দেশত প্ৰথমগৰাকী HMPVত আক্ৰান্ত ৰোগীৰ মৃত্যু, ৬ দিন আগতে ধৰা পৰিছিল সংক্ৰমণ
চীনত দ্ৰুতগতিত বিয়পি পৰা এই ভাইৰাছটোৱে ভাৰততো শিপা বিয়পোৱা আৰম্ভ কৰিছে। এতিয়ালৈকে ভাৰতত এই ভাইৰাছৰ বহুতো ঘটনা পোহৰলৈ আহিছে। ইয়াৰ মাজতে HMPVত সংক্ৰমিত এগৰাকী মহিলাৰ মৃত্যু হয়। কেইদিনমান আগতে মহিলাগৰাকীৰ দেহত ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল।
ক’ভিডৰ পিছত এতিয়া হিউমেন মেটাপ্নিউমো ভাইৰাছে (HMPV) বৃদ্ধি কৰিছে মানুহৰ সমস্যা। চীনত দ্ৰুতগতিত বিয়পি পৰা এই ভাইৰাছটোৱে ভাৰততো শিপা বিয়পোৱা আৰম্ভ কৰিছে। এতিয়ালৈকে ভাৰতত এই ভাইৰাছৰ বহুতো ঘটনা পোহৰলৈ আহিছে। ইয়াৰ মাজতে HMPVত সংক্ৰমিত এগৰাকী মহিলাৰ মৃত্যু হয়। কেইদিনমান আগতে মহিলাগৰাকীৰ দেহত ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল। তাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
এই ঘটনা উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ। মহিলাগৰাকীৰ HMPVৰ প্ৰথম পৰীক্ষা চৰক ডায়গনষ্টিকছত কৰোৱা হৈছিল। য’ত তেওঁক যি HMPV পজিটিভ বুলি পোৱা গৈছিল। তাৰ পিছত মহিলাগৰাকীক বলৰামপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বলৰামপুৰ চিকিৎসালয়ৰ পৰা মহিলাগৰাকীৰ পৰীক্ষাৰ নমুনা কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিলৈ (কেজিএমইউ) প্ৰেৰণ কৰা হৈছিল। তাত পৰীক্ষাৰ প্ৰথম প্ৰতিবেদন ৰিপৰ্ট পজিটিভ আহিছিল।
তাৰ পাছত ২৪ ঘণ্টাৰ ভিতৰত নমুনাটো দ্বিতীয়বাৰৰ বাবে প্ৰেৰণ কৰা হৈছিল। য’ত HMPV নিগেটিভ আহিছিল। কিন্তু চিকিৎসাধীন অৱস্থাতে বৃদ্ধা মহিলা আশা শৰ্মাৰ মৃত্যু হয়। চিকিৎসকৰ মতে, বৃদ্ধাগৰাকী পালমোনাৰী যক্ষ্মা ৰোগত আক্ৰান্ত আছিল। তথ্য অনুসৰি,মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ সময়ত নিশা ১.৩০ বজাত ICU লৈ স্থানান্তৰ কৰা হৈছিল।
এই সন্দৰ্ভত লক্ষ্ণৌৰ বলৰামপুৰ চিকিৎসালয়ৰ ডাঃ এ কে গুপ্তাই জনোৱা অনুসৰি, মহিলাগৰাকীক বলৰামপুৰ চিকিৎসালয়ৰ ১১ নম্বৰৰ আইচ’লেচন ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল। ইফালে, সোমবাৰে আৰু মঙলবাৰে নিশা প্ৰায় ১.৩০ বজাত মহিলাগৰাকীৰ অৱস্থা অতি সংকটজনক হোৱাত আইচিইউ ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছিল। মঙলবাৰে পুৱা প্ৰায় ১১ বজাত তেওঁৰ মৃত্যু হয়। চিকিৎসকৰ মতে, বৃদ্ধ মহিলাগৰাকী যক্ষ্মা ৰোগত আক্ৰান্ত আছিল। ইয়াৰ উপৰিও তেওঁৰ চুগাৰ, বিপি আৰু বৃক্ক সম্পৰ্কীয় সমস্যাও আছিল। তেওঁক বৃক্কৰ ডায়েলাইচিছতো ৰখা হৈছিল। তেওঁক আইচ’লেচন ৱাৰ্ডৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা কৰা হৈছিল, কিন্তু নিৰন্তৰে অৱনতি হৈ আছিল তেওঁৰ অৱস্থা।