শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সাৱধান! এনে কাপোৰেৰে মন্দিৰত প্ৰৱেশ নকৰিব মহিলাইঃ হিন্দু সংগঠনৰ ফটোৱা জাৰি

আজিৰ পৰা নৱৰাত্ৰি উৎসৱ উদযাপন কৰিছে দেশৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে। নৱৰাত্ৰি উৎসৱৰ সময়ত মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত যুৱতী তথা মহিলাসকলৰ সাজ-পোছাকৰ ওপৰত ফটোৱা জাৰি কৰিছে এক হিন্দু সংগঠনে। মন্দিৰে মন্দিৰে পোষ্টাৰ আঁৰি সংগঠনটোৱে মহিলাৰ সাজ-পোছাকৰ ওপৰত কঠোৰ নিৰ্দেশনা দিছে।

সাৱধান! এনে কাপোৰেৰে মন্দিৰত প্ৰৱেশ নকৰিব মহিলাইঃ হিন্দু সংগঠনৰ ফটোৱা জাৰি
হিন্দু সংগঠনৰ ফটোৱা
monjit-dutta
Monjit Dutta | Updated On: 03 Oct 2024 17:24 PM

দেশজুৰি হিন্দু ধৰ্মাৱলম্বী লোকসকলে আজিৰ পৰা উদযাপন কৰিছে নৱৰাত্ৰি উৎসৱ। এই উৎসৱৰ সময়তে মহিলাসকলক উদ্দেশ্যি এক হিন্দু সংগঠনে জাৰি কৰিছে এক ফটোৱা। এই ফটোৱাৰ দ্বাৰা মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত মহিলাৰ সাজ-পোছাকৰ ওপৰত কঠোৰ নিৰ্দেশনা দিয়া হৈছে। নৱৰাত্ৰি উৎসৱৰ সময়ত মন্দিৰত পোছাক পৰিধান সন্দৰ্ভত চহৰৰ বহু স্থানত পোষ্টাৰ আঁৰিছে এই হিন্দু সংগঠনটোৱে। এই নিৰ্দেশনা অনুসৰি মহিলা তথা যুৱতীসকলক জিন্স, টি-চাৰ্ট, ফটা জিন্স, মডেল ড্ৰেছ, বাৰ্মুডা, নাইট ড্ৰেছ, মিনি স্কাৰ্ট, হাফ পেণ্ট আদি কাপোৰ পিন্ধি মন্দিৰত প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

এনে পোছাকসমূহৰ বিপৰীতে শাৰী বা ছালৱাৰ চুটৰ দৰে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। মধ্য প্ৰদেশৰ জবলপুৰত হিন্দু সেৱা পৰিষদ নামৰ এক হিন্দু সংগঠনে মন্দিৰত প্ৰৱেশৰ সময়ত মহিলাৰ সাজ-পোছাক সন্দৰ্ভত এই ফটোৱা জাৰি কৰিছে। সংগঠনটোৰ মতে, যুৱতী আৰু মহিলাসকলে অশ্লীল সাজ-পোছাক পৰিধান কৰি মন্দিৰত প্ৰৱেশ কৰিব নালাগে।

এই হিন্দু সেৱা পৰিষদৰ নীতিন সোণপালি নামৰ এগৰাকী নেতাই মন্দিৰৰ মৰ্যাদা ৰক্ষা আৰু ভাৰতীয় সংস্কৃতি সংৰক্ষণৰ বাবে এই আদেশ অতি প্ৰয়োজনীয় বুলি দাবী কৰে। এই নিয়ম যাতে পালন কৰা হয় তাৰ বাবে মন্দিৰৰ পুৰোহিতসকলকো তেওঁ আবেদন জনাইছে। হিন্দু সেৱা পৰিষদে দাবী কৰে যে ভাৰতীয় সনাতন সংস্কৃতি ৰক্ষাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

সংগঠনটোৰ মতে পশ্চিমীয়া সাজ-পোছাক ভাৰতীয় সংস্কৃতি ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ অংশ আৰু সংগঠনটোৱে ভাৰতীয় সংস্কৃতি ধ্বংস হোৱাটো নিবিচাৰো। লগতে হিন্দু সেৱা পৰিষদে সকীয়াই দিছে যে যদি কোনো মহিলা বা যুৱতী এনে কাপোৰ পিন্ধি দুৰ্গা মণ্ডপ বা মন্দিৰলৈ আহে, তেন্তে তেওঁলোকে ইয়াৰ মুকলি বিৰোধিতা কৰিব।

মৰ্যাদা ৰক্ষা আৰু ভাৰতীয় সংস্কৃতি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ দোহাই দি হিন্দু সেৱা পৰিষদে মহিলা আৰু যুৱতীসকলক জিন্স-টপ, টি-চাৰ্ট বা ফটা জিন্স, মডেল ড্ৰেছ, বাৰ্মুডা, নাইট ড্ৰেছ, মিনি স্কাৰ্ট, হাফ পেণ্ট আদি কাপোৰ পিন্ধি মন্দিৰত প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ দিছে। বিশেষকৈ মহিলাসকলক শাৰী আৰু ছালৱাৰ চুটৰ দৰে ‘আদৰ্শ পোছাক’ পিন্ধিবলৈ সংগঠনটোৰ পৰা নিৰ্দেশ দিয়া হৈছে।

হিন্দু সেৱা পৰিষদে মন্দিৰত লগোৱা এই পোষ্টাৰ সন্দৰ্ভত চহৰখনৰ যুৱতী তথা আৰু মহিলাসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। চহৰৰ এগৰাকী মহিলাৰ মতে ধৰ্মীয় স্থানত শিষ্টাচাৰ বজাই ৰখা উচিত আৰু পৰম্পৰাগত সাজ-পোছাক গ্ৰহণ কৰাটো সঠিক। একে সময়তে একাংশ মহিলাই এনে ফটোৱাক ব্যক্তিগত স্বাধীনতাৰ প্ৰতিবন্ধকতা হিচাপে অভিহিত কৰিছে।

এগৰাকী যুৱতীৰ মতে, ধৰ্মীয় স্থানত শালীনতাৰ পক্ষত থাকিলেও সাজ-পোছাকৰ সন্দৰ্ভত কঠোৰ নিয়ম অলপ অসঙ্গতিপূৰ্ণ। আন এগৰাকী মহিলাই কয় যে নাৰীৰ সাজ-পোছাকৰ সমান্তৰালকৈ মানুহে নিজৰ চিন্তাধাৰাও সলনি কৰাটো প্ৰয়োজন। এগৰাকী মহিলাই যিমানেই সাজ-পোছাক পিন্ধক কিয়, পুৰুষৰ চিন্তাধাৰা যদি সঠিক নহয় তেন্তে ইয়াৰ কোনো প্ৰভাৱ নাই বুলি তেওঁ মন্তব্য কৰে।