বৰ্বৰ! গোপন অংগত ওলমাই দিলে ডাম্বল, ৰেগিঙৰ নামত অসহনীয় অত্যাচাৰ
আৰক্ষীৰ মতে, প্ৰথম বৰ্ষৰ ছাত্ৰসকলক নগ্ন অৱস্থাত থিয় হৈ থাকিবলৈ বাধ্য কৰাইছিল। ইমানেই নহয় , জ্যেষ্ঠ ছাত্ৰসকলে তেওঁৰ গোপন অংগত ডাম্বল ওলোমাই দিছিল। ছাত্ৰকেইজনক বিভিন্ন জোঙা বস্তুৰেও আঘাত কৰিছিল।

অভিযুক্ত
নৃশংস, বৰ্বৰ, জঘন্য! কিমান নীচ হ’লে কোনোৱে সমবয়সীয়া কাৰোবাক অত্যাচাৰ চলাব পাৰে? কিমান নৃশংস হ’লে ৰেগিঙৰ নামত গোপন অংগত ডাম্বল বান্ধি দিব পাৰে? শেহতীয়াকৈ পোহৰলৈ অহা এক ঘটনাই চকু কপালত তুলিব আপোনাৰ। ৰেগিং এক ভয়ংকৰ ব্যাধি। ৰেগিং ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো প্ৰায়ভাগ সময়তে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰেগিঙৰ লগত জড়িত বহু ঘটনা পোহৰলৈ আহে।। পুনৰ এনে এক ৰেগিঙৰ ঘটনা পোহৰলৈ আহিছে যিয়ে আপোনাৰ বুকু কঁপাই তুলিব।
কেৰালা কোট্টায়মস্থিত চৰকাৰী নাৰ্চিং কলেজৰ প্ৰথম বৰ্ষত অধ্যয়নৰত ছাত্ৰক ৰেগিং কৰাৰ অভিযোগত তৃতীয় বৰ্ষৰ ৫ জন ছাত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে আৰক্ষীয়ে এই সন্দৰ্ভত সবিশেষ জনাই কয় যে, শিক্ষানুষ্ঠানত বহু দিন ধৰি চলি অহা ৰেগিঙত অতিষ্ঠ হৈ প্ৰথম বৰ্ষৰ ৩ গৰাকী ছাত্ৰই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। জানিব পৰা মতে, শিক্ষানুষ্ঠানখনত যোৱা বছৰৰ নৱেম্বৰৰ পৰা ৰেগিং চলি আছিল।
এজাহাৰত ছাত্ৰজনে উল্লেখ কৰিছে যে, তেওঁলোকক নগ্ন হৈ থিয় হৈ থকাৰ বাবে বাধ্য কৰাইছিল। ইমানেই নহয়,ভাৰোত্তোলনত ব্যৱহাৰ কৰা ডাম্বল ব্যৱহাৰ কৰি তেওঁলোকৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱা হৈছিল। আন এক অভিযোগত কয় যে, কম্পাছ আৰু এনেধৰণৰ বস্তু ব্যৱহাৰ কৰি তেওঁলোকক আঘাত কৰা হৈছিল। লগতে এয়াও কয় যে,জ্যেষ্ঠ ছাত্ৰসকলে নিয়মিতভাৱে কনিষ্ঠ ছাত্ৰসকলক সুৰা ক্ৰয় কৰাৰ বাবে টকা তুলিবলৈ বাধ্য কৰাইছিল।
ইয়াৰোপৰি জ্যেষ্ঠ ছাত্ৰসকলে প্ৰায়ে তেওঁলোকৰ লগত মাৰপিট কৰিছিল। এজাহাৰৰ মতে, অত্যাচাৰ সহ্য কৰিব নোৱাৰি তেওঁলোকে কোট্টায়াম গান্ধীনগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ দাখিল কৰাৰ পাছতেই ছাত্ৰ কেইজনক কলেজৰ পৰা বৰ্খাস্ত কৰাৰ লগতে ৰেগিং বিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, প্ৰথম বৰ্ষৰ ছাত্ৰসকলক নগ্ন অৱস্থাত থিয় হৈ থাকিবলৈ বাধ্য কৰাইছিল। ইমানেই নহয় , জ্যেষ্ঠ ছাত্ৰসকলে তেওঁৰ গোপন অংগত ডাম্বল ওলোমাই দিছিল। ছাত্ৰকেইজনক বিভিন্ন জোঙা বস্তুৰেও আঘাত কৰিছিল।
ইমানৰ পাছতে জ্যেষ্ঠ ছাত্ৰকেইজনৰ বৰ্বৰতা ৰোধ হোৱা নাছিল। তেওঁলোকৰ আঘাতত লোচন লগাইছিল যাৰ ফলত আৰু অধিক বিষ হৈছিল । যেতিয়া বিষত ছাত্ৰকেইজনে চিঞৰিছিল তেতিয়া জ্যেষ্ঠ ছাত্ৰকেইজনে তেওঁলোকৰ মুখত লোচন সোমাই দিছিল। ইয়াৰোপৰি এই সমগ্ৰ ঘটনাৰাজিৰ ভিডিঅ তৈয়াৰ কৰিছিল জ্যেষ্ঠ ছাত্ৰকেইজনে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্য়াহত ৰাখিছে। তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ আহিব।