শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰথমে প্ৰেম বিবাহ, তাৰ পিছত প্ৰতাৰণা, মাৰপিট আৰু স্বামীক হত্যা কৰি ড্ৰামত ভৰাই থোৱাৰ ভাবুকি…

২০২৪ চনৰ ১ ছেপ্টেম্বৰত ধৰ্মেন্দ্ৰ কুশৱাহাই পত্নী আৰু প্ৰেমিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।ইয়াৰ পিছত মায়াই পুনৰ স্বামী ধৰ্মেন্দ্ৰৰ ঘৰত উপস্থিত হৈ প্ৰেমিক নীৰজ মৌৰ্য আৰু আন তিনিজন সহযোগীৰ সৈতে ২০২৪ চনৰ ২ ছেপ্টেম্বৰত স্বামীক তীব্ৰ প্ৰহাৰ কৰে।

প্ৰথমে প্ৰেম বিবাহ, তাৰ পিছত প্ৰতাৰণা, মাৰপিট আৰু স্বামীক হত্যা কৰি ড্ৰামত ভৰাই থোৱাৰ ভাবুকি…
স্বামীক হত্যা কৰি ড্ৰামত ভৰাই থোৱাৰ ভাবুকি
trishna-kalita
Trishna Kalita | Published: 31 Mar 2025 11:05 AM

মীৰুট হত্যাকাণ্ডৰ বাবে ড্ৰাম আৰু চিমেণ্টৰ বস্তা চৰ্চালৈ অহাৰ পিছত পুনৰবাৰ বাতৰিৰ শিৰোনামলৈ আহিছে ড্ৰাম। গোণ্ডা জিলাৰ জল নিগম বিভাগত পদবীত থকা জেই ধৰ্মেন্দ্ৰ কুশৱাহা নিজৰ পত্নীক লৈ ভয়,  বিচলিত আৰু চিন্তিত হৈ পৰিছে। কেৱল এয়াই নহয়, নিজৰ পত্নীৰ পৰা জীৱন ৰক্ষা কৰিবলৈ আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলক আহ্বান জনাইছে বিষয়াগৰাকীয়ে। পত্নী মায়া মৌৰ্যই কাটি ড্ৰামত ভৰাই থোৱা ভাবুকি দিয়াৰ অভিযোগ ভুক্তভোগী জেইৰ।

অভিযোগ অনুসৰি নিৰ্মাণৰত ঘৰৰ দ্বিতীয় মহলাত ৰখা ড্ৰাম আৰু চিমেণ্টৰ বস্তা দেখুৱাই স্বামী ধৰ্মেন্দ্ৰক ভাবুকি প্ৰদান কৰিছে মায়াই। ইয়াৰ পিছত ধৰ্মেন্দ্ৰই এতিয়া সমগ্ৰ বিষয়টোত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই। উল্লেখ্য় যে ধৰ্মেন্দ্ৰই ইতিমধ্যে দুবাৰকৈ মহানগৰ আৰক্ষী থানাত পত্নীৰ বিৰুদ্ধে মাৰপিটৰ গোচৰ ৰুজু কৰিছে। বিষয়টোক লৈ থানাত ইতিমধ্যে তদন্ত চলি আছে।

জানিব পৰা মতে, ঝাঁচীৰ বাসিন্দা ধৰ্মেন্দ্ৰ কুশৱাহা গোণ্ডাৰ জল নিগমত জেই হিচাপে কৰ্মৰত। ২০১৬ চনত বস্তিৰ বাসিন্দা মায়া মৌৰ্যৰ সৈতে তেওঁৰ প্ৰেম বিবাহ হয়। এই বিবাহৰ পৰা তেওংলোকৰ এগৰাকী কন্যাও জন্ম হৈছিল, যাৰ বয়স ৫ বছৰ। বিয়াৰ পিছত কেইদিনমান সকলো ঠিকেই চলি আছিল, তাৰ পিছত স্বামী ধৰ্মেন্দ্ৰক কৈ মায়াই নিজৰ নামত তিনিখন টেক্সি আনিছিল।

ধৰ্মেন্দ্ৰই পত্নীৰ নামত তিনিখন টেক্সি আনিছিল। সেই বাহনবোৰৰ কিস্তিও তেওঁ নিজৰ দৰমহাৰ পৰাই দিছিল। ইয়াৰ পিছত ২০২২ চনত নগৰ কোটোৱালি অঞ্চলৰ দিহোৱা গ্ৰাম পঞ্চায়তত ধৰ্মেন্দ্ৰ কুশৱাহাই মাটি ক্ৰয় কৰে। ইয়াৰ পিছত ধৰ্মেন্দ্ৰই সেই মাটিত ঘৰ সাজিবলৈ তেওঁৰ পত্নী মায়া মৌৰ্যৰ দূৰৰ আত্মীয় নীৰজ মৌৰ্যক নিৰ্মাণৰ কাম দিছিল।

