স্বাধীনতা সংগ্ৰামীৰ ঘৰত টকাৰ ভাণ্ডাৰ! ৬.৫ একৰ মাটিৰ তলত কি কি আছে জানক

Oil Reserve: স্বাধীনতা সংগ্ৰামীৰ ঘৰত ওলাইছে সোণ। কোটি কোটি টকাৰ সম্পত্তি ঘৰতে এৰি থৈ গ’ল। এই কথা কোনেও গম পোৱা নাছিল। জানিব পৰা মতে, এই খনন সফল হ’লে চাৰিওফালৰ মাটিও খনন কৰা হ’ব।

স্বাধীনতা সংগ্ৰামীৰ ঘৰত টকাৰ ভাণ্ডাৰ! ৬.৫ একৰ মাটিৰ তলত কি কি আছে জানক

স্বাধীনতা সংগ্ৰামীৰ ঘৰত টকাৰ ভাণ্ডাৰ!

Published: 

27 Mar 2025 21:07 PM

স্বাধীনতা সংগ্ৰামীৰ ঘৰত কোটি কোটি টকাৰ সম্পত্তি উদ্ধাৰ। মাটি খান্দি থাকোঁতে পোহৰলৈ আহিল তেল থকাৰ কথা। বৃহৎ পৰিমাণৰ খাৰুৱা তেলৰ কথা পোহৰলৈ আহে। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় অ’এনজিচি।

উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ সাগৰপালি গাঁৱত এটা খাৰুৱা তেল উদ্ধাৰ। বিগত তিনিমাহ ধৰি গংগা উপকূলৰ কাষত অ’এনজিচিয়ে জৰীপ চলাই আহিছে। হঠাৎ তাত তেল পোৱা গ’ল। ইফালে আকৌ এজন স্বাধীনতা সংগ্ৰামীৰ ঘৰত কোটি টকাৰ একপ্ৰকাৰ ধনৰ ভাণ্ডাৰ উদ্ধাৰ।

বলিয়াৰ বাসিন্দা চিট্টু পাণ্ডে স্বাধীনতা সংগ্ৰামী আছিল। ৩,০০০ মিটাৰ তলত তেওঁৰ ভূমিত খাৰুৱা তেলৰ ভাণ্ডাৰৰ উমান পোৱা গৈছে। অহা ৩ বছৰৰ বাবে পাণ্ডে পৰিয়ালৰ পৰা ৬.৫ একৰ মাটি লিজত লৈছে অ’এনজিচিয়ে। ইয়াৰ বিনিময়ত অ’এনজিচিয়ে পাণ্ডে পৰিয়ালক বছৰি ১০ লাখ টকা দিব।

তেলৰ ভাণ্ডাৰ থকা বুলি জানিবলৈ দিয়ে অ’এনজিচিৰ বিষয়াসকলে। ৩০০০ মিটাৰ দ হ’ব এই খনন। ইতিমধ্যে কাম আৰম্ভ হৈছে। এপ্ৰিল মাহৰ শেষৰ ফালে খননৰ কাম সম্পূৰ্ণ হ’ব। খবৰ অনুসৰি ৩০০ কিলোমিটাৰ এলেকাত তেলৰ আৱৰ্জনাৰ লেখ-জোখ পোৱা গৈছে। এই তেল খনিটো বালিৰ সাগৰপালীৰ পৰা প্ৰয়াগৰাজৰ ফাফামৌলৈকে বিস্তৃত।

জানিব পৰা মতে এই খনন সফল হ’লে চাৰিওফালৰ মাটিও খনন কৰা হ’ব। যদিহে তেল পোৱা যায় তেন্তে অ’এনজিচিয়ে অধিক মূল্যত কাষৰীয়া মাটিবোৰ লিজত ল’ব।

Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...
ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...