মৰ্মান্তিক! মৰিব বিচৰা নাছিলো, সময় বিচাৰিছিলো: কি হৈছিল স্বামী-স্ত্ৰীৰ লগত…

বন্ধু, আৰক্ষী, যুৱতীৰ পৰা অতিষ্ঠ হৈ জীৱনৰ চৰম সিদ্ধান্ত বাছি ল'লে স্বামী- স্ত্ৰীয়ে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ঋণ দাঁতাই তেওঁলোকক বহু অশান্তি দি আহিছিল। আনকি মণিপুৰৰ এগৰাকী যুৱতীৰ প্ৰতিও অভিযোগ তুলিছে তেওঁলোকে।

মৰ্মান্তিক!  মৰিব বিচৰা নাছিলো, সময় বিচাৰিছিলো: কি হৈছিল স্বামী-স্ত্ৰীৰ লগত...

স্বামী-স্ত্ৰী

Updated On: 

19 Dec 2024 13:11 PM

মানুহ কিমান মানসিক অশান্তিত ভুগিলে জীৱনৰ চৰম সিদ্ধান্ত ল’ব পাৰে? যোৱা কেইটামান দিনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এহাল স্বামী- স্ত্ৰীয়ে জীৱনৰ চৰম পন্থা বাছি লয়। দুই পতি-পত্নীয়ে আত্মহত্যা কৰাৰ পূৰ্বে ১১ পৃষ্ঠাৰ এক চুইচাইড নোটো লিখি থৈ যায়। য’ত তেওঁলোকে মৃত্য়ুৰ কাৰণ উল্লেখ কৰে। আৰক্ষীয়ে উদ্ধাৰ কৰাৰ সময়ত দুয়োৰে মৃতদেহ ঘৰৰ দুটা পৃথক কোঠাত ওলমি আছিল। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ঘটনা সংঘটিত হৈছে দিল্লীৰ গাজিয়াবাদৰ শালীমাৰ গৰ্ডন এলেকাত। জানিব পৰা মতে ঘটনা সংঘটিত হোৱাৰ পাছতেই আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে লগতে ফৰেন্সিক দলেও তথ্য আহৰণ কৰে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ১১ পৃষ্ঠাৰ এখন চুইচাইড নোট উদ্ধাৰ কৰে। সেই নোটত দম্পতীহালে মৃত্যুৰ কাৰণ অত্যাধিক ঋণ লোৱা বুলি উল্লেখ কৰিছে।

তেওঁলোকে লিখিছে যে- “আমি মৰিব বিচৰা নাছিলো, কেৱল অলপ সময় বিচাৰিছিলো। কিন্তু তেওঁলোকে আমাক প্ৰতিদিনে টকা বিচাৰি বিচাৰি অশান্তি দি আহিছিল। সেয়ে আমাৰ ওপৰত আৰু কোনো বিকল্প নাই”। এই কথাখিনি নোটখনৰ অন্তিম পৃষ্ঠাত মহিলাগৰাকীয়ে লিখিছিল। তেওঁৰ মতে ঋণ দাঁতাই তেওঁলোকক বহু মানসিক নিৰ্যাতন চলাইছিল। সেয়ে তেওঁলোকে মৃত্যুৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১৮ ডিচেম্বৰত জীৱনৰ চৰম পন্থা বাছি লোৱা স্বামী-স্ত্ৰী দুগৰাকী পংকজ গুপ্তা আৰু তেওঁৰ পত্নী বুলি চিনাক্ত হৈছে।

জানিব পৰা মতে, প্ৰথম স্বামী আৰু প্ৰথম পত্নীৰ পৰা বিচ্ছেদ হোৱাৰ পাছত পংকজ আৰু মহিলাগৰাকী বিবাহ পাশত আৱদ্ধ হৈছিল। প্ৰথম পত্নীৰ পৰা পংকজৰ এটি ১২ বছৰীয়া সন্তান আছে যি মানসিকভাৱে অসুস্থ। পংকজৰ পুত্ৰ প্ৰায়েই ককাকৰ লগত থাকে। ঘটনাৰ দিনা পংকজৰ ভাতৃ যেতিয়া ঘৰলৈ আহে তেতিয়া দেখা পাই যে ঘৰৰ দুৱাৰ খোলা আছে। তাৰ পাছতে তেওঁ ঘৰৰ ভিতৰলৈ যায় আৰু দৃশ্য দেখি হতবাক হৈ পৰে। ককায়েক আৰু বৌয়েকক ওলমি খকা দেখি ভাতৃয়ে চিঞৰ বাখৰ কৰে। লগে  লগে ঘটনাস্থলীত ওচৰ চুবুৰীয়া উপস্থিত হয় আৰু আৰক্ষীক খবৰ দিয়ে।

কাৰণ কি

আৰক্ষীৰ মতে, ১১ পৃষ্ঠাৰ চুইচাইড নোটত ১০ পৃষ্ঠা পংকজে আৰু শেষৰ পৃষ্ঠা পত্নীয়ে লিখিছিল। পংকজে লিখিছিল যে, তেওঁ বন্ধুৰ সৈতে মিলি এটা ক্লাব খুলিছিল। কিন্তু বন্ধুজনে তেওঁৰ লগত বিশ্বাসঘাটকতা কৰে আৰু লাখ লাখ টকাৰ ঋণ লয়। পংকজে বন্ধুৰ পৰা টকা বিচাৰে যদিও তেওঁ প্ৰায়ে ভাবুকি দিয়ে। ইয়াৰোপৰি পংকজে যিটো ঘৰত ভাড়াতীয়া হিচাপে বাস কৰি আছিল সেই ঘৰটো আছিল মণিপুৰৰ এজন ব্যক্তিৰ। ঘৰৰ মালিকৰ কন্যাইও তেওঁলোকক ঘৰ খালী কৰাৰ ভাবুকি দি থাকে।

মণিপুৰৰ সেই যুৱতীগৰাকীয়ে আৰক্ষী আৰু অন্যলোকৰ হতুৱাইও তেওঁলোকক ভাবুকি দিয়া বুলি উল্লেখ কৰিছে। ইমানেই নহয়, তেওঁ আৰক্ষীক প্ৰায় ৪০ হাজাৰ টকা আৰু যুৱতীগৰাকীক ১ লাখ  ৪০ হাজাৰ টকা দিয়া বুলিও অভিযোগ কৰিছে। কিন্তু এই সকলোবোৰৰ পাছতো যুৱতীগৰাকীয়ে তেওঁলোকক ঘৰ খালী কৰিবলৈ কৈ আছিল। এনেবোৰ কাৰণতে তেওঁলোকে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

শীতকালত চুলি ধোৱাৰ সময়ত মনত ৰাখিব এইবোৰ কথা...
শীতকালত ছালত ঘিউ লগালে কি হয়? জানক উপকাৰিতা...
ঘৰত কিয় বগা ঘোঁৰাৰ ফটো লগাব লাগে জানেনে?
শীতকালত আপোনাৰো আঙুলি ফুলে নেকি? ইয়াৰ কাৰণ আৰু ঘৰুৱা প্ৰতিকাৰ সম্পৰ্কে জানক...