ধৰ্মেন্দ্ৰৰ অভিযোগ যে, এই সময়ছোৱাত মায়া মৌৰ্যৰ ঠিকাদাৰ নীৰজ মৌৰ্যৰ মাজত অবৈধ সম্পৰ্ক গঢ়ি উঠিছিল। বহুবাৰ তেওঁৰ পত্নীক সন্দেহ কৰিছিল। ইয়াৰ পিছত তেওঁ পত্নীৰ ওপৰত চকু ৰাখিবলৈ ধৰিলে। ২০২৪ চনৰ ৭ জুলাইত ধৰ্মেন্দ্ৰ পত্নী মায়াৰ সৈতে শুই আছিল আৰু কাষৰ কোঠাটোত নীৰজ মৌৰ্য শুই আছিল। ৰাতি যেতিয়া ধৰ্মেন্দ্ৰ সাৰ পায় তেতিয়া তেওঁৰ পত্নীক আত্মীয় নীৰজ মৌৰ্যৰ সৈতে কাষৰ কোঠাটোত আপত্তিজনক অৱস্থাত প্ৰত্যক্ষ কৰে।

তাৰ পিছত যেতিয়া তেওঁ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, তেতিয়া মায়া নিজেই ৰাতি নীৰজ মৌৰ্যৰ সৈতে ক’ৰবালৈ গৈছিল। ২০২৪ চনৰ ২৫ আগষ্টত পুনৰ প্ৰেমিক নীৰজৰ সৈতে স্বামী ধৰ্মেন্দ্ৰৰ ঘৰত উপস্থিত হৈ বলপূৰ্বকভাৱে তলা ভাঙি ঘৰটো নিজৰ দখললৈ আনে। ধৰ্মেন্দ্ৰকো আক্ৰমণ কৰি ১৫ গ্ৰাম সোণৰ শিকলি লৈ পলাই যায়।

২০২৪ চনৰ ১ ছেপ্টেম্বৰত ধৰ্মেন্দ্ৰই পত্নী আৰু প্ৰেমিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।ইয়াৰ পিছত পত্নীয়ে প্ৰেমিক নীৰজ মৌৰ্য আৰু আন তিনিজন সহযোগীৰ সৈতে পুনৰ স্বামীৰ ঘৰত উপস্থিত হয় আৰু ২০২৪ চনৰ ২ ছেপ্টেম্বৰত স্বামীক তীব্ৰ প্ৰহাৰ কৰি পুনৰ ঘৰত ৰখা কিছু সামগ্ৰী লৈ পলাই যায়। এই সন্দৰ্ভত ২০২৪ চনৰ ১০ অক্টোবৰত মহানগৰ আৰক্ষী থানাত স্বামীয়ে এক গোচৰ ৰুজু কৰে।

পত্নীৰ ভাবুকিৰ আশংকাত স্বামী ধৰ্মেন্দ্ৰ কুশৱাহাই ২০২৪ চনৰ ২৫ আগষ্টৰ পৰা সুকীয়া ভাড়াঘৰত বাস কৰিছিল। ২০২৫ চনৰ ১৯ ​​মাৰ্চত স্বামী ধৰ্মেন্দ্ৰ কুশৱাহা মাতৃ আৰু পত্নী মায়াৰ মাতৃ দুয়োগৰাকীয়ে গোণ্ডাৰ ঘৰত উপস্থিত হয়।  তাত মায়াই স্বামী, মাক, শাহুৱেকক প্ৰেমিকৰ সৈতে লগ হৈ মাৰপিট কৰে।

ইয়াৰ পিছত ধৰ্মেন্দ্ৰই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। মহানগৰ আৰক্ষী থানাত দুয়োৰে মাজত চুক্তি হৈছিল যে, মায়াই ২ দিনৰ ভিতৰত স্বামী ধৰ্মেন্দ্ৰ কুশৱাহাৰ ঘৰ খালী কৰিব। কিন্তু তাৰ পিছত ২১ মাৰ্চৰ পৰা মায়াই দুয়োগৰাকী মাতৃক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। ১৯ মাৰ্চত পত্নীয়ে স্বামীক আক্ৰমণ কৰাৰ সমগ্ৰ ঘটনাটো  চিচিটিভি কেমেৰাত বন্দী হৈছিল, যি ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

২০২৫ চনৰ ২৯ মাৰ্চত দুপৰীয়া ১২ বজাত পত্নীয়ে পুনৰ স্বামীক প্ৰহাৰ কৰে। লগতে দিয়ে হত্যাৰ ভাবুকি। ইয়াৰ পিছতে স্বামীয়ে মহানগৰ আৰক্ষী থানাক খবৰ দি ১১২ নম্বৰত ফোন কৰি সহায় বিচাৰে। ডায়েল ১১২ নম্বৰত তথ্য পোৱাৰ লগে লগে মায়া, ধৰ্মেন্দ্ৰ আৰু দুয়োগৰাকী মাতৃৰ সৈতে মহানগৰ আৰক্ষী থানাত উপস্থিত হয়। য’ত ধৰ্মেন্দ্ৰই পত্নীৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে। এতিয়া মীৰুট কাণ্ডৰ সৈতে একেধৰণৰ পৰিস্থিতিৰ  ভাবুকি লাভ কৰি আতংকিত হৈ পৰিছে স্বামী ধৰ্মেন্দ্ৰ কুশৱাহা। যাৰ বাবে পত্নী আৰু প্ৰেমিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।