Mahatma Gandhi: গান্ধীয়ে কিমানবাৰ অসমলৈ আহিছিল? কিয় অসমবাসীক খুজিছিল ক্ষমা…
Mahatma gandhi assam visit: কাইলৈ সমগ্ৰ দেশত পালন কৰা হ'ব গান্ধী জয়ন্তী। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কেইবাবাৰো অসমলৈ আহিছিল। কিন্তু এবাৰ ভ্ৰমণৰ সময়ত তেওঁ অসমীয়া মানুহৰ আগত ক্ষমা বিচাৰিছিল
কাইলৈ ২ অক্টোবৰ। এই দিনটোত সমগ্ৰ দেশত পালন কৰা হ’ব গান্ধী জয়ন্তী। ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্ম হৈছিল মহাত্মা গান্ধীৰ। এই মহান ব্যক্তিগৰাকীক স্মৰণ আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য এই দিৱস পালন কৰা হয়। মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০০৭ চনৰ ১২ জুনত ২ অক্টোবৰত আন্তজাৰ্তিক অংহিসা দিৱস হিচাপে ঘোষণা কৰিছিল। ‘জাতিৰ পিতা’ক স্মৰণ কৰি দেশে বছৰ বছৰ ধৰি এই দিৱস পালন কৰি আহিছে।
জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকীৰ এই সময়চোৱাত তেওঁৰ বিষয়ে কিছুমান বিশেষ কথা জনাৰ চেষ্টা কৰিব পাৰি। মহাত্মা গান্ধীৰ আন্দোলন, অহিংসা নীতি, অসহযোগ আদিৰ বিষয়ে বিভিন্ন তথ্য আছে। কিন্তু এইগৰাকী ব্যক্তিৰ অসম ভ্ৰমণক লৈ বিশেষ কোনো চৰ্চা হোৱা দেখা নাযায়। কিন্তু জাতিৰ পিতা মহাত্মা গান্ধীয়ে এবাৰ, দুবাৰ নহয়, ৪ বাৰকৈ অসমলৈ আহিছিল।
প্ৰথম ভ্ৰমণ
পোন প্ৰথমবাৰৰ বাবে তেওঁ ১৯২১ চনত অসমলৈ আহিছিল। ব্ৰহ্মপুত্ৰৰ পাৰত নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকনে ধৰি কেইবাজনো বিশিষ্ট অসমীয়াই গান্ধীক উষ্ম আদৰণি জনাইছিল। এই সময়চোৱাত গান্ধীত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাহিত্যৰ সৈতে চিনাকী কৰাই দিয়া হৈছিল। গান্ধীৰ এই অসম ভ্ৰমণৰ কথা কৃষ্ণা দাসৰ কিতাপ Seven Months with Mahatma Gandhi: Being an Inside View of the Indian Non Co-operation Movement of 1921-22 (১৯২৮ ত প্ৰকাশিত) ত উল্লেখ আছে।
এই সময়চোৱাত গান্ধীয়ে দুদিন ধৰি আগশাৰীৰ কংগ্ৰেছী নেতা, প্ৰথম অসমীয়া বেৰিষ্টাৰ, স্বাধীনতা সংগ্ৰামী তথা চিকাৰী তৰুণ ৰাম ফুকনৰ ঘৰত আছিল। এদিন সন্ধিয়া গান্ধীয়ে প্ৰায় ২৫ হাজাৰ মানুহৰ সন্মুখত ভাষণ দিছিল। গান্ধীয়ে হিন্দীত দিয়া এই ভাষণৰ অনুবাদ কৰিছিল ফুকনে। ভাষণৰ শেষত গান্ধীয়ে জনতাক কৈছিল যে তেওঁলোকে পৰিধান কৰা বিদেশী কাপোৰত জুই লগাই পেলাই দিব লাগে। তাৰ পাছতেই গান্ধীয়ে একুৰা জুই জ্বলাইছিল আৰু তেতিয়া উন্মাদ জনতাই তাত সকলো কাপোৰ পুৰি পেলাইছিল। দাসে কিতাপত উল্লেখ কৰিছিল যে- ”তেওঁৰ কলমে উন্মাদ জনতাৰ অনুভৱ ব্যক্ত কৰাত বিফল”।
দ্বিতীয় দিনাও গান্ধীয়ে ভাষণ দিছিল। সেইদিনা তেওঁ অসমবাসীক ক্ষমা বিচাৰিছিল কিয়নো তেওঁ অসমীয়াক বৰ্বৰ আৰু জংঘলী বুলি কৈছিল। অসমৰ ভ্ৰমণৰ বহু বছৰ পূৰ্বে অৰ্থাৎ ১৯০৯ চনত গান্ধীয়ে তেওঁৰ এখন কিতাপত অসমীয়াক জংঘলী আৰু বৰ্বৰ জনজাতি বুলি অভিহিত কৰিছিল। যাৰ বাবে গান্ধীয়ে ৰাজহুৱাকৈ ক্ষমা বিচাৰিছিল।
