শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মহাকাশৰ পৰা কেনে দেখা যায় ভাৰতক? পিতৃ ভূমিলৈ আহি কাক লগ কৰিব বিছাৰে সুনীতা উইলিয়ামছে? ক’লে সকলো…

৯ মাহৰ অন্তত পৃথিৱীলৈ উভতি আহিছে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ। উভতি আহি মহাকাশৰ পৰা ভাৰতৰ দৰ্শনীয় দৃশ্যৰ বিষয়ে ক’লে সুনীতাই । বিশেষকৈ হিমালয়ৰ বহু প্ৰশংসা কৰিছে সুনীতা উইলিয়ামছ। তেওঁ আগন্তুক ভাৰত ভ্ৰমণৰ কথা ঘোষণা কৰি ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ প্ৰশংসা কৰে। তেওঁ গগনযান মিছনৰ সদস্য গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাকো লগ পোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

মহাকাশৰ পৰা কেনে দেখা যায় ভাৰতক? পিতৃ ভূমিলৈ আহি কাক লগ কৰিব বিছাৰে সুনীতা উইলিয়ামছে? ক’লে সকলো…
সুনীতা উইলিয়ামছ
trishna-kalita
Trishna Kalita | Published: 02 Apr 2025 11:25 AM

৮ দিনৰ যাত্ৰাচ গৈ ৯ মাহ ধৰি মহাকাশত আৱদ্ধ হৈ থকাৰ পাছত সুকলমে পৃথিৱীলৈ উভতি আহিছিল ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ । আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা নাছাৰ মহাকাশচাৰী তথা ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছে ২৮৬ দিনৰ অন্তত ১৯ মাৰ্চত পৃথিৱীলৈ উভতি আহে।  ঘূৰি অহাৰ পিছৰে পৰা ৰিকভাৰী মোডত আছে মহাকাশচাৰীসকল। ইয়াৰ মাজতে মঙলবাৰে দুয়োগৰাকী মহাকাশচাৰীয়ে প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত আহি তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিয়ে। সুনীতা উইলিয়ামছে কয় যে, তেওঁ পৃথিৱীলৈ ঘূৰি আহি ভাল লাগিছে।

মহাকাশৰ পৰা ভাৰত কেনেকুৱা দেখা যায়? আৰু ইয়াৰ অভিজ্ঞতা কেনেকুৱা?  সংবাদ মাধ্যমৰ এই প্ৰশ্নৰ উত্তৰ দি সুনীতা উইলিয়ামছে কয়, “ভাৰত এখন সুন্দৰ দেশ। দিনে-নিশাই ভাৰতক দেখাটো আছিল এক অবিশ্বাস্য অভিজ্ঞতা।”

মহাকাশৰ পৰা ভাৰতক দেখা অভিজ্ঞতা কেনেকুৱা?

সুনীতাই উত্তৰত কয় , “মহাকাশৰ পৰা ভাৰতক দেখাটো অদ্ভুত। আমি প্ৰতিবাৰেই হিমালয়ৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সময়ত বুচে হিমালয়ৰ অবিশ্বাস্য আৰু দৰ্শনীয় ফটো তুলিছিল। মহাকাশৰ পৰা হিমালয়ৰ দৃশ্য চমৎকাৰী। তাৰ পৰা চালে এনে লাগিছিল যেন ঢৌ উঠিছে আৰু ভাৰতত তলৰ দিশে বৈ আছে। ইমান উচ্চতাৰ পৰা ভাৰতক চালে ভাৰতৰ বহু ৰং দেখা পাব।”

 অতি সোনকালে ভাৰতলৈ আহিব সুনীতা

ইয়াৰ উপৰিও শীঘ্ৰে ভাৰত ভ্ৰমণ কৰিব বুলি উল্লেখ কৰে সুনীতা উইলিয়ামছে। সংবাদ মাধ্যমৰ প্ৰশ্নত সুনীতাই কয়, “মই নিশ্চিতভাৱে পিতৃৰ দেশ ভাৰতলৈ যাম। তেওঁ এক্সিয়াম অভিযানত ভাৰতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে।”

কাক লগ কৰিব বিচাৰিছে সুনীতাই?

সুনীতা উইলিয়ামছে ভাৰতৰ মহাকাশ কাৰ্যসূচীকো প্ৰশংসা কৰি কয় যে, গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক লগ পাবলৈ তেওঁ আগ্ৰহী, যিয়ে গগণযান অভিযানৰ অংশ আৰু অতি সোনকালে আন এটা ব্যক্তিগত মহাকাশ কাৰ্যসূচী – এক্সিয়াম-৪ত মহাকাশলৈ উৰা মাৰিব।