আশ্চৰ্যকৰ! ৭ মহীয়া পুত্ৰ সন্তানৰ পেটত মানৱ ভ্ৰূণ

শিশুটিৰ পৰিয়ালৰ সদস্যসকলে হিমালয় চিকিৎসালয় জলিগ্ৰাণ্টৰ জ্যেষ্ঠ শিশু শল্য চিকিৎসক ডাঃ সন্তোষ সিঙৰ সৈতে যোগাযোগ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক অনুসন্ধানত,তেওঁ পেটত কিছু অস্বাভাৱিক বস্তু থকাৰ সন্দেহ কৰিছিল। তাৰ পাছত যেতিয়া এক্সৰে কৰা হৈছিল দেখা গৈছিল যে সুমিতৰ পেটত এটা মানৱ ভ্ৰূণ আছে। তাৰ পাছত শিশুটিৰ অস্ত্ৰোপচাৰ কৰাই আৰু শিশুটোৰ পেটৰ পৰা ভ্ৰূণটো আঁতৰ কৰা হৈছিল।

আশ্চৰ্যকৰ! ৭ মহীয়া পুত্ৰ সন্তানৰ পেটত মানৱ ভ্ৰূণ

প্ৰতীকি ফটো

Updated On: 

21 Aug 2024 15:15 PM

উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনত সংঘটিত হৈছে আশ্চৰ্যজনক ঘটনা । য’ত এটি সাত মহীয়া নৱজাতকৰ পেট হঠাতে ফুলি উঠে। যেতিয়া পৰিয়ালটোৱে এয়া প্ৰত্যক্ষ কৰাৰ পাছত তেওঁলোকে পুত্ৰক চিকিৎসালয়লৈ লৈ গৈছিল। তাৰ পাছত চিকিৎসকে শিশুটোক পৰীক্ষা কৰিছিল। পৰীক্ষাৰ অন্তত চিকিৎসকে দিয়া ৰিপৰ্ট দেখি সকলো আচৰিত হৈ পৰিছিল। ৰিপৰ্টোৰ মতে, শিশুটিৰ পেটত আন এটা ভ্ৰূণ আছে। যেতিয়া শিশুটিৰ পৰিয়ালক এই সকলোবোৰ বিষয়ে অৱগত কৰোৱা হৈছিল , এনেকুৱা লাগিছিল যেন তেওঁলোকৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গৈছে।

ইয়াৰ পাছত শিশুটিৰ অস্ত্ৰোপচাৰ কৰাই আৰু শিশুটোৰ পেটৰ পৰা ভ্ৰূণটো আঁতৰ কৰা হৈছিল। তাৰ পাছত শিশুটি সুস্থ হৈ উঠিছিল আৰু পিতৃ-মাতৃৱেও যেন উশাহ ঘূৰাই পাইছিল। তথ্য অনুসৰি সুমিতৰ (পৰিৱৰ্তিত নাম) বয়স তেতিয়া মাত্ৰ সাত মাহ আছিল যেতিয়া মাতৃয়ে বাঢ়ি অহা পেটলৈ লক্ষ্য কৰিছিল। প্ৰথমতে তেওঁ বিষয়টো উপেক্ষা কৰিছিল। কিন্তু পেট বাঢ়ি অহাৰ লগে লগে তেওঁ চিন্তিত হৈ পৰিছিল। বহু ঠাইত চিকিৎসকক দেখুৱাৰ পাছতো সুমিতে ভাল পোৱা নাছিল।

সুমিতৰ পৰিয়ালৰ সদস্যসকলে হিমালয় চিকিৎসালয় জলিগ্ৰাণ্টৰ জ্যেষ্ঠ শিশু শল্য চিকিৎসক ডাঃ সন্তোষ সিঙৰ সৈতে যোগাযোগ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক অনুসন্ধানত,তেওঁ পেটত কিছু অস্বাভাৱিক বস্তু থকাৰ সন্দেহ কৰিছিল। তাৰ পাছত যেতিয়া এক্সৰে কৰা হৈছিল দেখা গৈছিল যে সুমিতৰ পেটত এটা মানৱ ভ্ৰূণ আছে।

ডাঃ সন্তোষ সিঙে কৈছিল যে ইয়াক চিকিৎসা ভাষাত Fetus in fetu (ভ্ৰূণৰ ভিতৰত ভ্ৰূণ) বুলি কোৱা হয়। সুমিতৰ পিতৃ-মাতৃৰ সৈতে এই সন্দৰ্ভত আলোচনাৰ পাছত চিকিৎসালয়ৰ দলটোৱে অস্ত্ৰোপচাৰৰ পৰিকল্পনা কৰিছিল। ডাঃ সন্তোষ সিঙে কৈছিল যে বিগত সপ্তাহত এটা সফল অস্ত্ৰোপচাৰ হৈছিল। য’ত শিশুটিৰ পেটৰ পৰা এটা অৰ্ধ-বিকশিত মানৱ ভ্ৰূণ সফলতাৰে আঁতৰ কৰা হৈছিল। অস্ত্ৰোপচাৰৰ চাৰি দিন পাছত সুমিতক ঘৰলৈ পঠোৱা হৈছে। বৰ্তমান  সম্পূৰ্ণ  সুস্থ  অৱস্থাত আছে শিশুটি।

এই সন্দৰ্ভত হিমালয় চিকিৎসালয়ৰ পেডিয়াট্ৰিক চাৰ্জন ডাঃ সন্তোষ সিঙে কয় যে, Fetus in fetu মানৱ ভ্ৰূণ বিকাশৰ এক অতি অস্বাভাৱিক ঘটনা।ইয়াত ভ্ৰূণৰ বিকাশৰ সময়ত পৰজীৱীৰ দৰে কোনো অজ্ঞাত কাৰণত এটা ভ্ৰূণৰ ভিতৰত আন এটা ভ্ৰূণ বিকশিত হ’বলৈ আৰম্ভ কৰে। ইয়াক মাতৃৰ গৰ্ভত আল্ট্ৰাচাউণ্ডৰ দ্বাৰা চিনাক্ত কৰিব পাৰি। অৱশ্যে বেছিভাগ ক্ষেত্ৰতে ইয়াক জন্মৰ পিছতহে চিনাক্ত কৰা হয়।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...