ইয়াৰ পাছত গান্ধীয়ে কেইবাখন চহৰ ভ্ৰমণ কৰিছিল। পাহাৰীয়া পথেৰে তেওঁ শিলচৰলৈ ৰে’ল যাত্ৰা কৰিছিল। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহ্য, ব্ৰহ্মপুত্ৰ আদিয়ে মন মুহিছিল গান্ধীৰ। শিলচৰলৈ ভ্ৰমণৰ সময়চোৱাত অসমৰ সৌন্দৰ্য দেখি গান্ধী আপ্লুত হৈ পৰিছিল। অসমৰ প্ৰাকৃতিক সৌন্দৰ্যই মহাত্মা গান্ধীৰ সম্পাদক মহাদেৱ দেশাইক কবিতা লিখিবলৈ অনুপ্ৰাণিত কৰিছিল। অসমীয়া শিপিনীৰ দক্ষতাই গান্ধীৰ অন্তৰ চুইছিল। অসমৰ চাহ বাগিচা দেখি অভিভূত হৈ পৰিছিল গান্ধী। এই চাহ বাগিচাৰ একাংশ কৰ্মচাৰীয়ে গান্ধীৰ চিন্তাধাৰাত অনুপ্ৰাণিত হৈছিল, মনে মনে গান্ধীৰ ভাষণ শুনিছিল।
অন্য ভ্ৰমণ
ইয়াৰ পাছতে গান্ধীয়ে ১৯২৬, ১৯৩৪ আৰু ১৯৪৬ ত অতি কম সময়ৰ বাবে অসমলৈ আহিছিল। এই সময়চোৱাত তেওঁ সাংগঠনিক কামত অসমলৈ আহিছিল। ১৯৪৬ চনত গান্ধীয়ে অসমৰ ঘৰুৱা ৰাজনৈতিক অস্থিতিৰতা চম্ভালিব লগা হৈছিল। অসমে নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ নিশ্চিত নাছিল। যেতিয়া বিভিন্ন সমস্যাই অসমৰ ৰাজনীতিত সমস্যৰ সৃষ্টি কৰিছিল তেতিয়া গান্ধীয়ে অসমক অটল হৈ থাকিবলৈ আহ্বান জনাইছিল।
গান্ধীৰ অসম ভ্ৰমণ সম্পৰ্কে অমিয় কুমাৰ দাস আৰু লীলাধৰ বৰুৱাৰ সংকলন Mahatma in Assam নামৰ গ্ৰন্থখনত সবিস্তাৰে উল্লেখ আছে। যদিও ১৯২১ চনত গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল তাৰ পূৰ্বে অসমীয়াই তেওঁক আঁকোৱালি লৈছিল। তেওঁৰ আহ্বানতে হাজাৰ হাজাৰ অসমীয়া আন্দোলনত জঁপিয়াই পৰিছিল।
গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ একাংশ চাহ বাগানৰ কৰ্মচাৰীয়ে চাহ বাগান ত্যাগ কৰিছিল। চাহ শ্ৰমিকসকল ইমানেই উগ্ৰ হৈ পৰিছিল যে এয়া ইউৰোপীয় চাহ বাগিচাৰ মালিক সকলৰ বাবে সমস্যা হৈ পৰিছিল। এই ক্ষোভতে এজন মালিকে গান্ধীলৈ চিঠিও প্ৰেৰণ কৰিছিল। এই চিঠিৰ উত্তৰত গান্ধীয়ে কৈছিল যে তেওঁ এজন সাধাৰণ “দয়ালু পশুপালক”। কিন্তু চাহ বাগানৰ মালিকৰ ষড়যন্ত্ৰই সদায় “শ্ৰমিকসকলক দাস” হিচাপে ৰখাৰ বাহিৰে একো কৰা নাই।
এবাৰ অসমৰ গোপীনাথ বৰদলৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে পূৱ বংগৰ পৰা শেহতীয়া বসতিপ্ৰধান লোকসকলক উচ্ছেদ কৰিছিলি। সেই উচ্ছেদত পূৰ্ণ সমৰ্থন আছিল মহাত্মা গান্ধীৰ। ইয়াৰ পাছতে ১৯৪৭ চনৰ, ২২ জানুৱাৰীত উত্তৰ- পশ্চিম সীমান্তৰ এক প্ৰাৰ্থনা সভাত এই বেদখলকাৰীসকলকলৈ গান্ধীক প্ৰশ্ন সোধা হৈছিল। হিন্দু- মুছলিমৰ একতাত গুৰুত্ব দি সোধা সেয়া আছিল এটা কৌশলী প্ৰশ্ন। কিন্তু ইয়াৰ উত্তৰত গান্ধীয়ে কৈছিল যে- “চৰকাৰৰ মাটিত বেদখল মানি ল’ব নোৱাৰি”। তেওঁ কৈছিল-” অসম চৰকাৰে যদি সঁচাকৈ বৈধ নাগৰিকক বেদখল কৰিলহেতেন তেন্তে ই মানৱতাৰ বিৰুদ্ধে অপৰাধ হ’লহেতেন”। গতিকে অসমৰ লগত গান্ধীৰ সম্পৰ্ত অতি নিবিড়…