National Anthem of India: প্ৰথমে কোনে, ক’ত গাইছিল ‘জন গন মন’? কেনেকৈ হ’ল জাতীয় সংগীত, জানক সকলো…
১৯৪৭ চনত নিউয়ৰ্কত সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ এক বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত ভাৰতৰ প্ৰতিনিধি দলক ৰাষ্ট্ৰীয় সংগীতৰ ৰেকৰ্ড বিচাৰে। তেতিয়া তেওঁলোকে UNGA "জন গন মন"ৰ ৰেকৰ্ডিং দিয়ে।
ন’বেল বঁটা বিজয়ী ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দ্বাৰা ৰচিত ”জন গন মন” ভাৰতৰ জাতীয় সংগীত। আজিৰ পৰা প্ৰায় ১১৩ বছৰ পূৰ্বে অৰ্থাৎ ১৯১১ চনৰ ২৭ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দ্বাৰা ৰচিত জন গন মন গোৱা হৈছিল।ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধিবেশনত এই গীতটো গাইছিল ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু তেওঁৰ ভাগিনীয়েক সৰলাই। তেতিয়ালৈকে “জন গন মন”ক ৰাষ্ট্ৰীয় সংগীত হিচাপে ঘোষণা কৰা হোৱা নাছিল। ১৯০৫ চন মানত এই গীতটো বঙালী ভাষাত লিখিছিল ৰবীন্দ্ৰ নাথ ঠাকুৰে।
ক’ৰ পৰা লোৱা হৈছিল
১৯৫০ চনৰ ২৪ জানুৱাৰীতহে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দ্বাৰা ৰচিত “জন গন মন”ক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে ঘোষণা কৰা হয়। “জন গন মন” বঙালী ভজন “ভৰতো ভাগ্য বিধাতা”ৰ প্ৰথম স্তৱক। ১৯১৯ চনত অন্ধ্ৰপ্ৰদেশৰ বেছান্ট থিয়ছফিকেল কলেজত ৰবীন্দ্ৰ নাথ ঠাকুৰে এই গীতটো নিজেই গাইছিল। তাৰ পাছত গীতটি কলেজ প্ৰশাসনে পুৱাৰ প্ৰাৰ্থনাত অন্তৰ্ভুক্ত কৰে। পাছত সুভাষ চন্দ্ৰ বসুৰ আহ্বান মপ্মে আবিদ আলিয়ে এই গীতটি হিন্দী আৰু উৰ্দুলৈ অনুবাদ কৰে। পৰৱৰ্তী সময়ত ইয়াক ইংৰাজীলৈ অনুবাদ কৰা হয় আৰু ইয়াক হিন্দ সেনৰা ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়। ভাৰত স্বাধীন হোৱাৰ পাছত ১৯৫০ চনৰ ২৪ জানুৱাৰীত সংবিধান সভাই জন গন মনক ৰাষ্ট্ৰীয় সংগীত হিচাপে ঘোষণা কৰিছিল।
কেনেকৈ হ’ল জাতীয় সংগীত
স্বাধীনতাৰ নিশা প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু তেতিয়া সেই সভাত “জন গন মন” গোৱা হৈছিল। “জন গন মন”ত জাতীয় সংগীত ৰূপে ঘোষণা কৰাৰ প্ৰস্তাৱ ৰাখিছিল সুভাষ চন্দ্ৰ বসুয়ে।১৯৪৭ চনত নিউয়ৰ্কত সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ এক বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত ভাৰতৰ প্ৰতিনিধি দলক ৰাষ্ট্ৰীয় সংগীতৰ ৰেকৰ্ড বিচাৰে। তেতিয়া তেওঁলোকে UNGA “জন গন মন”ৰ ৰেকৰ্ডিং দিয়ে।
