5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মই মোৰ কথা ঘূৰাই লৈছোঁ: কৃষকক লৈ মন্তব্য প্ৰদান কৰি বিপদত কংগনা ৰাণাৱট!

কৃষক আইন পুনৰ প্ৰৱৰ্তনৰ হৈ ওকালতি কৰিছিল বলীউডৰ অভিনেত্ৰী আৰু মাণ্ডিৰ সাংসদ কংগনা ৰাণাৱটে। তাৰ পাছত সৃষ্টি হৈছিল ৰাজনৈতিক বিতৰ্কৰ। ইফালে কংগনা বক্তব্যক ব্যক্তিগত বুলি কৈ তাৰ পৰা আঁতৰি থকা দেখা গৈছিল ভাৰতীয় জনতা পাৰ্টীক। অৱশেষত সাংসদগৰাকীয়ে বুধবাৰে তেওঁৰ মন্তব্য প্ৰত্যাহাৰ কৰিব লগা হৈছিল।

মই মোৰ কথা ঘূৰাই লৈছোঁ: কৃষকক লৈ মন্তব্য প্ৰদান কৰি বিপদত কংগনা ৰাণাৱট!
কংগনা ৰাণাৱট
trishna-kalita
Trishna Kalita | Updated On: 25 Sep 2024 13:07 PM

প্ৰায়ে নিজৰ মন্তব্যক লৈ চৰ্চাত থকা মাণ্ডিৰ বিজেপি সাংসদ কংগনা ৰাণাৱটে এইবাৰ কৃষি আইনৰ ওপৰত মন্তব্য প্ৰদান কৰি দেশৰ ৰাজনৈতিক পাৰাস্তম্ভ বৃদ্ধি কৰি তুলিছিল। অৱশ্যে তেওঁ মন্তব্যটো প্ৰকাশ কৰাৰ সময়তে ইয়াক লৈ বিবাদ হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰিছিল। কংগনাৰ বক্তব্যক ব্যক্তিগত বুলি অভিহিত কৰি বিজেপিয়ে বিবৃতিটোৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। অৱশেষত বিতৰ্ক বৃদ্ধি হোৱাৰ পাছত কংগনাই নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰিছে।

কংগনা ৰাণাৱটে কয়, “যোৱা কেইদিনমানত সংবাদ মাধ্যমসমূহে কৃষক আইন সম্পৰ্কীয় কিছুমান প্ৰশ্ন সুধিছিল আৰু মই পৰামৰ্শ দিছিলো যে কৃষকসকলে কৃষি আইন ঘূৰাই আনিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ কৰা উচিত। মোৰ এই মন্তব্যক লৈ বহুতো লোক হতাশ হৈছে। যেতিয়া এই আনলখন আহিছিল বহুলোকে ইয়াক সমৰ্থন কৰিছিল,কিন্তু আমাৰ প্ৰধানমন্ত্ৰীয়ে ইয়াক অতি সংবেদনশীলতাৰে ঘূৰাই লৈছিল। মোৰ মতামত নিজৰ হ’ব নালাগে তাত মোৰ দলৰ স্থিতি থাকিব লাগিব। মই দুঃখিত, যদি মই মোৰ চিন্তাধাৰাই কাৰোবাক হতাশ কৰিছো। মই মোৰ মন্তব্য ঘূৰাই লৈছোঁ।”

বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই কৈছিল যে বিজেপি এই মন্তব্যৰ বাবে দায়বদ্ধ নহয় আৰু তেওঁৰ বক্তব্যই কৃষি বিলৰ ক্ষেত্ৰত বিজেপিৰ স্থিতি প্ৰতিফলিত নকৰে। একে সময়তে বিৰোধী দলবোৰে ইয়াক বিজেপিৰ গোপন অভিসন্ধি বুলি অভিহিত কৰে। কংগ্ৰেছৰ সাংসদ প্ৰমোদ তিৱাৰীয়ে কৈছিল যে তেওঁৰ বক্তব্যই বিজেপিৰ গোপন অভিসন্ধিক উন্মোচিত কৰিছে। এই সন্দৰ্ভত আপৰ সাংসদ সঞ্জয় সিঙে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ দিব লাগে। এয়াৰ উপৰিও চৰকাৰৰ সহযোগী জেডিইউয়েও কংগনাৰ বক্তব্যৰ বিৰোধিতা কৰিছিল।

কংগনাৰ বক্তব্য সন্দৰ্ভত কংগ্ৰেছ নেতা দীপেন্দৰ হুডাই কয় যে, “বিজেপি সাংসদ কংগনা ৰাণাৱটে কৈছে তিনিখন কৃষি আইন কাৰ্যকৰী কৰাৰ সময় আহি পৰিছে। যদি বিজেপিয়ে হাৰিয়ানাত চৰকাৰ গঠন কৰে, এই তিনিখন ক’লা আইন কাৰ্যকৰী কৰিব। মই প্ৰত্যাহ্বান জনাইছোঁ, হাৰিয়ানাত কংগ্ৰেছ চৰকাৰ গঠন কৰা হ’ব আৰু এনে কোনো শক্তি নাই যিয়ে পুনৰ তিনিখন ক’লা আইন পুনৰ কাৰ্যকৰী কৰিব।”

কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেই কয়, “৭৫০জন কৃষক ছহিদ হোৱাৰ পাছতো কৃষক বিৰোধী বিজেপি আৰু মোদী চৰকাৰে তেওঁলোকৰ জঘন্য অপৰাধৰ কথা অনুভৱ কৰা নাই। তিনিখন ক’লা কৃষক বিৰোধী আইন পুনৰ প্ৰণয়ন কৰাৰ কথা কোৱা হৈছে। কংগ্ৰেছ দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। গাড়ীৰ চকাৰে কৃষকক চেপা মোদী চৰকাৰে আমাৰ আন্নাদাতাৰ ওপৰত ড্ৰোনৰে কন্দুৱা গেছ , কাঁইটীয়া তাঁৰ, বন্দুক সকলো ব্যৱহাৰ কৰিছিল। যিবোৰ ভাৰতৰ এই ৬২ কোটি কৃষকক কেতিয়াও পাহৰিব নোৱাৰিব। এইবাৰ হাৰিয়ানাকে ধৰি সকলো নিৰ্বাচনমুখী ৰাজ্যৰ কৃষকসকলে সংসদত প্ৰধানমন্ত্ৰীৰ আন্দোলনকাৰী আৰু পৰজীৱীৰ অপমানজনক মন্তব্যৰ উপযুক্ত প্ৰত্যুত্তৰ লাভ কৰিব।ঠ

উল্লেখ্য যে, মোদী চৰকাৰে ইয়াৰ দ্বিতীয় কাৰ্যকালত ৩খনকে কৃষি আইন গৃহীত কৰিছিল। যিবোৰৰ কৃষকসকলে তীব্ৰ বিৰোধিতা কৰিছিল। এবছৰৰো অধিক সময় ধৰি কৃষকসকলে দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই সময়ছোৱাত বহুতো কৃষকৰ মৃত্যুৰ অভিযোগও উত্থাপিত হৈছিল। কৃষকসকলৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ২০২১ চনত,চৰকাৰে এই তিনিখন আইন বাতিল কৰাৰ কথা ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কৃষক আইন প্ৰত্যাহাৰ কৰাৰ সময়ত কয় যে “মই কৃষকসকলক বুজাব কৰিব নোৱাৰিলো, কৰবাত ভুল হৈছে।”

Latest News