5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

টেম্পুত ওলাল ১৩৮ কোটি টকাৰ সোণঃ হতভম্ব আৰক্ষী, তদন্তত নামিল আয়কৰ বিভাগ

আৰক্ষীৰ এক অভিযানত এখন টেম্পুৰ পৰা উদ্ধাৰ হৈছে বিষাল পৰিমাণৰ সোণ। জব্দকৃত সোণখিনিৰ মূল্য হ’ব প্ৰায় ১৩৮ কোটি টকা। এখন টেম্পুত এই বিপুল পৰিমাণৰ সোণ উদ্ধাৰ হোৱাৰ পিছতে হতভম্ব হৈ পৰিছে আৰক্ষীও। আৰক্ষীয়ে লগে লগে এই বিষয়ে অৱগত কৰে আয়কৰ বিভাগক আৰু এতিয়া আয়কৰ বিভাগ নামি পৰিছে এই বিষয়ৰ তদন্তত।

টেম্পুত ওলাল ১৩৮ কোটি টকাৰ সোণঃ হতভম্ব আৰক্ষী, তদন্তত নামিল আয়কৰ বিভাগ
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 25 Oct 2024 21:03 PM

এখন টেম্পুত ওলাইছে বৃ্হৎ পৰিমাণৰ সোণ। আৰক্ষীৰ অভিযানত টেম্পুৰ পৰা উদ্ধাৰ হৈছে এই সোণখিনি। লগে লগে আৰক্ষীয়ে সোণখিনি জব্দ কৰিছে। জব্দকৃত সোণখিনিৰ মূল্য হ’ব প্ৰায় ১৩৮ কোটি টকা। এখন টেম্পুত এই বিপুল পৰিমাণৰ সোণ উদ্ধাৰ হোৱাৰ পিছতে হতভম্ব হৈ পৰিছে আৰক্ষীও। আৰক্ষীয়ে লগে লগে এই বিষয়ে অৱগত কৰে আয়কৰ বিভাগক আৰু এতিয়া আয়কৰ বিভাগ নামি পৰিছে এই বিষয়ৰ তদন্তত। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত।

পুনে আৰক্ষীয়ে আজি এখন টেম্পুৰ পৰা উদ্ধাৰ কৰিছে ১৩৮ কোটি টকাৰ সোণ। সহকাৰ নগৰ আৰক্ষী থানা এলেকাত তালাচীৰ সময়ত আৰক্ষীয়ে তালাচীৰ বাবে এখন টেম্পু ৰখাইছিল আৰু এই তালাচীতে টেম্পুখনৰ পৰা এই বৃ্হৎ পৰিমাণৰ সোণ উদ্ধাৰ হয়। কিন্তু এই সোণখিনিৰ গৰাকী কোন আৰু কি উদ্দেশ্যে সোণখিনি লৈ যোৱা হৈছিল সেই সন্দৰ্ভত কোনো তথ্য বা নথি-পত্ৰ দিব পৰা নাই টেম্পুখনৰ মালিকে।

এই সন্দৰ্ভত আৰক্ষীয়ে লগে লগে আয়কৰ বিভাগকো অৱগত কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এগৰাকী ব্যক্তি্যে টেম্পুৰ মালিকজনক এই সোণখিনি যোগান ধৰাৰ দায়িত্ব দিছিল। উক্ত ব্যক্তিজনক সোধা-পোছাৰ বাবে মাতি অনা হৈছে বুলি আৰক্ষীয়ে লগতে সদৰী কৰে। আয়কৰ বিভাগে এই ক্ষেত্ৰত তদন্ত কৰি অধিক পদক্ষেপ গ্ৰহণ কৰিব বুলি আৰক্ষীয়ে লগতে কয়।

সোণখিনি অবৈধভাৱে বা আইনগতভাৱে পৰিবহণ কৰা হৈছিল সেয়া আয়কৰ বিভাগৰ তদন্ততহে পোহৰলৈ আহিব। কিন্তু এইখন টেম্পুত এইদৰে বিপুল পৰিমাণৰ সোণ সৰবৰাহৰ বিষয়টো সহজভাৱে ল’ব পৰা নাই আৰক্ষীয়ে। বিশেষকৈ ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে এই বিষয়ত অধিক সন্দেহ প্ৰকাশ কৰিছে।

লক্ষণীয়ভাৱে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সময়ত আচৰণ বিধি ভংগৰ এনে বহু গোচৰ পোহৰলৈ আহিছে। এতিয়ালৈকে বহু ঠাইৰ পৰা কোটি কোটি মূল্যৰ ধন জব্দ কৰা হৈছে। শেহতীয়াকৈ হিংগোলীত জব্দ কৰা হৈছে ১ কোটি ৪০ লাখ টকা। হিংগোলী জিলা আৰক্ষীৰ স্থানীয় অপৰাধ শাখাই হিংগোলী বাছ ডিপোৰ সমীপত ২ খন বাহনৰ পৰা এই ধন জব্দ কৰে।

আৰক্ষীৰ তদন্তত এই ধন ব্যক্তিগত বেংকৰ পৰা উলিওৱা বুলি জানিব পৰা গৈছে। এই টকাখিনি কাৰ আৰু কি কামত ব্যৱহাৰ হ’ব লগা আছিল- এই বিষয়ত আৰক্ষীয়ে তদন্ত কৰিছে। বিধানসভা নিৰ্বাচনৰ বাবে কাৰ্যকৰী হোৱা আচৰণ বিধিৰ মাজতে যোৱা ২৪ ঘন্টাত ৫২ কোটি টকাৰ সামগ্ৰী জব্দ কৰা হৈছে। নিৰ্বাচনৰ দিন ঘোষণাৰ পিছৰে পৰা সমগ্ৰ মহাৰাষ্ট্ৰতে জব্দ কৰা হৈছে ৯০ কোটিৰো অধিক মূল্যৰ সামগ্ৰী।

Latest News