শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

HMPV নতুন ভাইৰাছ নহয়, এইলৈ চিন্তাৰ কাৰণ আছেনে ? কি ক’লে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে ?

ইতিমধ্যে ভাৰতৰ দুটি শিশুৰ দেহত এই HMPV ভাইৰাছ ধৰা পৰিছে । ICMR য়েও এই তথ্য নিশ্চিত কৰিছে । ইফালে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই সোমবাৰে কয় যে, 'এইটো কোনো নতুন ভাইৰাছ নহয়। ২০০১ চনত ইয়াক প্ৰথম চিনাক্ত কৰা হৈছিল।

HMPV নতুন ভাইৰাছ নহয়, এইলৈ চিন্তাৰ কাৰণ আছেনে ? কি ক’লে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে ?
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী
manas-borah
Manas Borah | Published: 06 Jan 2025 21:10 PM

চীনত বিয়পি পৰা হিউমেন মেটাপনিউমোভাইৰাছ (HMPV)ক উদ্বেগ বৃদ্ধি পাইছে ভাৰতত । ইতিমধ্যে ভাৰতৰ দুটি শিশুৰ দেহত এই ভাইৰাছ ধৰা পৰিছে । ICMR য়েও এই তথ্য নিশ্চিত কৰিছে । ইফালে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই সোমবাৰে কয় যে, ‘এইটো কোনো নতুন ভাইৰাছ নহয়। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এয়া কোনো নতুন ভাইৰাছ নহয়। ২০০১ চনত ইয়াক প্ৰথম চিনাক্ত কৰা হৈছিল। আমি এখন বৈঠক অনুষ্ঠিত কৰি এই বিষয়ত আলোচনা কৰিছো। পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে। ইয়াকলৈ কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই।’

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে,’সাধাৰণতে শীতকালত মানুহে এই ভাইৰাছত আক্ৰান্ত হয়। চীনত এইচএমপিভিৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়, আইচিএমআৰ আৰু নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’লে ইয়াক তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে। WHO এ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু ইয়াৰ প্ৰতিবেদন অতি সোনকালে আমাৰ সৈতে শ্বেয়াৰ কৰিব। ইয়াৰ পিছত প্ৰতিবেদন ৰাইজৰ সৈতে শ্বেয়াৰ কৰা হ’ব।’

তেওঁ আৰু কয় যে, আজি অনুষ্ঠিত হোৱা বৈঠকত ICMR আৰু IDSP ৰ দ্বাৰা উপলব্ধ শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছৰ তথ্যও পৰ্যালোচনা কৰা হৈছে আৰু ভাৰতত কোনো সাধাৰণ শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছৰ ৰোগ সৃষ্টিকাৰী জীৱাণুৰ বৃদ্ধি হোৱা দেখা পোৱা নাই। পৰিস্থিতি পুনৰীক্ষণৰ বাবে যোৱা ৪ জানুৱাৰীত স্বাস্থ্য সেৱা সঞ্চালক প্ৰধানৰ অধ্যক্ষতাত যৌথ নিৰীক্ষণ গোটৰ বৈঠক অনুষ্ঠিত হয়।

পিটিআইৰ প্ৰতিবেদন অনুসৰি, এই ভাইৰাছে বিশেষকৈ কেঁচুৱা, বৃদ্ধ আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকৰ ক্ষেত্ৰত শ্বাস-প্ৰশ্বাসজনিত সৰু সৰু সমস্যাৰ পৰা আৰম্ভ কৰি গুৰুতৰ জটিলতালৈকে ৰোগ সৃষ্টি কৰে বুলি জনা যায়। ইয়াক সমগ্ৰ বিশ্বতে পোৱা যায় আৰু নাতিশীতোষ্ণ অঞ্চলত শীতকালৰ শেষৰ ফালে আৰু বসন্তৰ আৰম্ভণিতে এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পায় । কিছুমান অঞ্চলত এই ভাইৰাছৰ সংক্ৰমণ বছৰজুৰি দেখা যায়।

এইচ এম পি ভিৰ লক্ষণসমূহৰ ক্ষেত্ৰত ব্যক্তিজনৰ বয়স, সাধাৰণ স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ভিন্নতা থাকে। এই ভাইৰাছত আক্ৰান্ত হ’লে সাধাৰণতে চৰ্দি, ডিঙিৰ বিষ, কাহ আৰু জ্বৰ আদি হোৱা দেখা যায়। সাধাৰণতে শীতকালতো একেই হয়।

Latest News