চীনত বৃদ্ধি পাইছে HMPV ৰ প্ৰাদুৰ্ভাৱ, ভাৰততো সংক্ৰমণৰ আশংকা, পৰামৰ্শ জাৰি কৰিলে কেন্দ্ৰই…

চীন HMPV ভাইৰাছ অতি দ্ৰুতগতিত বিয়পি আছে। ইয়াক কৰ'নাতকৈও অধিক বিপজ্জনক বুলি কোৱা হৈছে। ইয়াৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত চীনৰ বহু ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

চীনত বৃদ্ধি পাইছে HMPV ৰ প্ৰাদুৰ্ভাৱ, ভাৰততো সংক্ৰমণৰ আশংকা, পৰামৰ্শ জাৰি কৰিলে কেন্দ্ৰই...

প্ৰতীকী ফটো

Updated On: 

05 Jan 2025 09:20 AM

চীনত বৃদ্ধি পাইছে মানৱ মেটানিউমোভাইৰাছ (HMPV)ৰ প্ৰাদুৰ্ভাৱ। খবৰ অনুসৰি, দেশখনত এই ভাইৰাছ অতি দ্ৰুতগতিত বিয়পি আছে। ইয়াক কৰ’নাতকৈও অধিক বিপজ্জনক বুলি কোৱা হৈছে। ইয়াৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত চীনৰ বহু ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। ভাৰত চৰকাৰো এই ভাইৰাছক লৈ সজাগ হৈ পৰিছে। HMPV ভাইৰাছ সন্দৰ্ভত চৰকাৰে এক পৰামৰ্শ জাৰি কৰিছে।

শ্বাস-প্ৰশ্বাসজনিত লক্ষণ আৰু ইনফ্লুৱেঞ্জা ৰোগীক তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে। নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । ইয়াৰ উপৰিও ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাক (WHO) শেহতীয়া আপডেটসমূহ শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনাইছে । লগতে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে সম্পূৰ্ণ সাজু বুলি জানিবলৈ দিছে ।

ইয়াৰ বাহিৰেও ভাৰত চৰকাৰে কয় যে, এই ভাইৰাছৰ সংক্ৰমণৰ কোনো অস্বাভাৱিক বৃদ্ধি এতিয়ালৈকে হোৱা নাই। HMPV ৰোগী পৰীক্ষা কৰা লেবৰ সংখ্যা বৃদ্ধি কৰা হ’ব ।  ICMR য়ে গোটেই বছৰটোত HMPV ভাইৰাছৰ ধাৰা নিৰীক্ষণ কৰিব। উল্লেখ্য যে, কৰ’নাৰ পিছত চীনত HMPV ভাইৰাছত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে। চীনৰ চিকিৎসালয়সমূহ এই ভাইৰাছত আক্ৰান্ত ৰোগীৰে ভৰি আছে বুলি খবৰ প্ৰকাশ পাইছে । এইলৈ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে সংস্পৰ্শত আছে ভাৰত। ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়েও এই ভাইৰাছৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ ডাঃ অনিল গোৱালে কয় যে, HMPV এক প্ৰকাৰে স্বাভাৱিক ক’ভিড ভাইৰাছৰ দৰে বা আমি ক’ব পাৰো যে HMPV নিউমোনিয়াৰ দৰে ভাইৰাছ বা ফ্লুৰ দৰে ভাইৰাছ। ইয়াৰ লক্ষণ ডিঙিৰ বিষৰ লগতে পানীলগা, কাহ আৰু জ্বৰ হোৱাৰ লক্ষণে দেখা দিব পাৰে। এই ভাইৰাছ শিশুৰ দেহত বিশেষভাৱে পোৱা গৈছে । বিশেষকৈ ৫ বছৰীয়া শিশু বা যুৱক-যুৱতীৰ দেহত এই ভাইৰাছ পোৱা গৈছে।

এই ভাইৰাছৰ সংক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাটো অতি প্ৰয়োজন । লগতে পৰিষ্কাৰ কৰি হাত ধুব লাগে আৰু চৰ্দি, জ্বৰ হৈ থকা লোকৰ পৰা আঁতৰি থাকিব লাগে ।

ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে