ৰাজপথৰ কাষত শুই থকা শ্ৰমিকৰ ওপৰেৰে উঠি গ’ল তীব্ৰবেগী বাহন, এতিয়ালৈকে হোৱা নাই মৃতকৰ চিনাক্ত
এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শ্ৰমিকে। জানিব পৰা মতে নিশা ৰাজপথত শুই থকা শ্ৰমিকসকলৰ ওপৰৰে উঠি যায় তীব্ৰবেগী বাহন। যাৰ ফলত ঘটনাস্থলীত শ্ৰমিকৰ মৃত্যু হয়।

এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা ৰাজপথৰ ডিভাইডাৰত শুই থকা শ্ৰমিকক মহতিয়াই লৈ যায় এখন তীব্ৰবেগী বাহনে। যাৰ ফলত ঘটনাস্থলীতে ২ জন শ্ৰমিকৰ মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ হাসংগঞ্জত। জানিব পৰা মতে, এখন টাটা ছুমো ডিভাইডাৰত শুই থকা শ্ৰমিকসকলৰ ওপৰেৰে উঠি যায়, যাৰ ফলত ঘটনাস্থলীত শ্ৰমিক দুজনৰ মৃত্যু হয়। এই ঘটনাৰ পাছতে প্ৰথম অৱস্থাত শ্ৰমিককেইজনক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসালয়ত ২ জন শ্ৰমিকক মৃত ঘোষণা কৰে চিকিৎসকে। ইয়াৰোপৰি ঘটনাস্থলীত আহত আন ২ শ্ৰমিকৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে।
এই ঘটনা সংঘটিত হৈছে নদৱা কলেজ ৰোডত। ঘটনাৰ বিৱৰণী অনুসৰি, হনুমান সেতুৰ পৰা তীব্ৰ বেগত এখন ছুমো আহি আছিল আৰু সেই সময়ত পথৰ ডিভাইডাৰত শুই আছিল শ্ৰমিককেইজন। তেতিয়াই তীব্ৰবেগী ছুমোখনে নিয়ন্ত্ৰণ হেৰুৱাই শ্ৰমিককেইজনৰ ওপৰেৰে উঠি যায়। এই ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ছুমো চালক আৰু ইয়াকে লৈ ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
ঘটনাৰ পাছতে ৰাস্তাৰে গৈ থকা লোকসকলে ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আটাইকেইজনকে কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটি (কেজেএমইউ)ৰ ট্ৰমা চেণ্টাৰত ভৰ্তি কৰায়। কিন্তু ইয়াৰে ২জন শ্ৰমিকক মৃত ঘোষণা কৰে চিকিৎসকে, ইয়াৰ বিপৰীতে ২জনৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে।
ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছ আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তথ্য লাভ কৰিবলৈ ওচৰৰ চিচিটিভি কেমেৰা পৰীক্ষা কৰি কেনেদৰে দুৰ্ঘটনা সংঘটিত হয় সেই বিষয়ে জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। ইয়াৰ বিপৰীতে পলাতক চালকজনক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
লগতে ঘটনাস্থলতী প্ৰাণ হেৰুওৱা শ্ৰমিকসকলৰ চিনাক্ত কৰিবলৈ চেষ্টা কৰা হৈছে যদিও এতিয়ালৈকে চিনাক্ত হোৱা নাই। আৰক্ষীয়ে জনোৱা মতে ঘটনাৰ সময়ত গাড়ীখন তীব্ৰবেগত আছিল আৰু নিয়ন্ত্ৰণ হেৰুৱাই শ্ৰমিকসকলৰ খুন্দিয়ায়। এই ঘটনাই সমগ্ৰ অঞ্চলটো জোকাৰি যায়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ অব্যাহত আছে তদন্ত। তদন্তৰ অন্তত অধিক তথ্য় পোহৰলৈ অহাৰ সম্ভাৱনা আছে।