চাঞ্চল্যকৰ কাণ্ডঃ ৰে’লৰ ভিতৰত যাত্ৰীৰ ওপৰত পৰিল গৰম চাহ, দুই যাত্ৰীৰ মৃত্যু
মধ্যপ্ৰদেশৰ সাগৰ জিলাত এখন চলন্ত ৰে’লত এগৰাকী চাহ বিক্ৰেতাৰ বাচনৰ পৰা ডবাটোত বহি থকা যাত্ৰীৰ ওপৰত ছিটিকি পৰে। ইয়াৰ পিছতে ডবাটোত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দুজন লোক ডবাটোৰ পৰা জপিয়াই পৰে আৰু ইয়াৰ ফলত দুয়োজন লোকৰ মৃত্যু হয়।
মধ্যপ্ৰদেশৰ সাগৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এখন চলন্ত ৰে’লৰ এটা জেলেৰেল ডবাত যাত্ৰীৰ ওপৰত গৰম চাহ পৰাৰ পিছতে সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিক কেন্দ্ৰ কৰি প্ৰাণ হেৰুৱাইছে দুজন যাত্ৰীয়ে। নিহত দুয়োজন যাত্ৰীৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৰে’ল আৰক্ষীয়ে। নিহত যাত্ৰীকেইজনৰ ভিতৰত এজনক গোৰখপুৰৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। আনহাতে দ্বিতীয়জন ব্যক্তিৰ মৃতদেহ এইপৰ্যন্ত চিনাক্ত কৰিব পৰা নাই বুলি জানিব পৰা গৈছে। ৰে’লৰ ভিতৰত চাহ বিক্ৰী কৰা বিক্ৰেতাগৰাকীৰ অৱহেলাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
ৰে’লৱে আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে সাগৰ ষ্টেচন আৰু বিনা ষ্টেচনৰ মাজভাগতে জেনেৰেল ডবাত এগৰাকী চাহ বিক্ৰেতাৰ হাতৰ পৰা ডবাটোৰ একাংশ যাত্ৰীৰ ওপৰত গৰম চাহ ছিটিকি পৰে। এনে পৰিস্থিতিত ডবাটোত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। ডবাটোত উদ্ভৱ হোৱা এনে পৰিস্থিতিৰ ফলত আতংকিত হৈ পৰে ডবাটোৰ দুৱাৰৰ মুখত বহি থকা দুজন যাত্ৰী।
আতংকিত এই যাত্ৰী দুজনে ভয়তে ডবাটোৰ পৰা জপিয়াই দিয়ে। এনে পৰিস্থিতিত দুয়োজন যাত্ৰী গুৰুতৰভাৱে আহত হয় আৰু এই আঘাতৰ ফলত দুয়োজন যাত্ৰীৰ মৃত্যু হয়। ইফালে গৰম চাহ ছিটিকি পৰাৰ ফলত তিনিজন যাত্ৰীও আহত হৈছে। আহত লোককেইজনক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি ৰে‘লৱে আৰক্ষীয়ে লগতে প্ৰকাশ কৰিছে।
ইফালে ডবাটোত থকা যাত্ৰীসকলে চাহ বিক্ৰেতাজনক কৰায়ত্ব কৰি ৰে’লৱে আৰক্ষীৰ হাতত গতাই দিয়ে। ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চাহ বিক্ৰেতাজন ডাবৰাৰ বাসিন্দা। চাহ বিক্ৰী কৰাৰ উদ্দেশ্যে তেওঁৰ ঝান্সীৰ পৰা ৰে’লখনত উঠিছিল। শ্লীপাৰ ডবাত চাহ বিক্ৰী কৰি তেওঁ জেনেৰেল কম্পাৰ্টমেণ্টত উপস্থিত হয় আৰু চাহ দিবলৈ বাচনটো খোলাৰ সময়তে হঠাতে ঢাকনিখন খোল খায় পৰে।
লগে লগে বাচনটোৰ পৰা গৰম চাহ ডবাটোত বহি থকা তিনিজন যাত্ৰীৰ ওপৰত পৰে আৰু এই ঘটনাক কেন্দ্ৰ কৰি ডবাটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এনে ঘটনাত ভীতিগ্ৰস্ত হৈয়েই যাত্ৰী দুজনে ৰে’লখনৰ পৰা জপিয়াই পৰিছিল। নিহত এজন ব্যক্তিৰ নাম যশৱন্ত বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে তেওঁ যিজন গোৰখপুৰৰ পৰা ৰে’লত উঠিছিল আৰু পুনে অভিমুখে যাত্ৰা কৰিছিল।
আনহাতে দ্বিতীয়জন ব্যক্তিক এইপৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই আৰু চিনাক্তকৰণৰ প্ৰচেষ্টা চলি আছে বুলি জানিবলৈ দিছে ৰে’লৱে আৰক্ষীয়ে। নিহত ব্যক্তিজনৰ বয়স ২৫-৩০ বছৰৰ ভিতৰত বুলি আৰক্ষীয়ে সদৰী কৰিছে। আনহাতে ধৃত চাহ বিক্ৰেতাজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে।