২০২৬ চনৰ ভিতৰত ভাৰতক নক্সালবাদীৰ পৰা মুক্ত কৰা হ’ব : অমিত শ্বাহ

অমিত শ্বাহৰ সভাপতিত্বত সোমবাৰে বাওঁপন্থী উগ্ৰবাদ (LWE)ৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ নিৰাপত্তা আৰু উন্নয়নৰ দিশসমূহ পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, দেশৰ উন্নয়ন আৰু শান্তিৰ আটাইতকৈ ডাঙৰ শত্ৰু নক্সালবাদ। তেওঁলোক মানৱ অধিকাৰৰ আটাইতকৈ ডাঙৰ উলংঘাকাৰী । লগতে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত নক্সালবাদ নিৰ্মূল কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে দেশৰ গৃহমন্ত্ৰী গৰাকীয়ে ।

২০২৬ চনৰ ভিতৰত ভাৰতক নক্সালবাদীৰ পৰা মুক্ত কৰা হ’ব : অমিত শ্বাহ

গৃহমন্ত্ৰী অমিত শ্বাহ

Published: 

07 Oct 2024 20:52 PM

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত সোমবাৰে বাওঁপন্থী উগ্ৰবাদ (LWE)ৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ নিৰাপত্তা আৰু উন্নয়নৰ দিশসমূহ পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত গৃহমন্ত্ৰী গৰাকীয়ে কয় যে,দেশৰ উন্নয়ন আৰু শান্তিৰ আটাইতকৈ ডাঙৰ শত্ৰু নক্সালবাদ। তেওঁলোক মানৱ অধিকাৰৰ আটাইতকৈ ডাঙৰ উলংঘাকাৰী । ইয়াৰ ফলত অগণন মানুহৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে । লগতে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত নক্সালবাদ নিৰ্মূল কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে দেশৰ গৃহমন্ত্ৰী গৰাকীয়ে ।

ইয়াৰ লগতে গৃহমন্ত্ৰী গৰাকীয়ে কয় যে,যদি উন্নয়ন দেশৰ শেষৰ জন ব্যক্তিলৈকে হ’ব লাগে তেন্তে নক্সালবাদীক নিৰ্মূল কৰাটো অতি প্ৰয়োজন। ইয়াৰ বাবে নক্সালবাদৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহত অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব । লগতে তেওঁ দাবী কৰে যে, ৩০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে নক্সালবাদীৰ কাৰ্যকলাপত নিহত হোৱা লোকৰ সংখ্যা ১০০ জনতকৈও কম।

অমিত শ্বাহে কয় যে, বাওঁপন্থী উগ্ৰবাদৰ বিৰুদ্ধে যুঁজখন এতিয়া অন্তিম পৰ্যায়ত আছে। তেওঁ স্পষ্ট কৰি দিছে যে, ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দশক পুৰণি সমস্যাৰ পৰা স্বাধীনতা লাভ কৰিব ভাৰতে। মনকৰিবলগীয়া যে, নক্সালপন্থীৰ ৮৫ শতাংশ কেডাৰ শক্তি ছত্তীশগড়ত আছে বুলিও দাবী কৰিছে দেশৰ গৃহমন্ত্ৰী গৰাকীয়ে । তেওঁ তথ্য প্ৰকাশ কৰিছে যে, ছত্তীশগড়ত জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে ১৯৪ জন নক্সালবাদী নিহত হৈছে, ৮০১ জনে অস্ত্ৰ ত্যাগ কৰিছে আৰু ৭৪২ জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে।

উল্লেখ্য যে, নক্সালবাদীসকলক অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহিবলৈ পুনৰ আহ্বান জনাইছে গৃহমন্ত্ৰী অমিত শ্বাহে । সমান্তৰালভাৱে নক্সালবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্যসমূহত ৰাজ্যিক আৰক্ষী আৰু যুটীয়া টাস্ক ফ’ৰ্চ গঠন কৰাৰ কথাও জানিবলৈ দিছে গৃহমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, হেলিকপ্টাৰ নিয়োগ কৰাৰ ফলত সৈন্যৰ মাজত হতাহতৰ সংখ্যা হ্ৰাস পাইছে। পূৰ্বে বাহিনীৰ সেৱাৰ বাবে মাত্ৰ দুখন হেলিকপ্টাৰ নিয়োগ কৰা হৈছিল যদিও এতিয়া, ১২খন হেলিকপ্টাৰ নিয়োগ কৰা হৈছে ।

ইফালে গৃহমন্ত্ৰী গৰাকীয়ে,ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীক অভিনন্দন জনাই কয় যে, ছত্তীশগড়ত আগষ্টৰ পৰা এতিয়ালৈকে প্ৰায় ১৯৪ জন নক্সালবাদীক হত্যা কৰা হৈছে। এতিয়াও নক্সালবাদৰ সৈতে জড়িত যুৱক-যুৱতীসকলক হিংসা ত্যাগ কৰি মূলসুঁতিলৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে। নিৰাপত্তা সম্পৰ্কীয় ব্যয় (SRE) আঁচনিৰ বাজেট প্ৰায় ৩ গুণ বৃদ্ধি কৰা কথাও সদৰী কৰিছে গৃহমন্ত্ৰী গৰাকীয়ে ।

আজি নতুন দিল্লীত নক্সালবাদৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতে গৃহমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। মনকৰিবলগীয়া যে, নক্সাল প্ৰভাৱিত ৰাজ্যসমূহৰ ভিতৰত আছে- ছত্তীশগড়, ওড়িশা, তেলেংগানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, বিহাৰ, অন্ধ্ৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ।

পুনৰ শচীনৰ ৰেকৰ্ড ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত নতুন অভিলেখ বিৰাট কোহলীৰ
আই পি এল ইতিহাসৰ দামী খেলুৱৈ হ’ল পণ্ট, এইকেইগৰাকী খেলুৱৈৰো উদয় হল ভাগ্য
অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?