এই সন্দৰ্ভত পাছত এক পত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৱে কৈছিল যে সমগ্ৰ বিশ্বৰ প্ৰতিনিধিৰ সন্মুখত অৰ্কেষ্ট্ৰাত “জন গন মন” গোৱা হৈছিল, আৰু সকলোৱে অত্যন্ত ভাল পাইছিল। অৱশ্যে তেতিয়া ইয়াত ৰাষ্ট্ৰীয় সংগীত হিচাপে ঘোষণা কৰা হোৱা নাছিল। বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে এই সুৰটোৰ স্বাতন্ত্ৰ্য আৰু আভিজাত্যত মুগ্ধ হৈ ইয়াৰ স্বৰলিপি বিচাৰিছিল। পৰৱৰ্তীকালত “গায়নযোগ্যতা” বা “singability”ৰ কাৰণে “বন্দে মাতৰম্”ৰ সলনি “জন-গণ-মন”কেই ভাৰতৰ জাতীয় সংগীত কৰাৰ পক্ষে বিশেষজ্ঞসকলে মত পোষণ কৰে। ভাৰতৰ মুছলমান সমাজেও এই গীতটো গ্ৰহণ কৰিছিল। অৱশ্যে বিতৰ্কতো সোমাইছিল এই ৰাষ্ট্ৰীয় সংগীতটো।
অৱশেষত ১৯৫০ চনৰ ২৪ জানুৱাৰীত যেতিয়া ভাৰতৰ সংবিধানত স্বাক্ষৰ কৰিবলৈ বিধানসভা বহিছিল তেতিয়া দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে আনুষ্ঠানিকভাৱে ‘জন গণ মান’ক জাতীয় সংগীত আৰু ‘বন্দে মাতৰম’ক জাতীয় গীত হিচাপে ঘোষণা কৰে।
জাতীয় সংগীত গোৱাৰ নিয়ম
জাতীয় সংগীত “জন গন মন” গোৱাৰ বাবে ৫২ ছেকেণ্ড সময় নিৰ্ধাৰণ কৰা আছে। ইয়াক ৪৯ ৰ পৰা ৫২ ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে। সংক্ষেপত গালে ইয়াত ২০ ছেকেণ্ডত গাই শেষ কৰিব লাগে। তেতিয়া ইয়াৰ প্ৰথম আৰু শেষ পংক্তি গোৱা হয়। জাতীয় সংগীত গোৱাৰ সময়ত সকলোৱে দিয়া হোৱাতো এক কৰ্তব্য। জাতীয় সংগীতৰ বিষয়ে ভাৰতীয় সেনাবাহিনীৰ কিছু নিৰ্দেশনা আছে।
অসমীয়া অৰ্থ
জনঃ মানুহ
গনঃ সমূহ
মনঃ মগজু
অধিনায়কঃ নেতা
জয় হে- জয়
ভাৰতঃ ভাৰত
ভাগ্যঃ ভাগ্য
বিধাতাঃ সৃষ্টিকৰ্তা
পঞ্জাৱঃ পঞ্জাৱ
সিন্ধু ঃ সিন্ধু
গুজৰাটঃ গুজৰাট
মাৰাঠাঃ মাৰাঠা (মহাৰাষ্ট্ৰ)
দ্ৰাবিনাঃ দক্ষিণ
উৎকালঃ উৰিষ্যা
বংগঃবংগ
বিন্ধ্যাঃ বিন্ধ্যাচল
হিমাচলঃ হিমালয়
যমুনাঃ যমুনা
গংগাঃ গংগা
উচ্ছলঃ গতিশীল
জলধিঃসাগৰ
তৰংগঃ তৰংগ
তবঃতেতিয়া
শুভঃ মংগল
নামঃনাম
জাগেঃ জাগৃত
তবঃ তেতিয়া
শুভঃ মংগল
আশীষঃ আশীৰ্বাদ
মাংগেঃ বিচৰা
গাহেঃ গান গোৱা
তবঃ তেতিয়া
জয়ঃ জয়
গাথাঃ গীত
জনঃমানুহ
গনঃসমূহ
মংগলঃ সৌভাগ্য
দয়াকঃদাতা
জয় হেঃ জীত
ভাৰতঃ হিন্দুস্তান
ভাগ্যঃ ভাগ্য
বিধাতাঃ সৃষ্টিকৰ্তা
জয় হে, জয় হে, জয় হে, জয় জয় জয় হে