বাবে অত্যন্ত বিষাক্ত।অৰবিন্দ কেজৰিৱালে যমুনাৰ পানী বিষাক্ত সন্দৰ্ভত ১৪ পৃষ্ঠাৰ এক প্ৰতিবেদনত কেজৰিৱালে কয় যে, দিল্লীত পানীৰ মানদণ্ডৰ ফলত বহুলোকৰ স্বাস্থ্যৰ ক্ষতি হৈছিল। তেওঁ এইটোও উল্লেখ কৰিছিল যে, হাৰিয়ানাৰ পৰা অহা পানী ইমানেই বিষাক্ত যে দিল্লীৰ শোধন প্ৰকল্পসমূহেও ইয়াক ব্যৱহাৰৰ উপযোগী কৰিবলৈ অক্ষম হৈছে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক প্ৰত্যুত্তৰ দিয়ে। মুখ্যমন্ত্ৰীয়ে ভাষণত কয়, “হাৰিয়ানাই দিল্লীলৈ অহা পানীত বিহ মিলাই দিয়া বুলি অৰবিন্দ কেজৰিৱালে কেনেকৈ ক’ব পাৰে? এয়া কি বিকৃতি ঘটিছে নেকি? যদি হাৰিয়ানাত ডাঙৰ ভাতৃ আছে, তেন্তে সৰু ভাতৃ আছে দিল্লীত।যিয়ে নিজৰ জন্মভূমিৰ বিষয়ে ইমান বেয়াকৈ ক’ব পাৰে, তেওঁৰ সন্মুখত আপোনাৰ মোৰ কি মূল্য এবাৰ ভাবক। মই মৰিবলৈ প্ৰস্তুত, কিন্তু নিজৰ জন্মভূমিক লৈ কেতিয়াও অপশব্দ প্ৰয়োগ কৰিব নোৱাৰিম।”

বুধবাৰৰ দিনটোত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “দিল্লীৰ পানী প্ৰধানমন্ত্ৰীয়ে নিজে খায়। আজি যমুনাৰ পানী অমিত শ্বাহে খায় নে নাখায়? হাৰিয়ানাত বিজেপি চৰকাৰ আছে আৰু বিজেপিৰে প্ৰধানমন্ত্ৰীয়ে খোৱা পানীত বিষ ঢালিব এনেকোৱা কথা কোনে ক’ব পাৰে? যাৰ মানসিক সন্তুলনৰ বিকৃতি ঘটিছে বা যিয়ে বহুত দিন তিহাৰ জে’লত থাকি আহিছে।”

সংবাদ মাধ্যমৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাই কয়, “ৰাহুল গান্ধী আৰু অৰবিন্দ কেজৰিৱাল দুয়োজনেই ভাৰতৰ বিৰুদ্ধে কথা কোৱা ব্যক্তি। এই দুয়োজনৰ এটাই চিন্তা, মোদী ডাঙৰীয়াৰ বদনাম হওক আৰু বাকী দেশৰ কথা নাই। এই দুয়োটা মগজু আচলতে গৱেষণাৰ বাবে পঠাব লাগে।”

দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল
প্ৰতিদিনে যদি দুটা বগৰী খাই, তেন্তে কি হয় জানেনে?