5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জম্মু-কাশ্মীৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে অমিত শ্বাহৰ হুংকাৰ, কাকো ৰেহাই দিয়া নহ’ব

জম্মু-কাশ্মীৰৰ গাণ্ডাৰবল জিলাৰ সোণামাৰ্গ অঞ্চলত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ হুংকাৰ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ এই আক্ৰমণক গৰিহণা দি এনে জঘন্য কাণ্ডৰ লগত জড়িতসকলক ৰেহাই দিয়া নহ’ব তথা নিৰাপত্তাৰক্ষীৰ তীব্ৰ প্ৰত্যাক্ৰমণৰ সন্মুখীন হ’ব লাগিব বুলি স্পষ্ট কৰি দিছে।

জম্মু-কাশ্মীৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে অমিত শ্বাহৰ হুংকাৰ, কাকো ৰেহাই দিয়া নহ’ব
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে অমিত শ্বাহৰ হুংকাৰ
monjit-dutta
Monjit Dutta | Published: 21 Oct 2024 08:39 AM

দেওবাৰে নিশা জম্মু-কাশ্মীৰৰ গাণ্ডাৰবল জিলাৰ সোণামাৰ্গ অঞ্চলত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰি তুলিলে সমগ্ৰ দেশ। সন্ত্ৰাসবাদীৰ এই ভায়ানক আক্ৰমণত এজন চিকিৎসকৰ লগতে ৫জন প্ৰব্ৰজিত শ্ৰমিকসহ মুঠ ৭ জন লোক নিহত হয়। লগতে আহত হয় ৫ জন। এই ভয়ংকৰ আক্ৰমণৰ পিছতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ হুংকাৰ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই আক্ৰমণক গৰিহণা দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এনে জঘন্য কাণ্ডৰ লগত জড়িতসকলক ৰেহাই দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে।

লগতে এই আক্ৰমণৰ পিছত সন্ত্ৰাসবাদীসকল নিৰাপত্তাৰক্ষীৰ তীব্ৰ প্ৰত্যাক্ৰমণৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিয়ে শ্বাহে। এক টুইট যোগে এই আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰি অমিত শ্বাহে লিখিছে, “জম্মু-কাশ্মীৰৰ গগনগীৰত সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ এক ঘৃণনীয় কাপুৰুষালি। এই জঘন্য কাণ্ডৰ লগত জড়িতসকলক ৰেহাই দিয়া নহ’ব আৰু তেওঁলোক আমাৰ নিৰাপত্তা বাহিনীৰ তীব্ৰ প্ৰত্যাক্ৰমণৰ সন্মুখীন হ’ব লাগিব।”

গৃ্হমন্ত্ৰী অমিত শ্বাহে লগতে এই আক্ৰমণত নিহত লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। লগতে আক্ৰমণত আহত চিকিৎসাধীন লোকসকল আশু আৰোগ্য কামনা কৰে কেন্দ্ৰীয় গৃ্হমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহৰ লগতে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহায়ো এই আক্ৰমণত জড়িত সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহ’ব বুলি বুলি হুংকাৰ দিছে।

 

উপ-ৰাজ্যপাল মনোজ সিনহাই এক টুইট যোগে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি আক্ৰমণত জড়িত সন্ত্ৰাসবাদীৰ ওপৰত প্ৰত্যাক্ৰমণৰ বাবে জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু নিৰাপত্তা বাহিনীক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে বুলি সদৰী কৰে। সমান্তৰালকৈ তেওঁ লগতে আক্ৰমণত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জনাই আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও জম্মু-কাশ্মীৰৰ নিৰীহ শ্ৰমিকৰ ওপৰত সংঘটিত হোৱা ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। ইফালে উপত্যকাটোৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই আক্ৰমণত নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। তেওঁৰ মতে, আক্ৰমণস্থলীত স্থানীয় আৰু প্ৰব্ৰজিত বহু শ্ৰমিক আছে আৰু সেয়ে গগনগীৰ আক্ৰমণত নিহত লোকৰ সংখ্যা চূড়ান্ত নহয়।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰায়ো জম্মু-কাশ্মীৰত সংঘটিত এই সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰা আৰু জনসাধাৰণৰ মাজত হিংসা আৰু সন্ত্ৰাস বিয়পোৱাটো মানৱতাৰ বিৰুদ্ধে অপৰাধ বুলি উল্লেখ কৰি আক্ৰমণক গৰিহণা জনায় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে দেওবাৰে নিশা জম্মু-কাশ্মীৰৰ গাণ্ডাৰবল জিলাৰ সোণামাৰ্গ অঞ্চলত সংঘটিত হৈছিল এই সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত দুজন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসকজনৰ লগতে আন পাঁচজন শ্ৰমিকে কিছু সময় পিছত প্ৰাণ হেৰুৱাইছিল। ঘটনাত নিহত লোকসকলক গুৰদাসপুৰ পঞ্জাৱৰ বাসিন্দা গুৰমীত সিং, বুডগামৰ বাসিন্দা ডাঃ শ্বাহনৱাজ, অনিল কুমাৰ শুক্লা, ফহীম নাজিৰ, শশী আব্ৰোল, মহম্মদ হানিফ আৰু কালিম বুলি চিনাক্ত পৰা গৈছে।

ইফালে আক্ৰমণত আহত লোকসকলক উপ জিলা চিকিৎসালয় আৰু শ্ৰীনগৰস্থিত SKIMS চিকিৎসালয়লৈ লগে লগে প্ৰেৰণ কৰা হয়। সম্প্ৰতি চিকিৎসাধীন অৱস্থা আছে আহত এই লোকসকল। গাণ্ডাৰবলৰ গুণ্ডত চলি থকা সুৰংগ প্ৰকল্পত কাম কৰা শ্ৰমিক আৰু অন্যান্য কৰ্মচাৰীসকল নিশা নিজ শিবিৰলৈ উভতি অহাৰ সময়তে অচিনাক্ত সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰে বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

এই ভয়ংকৰ আক্ৰমণৰ তথ্য লাভ কৰাৰ লগে লগে জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ লগতে নিৰাপত্তাৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। সম্প্ৰতি এই ঘটনাৰ আঁৰত থকা সন্ত্ৰাসবাদীৰ সন্ধানত অঞ্চলটোত ব্যাপক তালাচী অভিযানত নামি পৰিছে নিৰাপত্তা বাহিনী।

Latest News