ভুৱা প্ৰমাণ পত্ৰ! অ’ডি গাড়ীত ঘূৰা, পদৰ অপব্যৱহাৰ কৰা IAS বিষয়াৰ যাব পাৰে চাকৰি – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

ভুৱা প্ৰমাণ পত্ৰ! অ’ডি গাড়ীত ঘূৰা, পদৰ অপব্যৱহাৰ কৰা IAS বিষয়াৰ যাব পাৰে চাকৰি

দৃষ্টিশক্তিহীন শ্ৰেণীৰ পৰা ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱা পূজাই মানসিক ৰোগৰ হোৱাৰ প্ৰমাণ পত্ৰও দাখিল কৰিছিল। যাৰ বাবে পূজাই বিশেষ ৰেহাই লাভ কৰি আই এ এছ বিষয়া হয়।

ভুৱা প্ৰমাণ পত্ৰ! অডি গাড়ীত ঘূৰা, পদৰ অপব্যৱহাৰ কৰা  IAS বিষয়াৰ যাব পাৰে চাকৰি

পূজা খেডকৰ

Published: 

12 Jul 2024 16:23 PM

প্ৰৱঞ্চনাৰে চাকৰি লোৱা আৰু নিজৰ পদবীৰ অপ-ব্যৱহাৰ কৰা আই এ এছ (IAS) বিষয়া পূজা খেডকাৰৰ চাকৰি এতিয়া বিপদত। যি কোনো সময়তে চাকৰিৰ পৰা বৰ্খাস্ত হ’ব পাৰে মহাৰাষ্ট্ৰৰ কেডাৰৰ আই এ এছ বিষয়া পূজা খেডকাৰ। বৰ্তমান তেওঁৰ প্ৰশিক্ষণ চলি আছিল। পূজাৰ বিৰুদ্ধে জালিয়াতি কৰি চাকৰি লোৱা, তথ্য লুকুৱাই থোৱা আজি বিভিন্ন অভিযোগ উত্থাপন হৈছে। যদি এই সকলো অভিযোগ সঁচা বুলি প্ৰমাণ হয় তেন্তে তেওঁৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিব।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে পূজাৰ সৈতে জড়িত বিষয়সমূহৰ তদন্ত এৰিবলৈ এখন কমিটী গঠন কৰিছে। ডি অ পি টি অতিৰিক্ত সচিব মনোজ দ্বিবেদীয়ে তদন্ত আৰম্ভ কৰি দিছে। তদন্তৰ ২ সপ্তাহৰ পাছত কমিটীখনে এখন প্ৰতিবেদন দাখিল কৰিব। যদি পূজাৰ বিৰুদ্ধে কোনো প্ৰমাণ লাভ কৰে তেন্তে তেওঁক বৰ্খাস্ত কৰিব পাৰে। তেওঁৰ চাকৰিও যাব পাৰে।

উল্লেখ্য যে, পূজাই নিজৰ অডি বাহনখনত নীলা আৰু ৰঙা লাইট লগাইছিল। তাৰ পাছতেই বিতৰ্কৰ মাজলৈ আহিছিল এইগৰাকী আই এ এছ বিষয়া। প্ৰবেশ্যনৰ সময়তেই তেওঁ অডিত মহাৰাষ্ট্ৰ চৰকাৰ বুলি লিখিছিল। যিখন গাড়ীত নীলা লাইট আৰু মহাৰাষ্ট্ৰ চৰকাৰ বুলি লিখিছিল সেইখন গাড়ী পূজাৰ ব্যক্তিগত কোম্পানীৰ নামত ৰেজিষ্টাৰ আছিল। এই বাহনখনৰ বিৰুদ্ধে ২১ টা নিয়ম উলংঘা কৰাৰ গোচৰ আৰি ২৭ হাজাৰ টকাৰ জৰিমণা পূৰ্বৰ পৰাই আছিল।

ইয়াৰোপৰি আই এ এছ বিষয়া হিচপে যোগদান কৰাৰ পাছতেই তেওঁ নিজৰ পদৰ অপব্যৱহাৰ আৰু বিভিন্ন দাবী কৰি আহিছিল। পূজা পুনেত এচিচটেন্ট কালেক্টৰ হিচাপে প্ৰবেশ্যনত আছিল। কিন্তু বিভিন্ন সময়ত পূজাই কৰা দাবী আৰু পদৰ অপব্যৱহাৰৰ পাছত তেওঁক পুনেৰ পৰা বাশিমলৈ বদলি কৰা হয়।

পূজাই নিজৰ বাবে গাড়়ী আৰু বাংলোৰ দাবীও কৰিছিল।এই সন্দৰ্ভত পুনেৰ কালেক্টৰ সুহাস দিবাসে মুখ্য সচিব মন্ত্ৰনালয়ত এক প্ৰতিবেদন দাখিল কৰিছে য’ত উল্লেখ কৰিছে যে ১৮ জুন ৰ পৰা ২০ জুন, ২০২৪ লৈ পূজা খেডকৰে কোনো অনুমতি অবিহনে কাৰ্যালয়ৰ পৰা চোফা, চকী, টেবল আৰু অন্যান্য সামগ্ৰী বাহিৰত উলিয়াই দিছিল। ইয়াৰ পাছত ৰাজহ সহায়কক ফোন কৰি তেওঁৰ নামত লেটাৰ হেড, ভিজিটিং কাৰ্ড, পেপাৰবেট, ৰাষ্ট্ৰীয় পতাকা, নেমপ্লেট, ৰয়েল ছীল, ইন্টাৰকম উপলব্ধ কৰিবলৈ কয়।

ইয়াৰোপৰি নৱী মুম্বাই আৰক্ষীয়ে মহাৰাষ্ট্ৰৰ গৃহ বিভাগক দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰি কৈছে যে আই এ এছৰ প্ৰবেশ্যন বিষয়া পূজা খেডকাৰে ষ্টীল চুৰিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা তেওঁৰ আত্মীয়ক মুকলি কৰি দিবলৈ নৱী মুম্বাই আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছে। মে’ মাহত তেওঁ নৱী মুম্বাই আৰক্ষীৰ ডিচিপিক ফোন কৰিছিল। নৱী মুম্বাই আৰক্ষীয়ে বুধবাৰে প্ৰেৰণ কৰিছে এই প্ৰতিবেদন।

পূজাই ইউ পি এছ চি-২০২১ ত উত্তীৰ্ণ হৈছিল। জানিব পৰা মতে দৃষ্টিশক্তিহীন শ্ৰেণীৰ পৰা ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱা পূজাই মানসিক ৰোগৰ হোৱাৰ প্ৰমাণ পত্ৰও দাখিল কৰিছিল। যাৰ বাবে পূজাই বিশেষ ৰেহাই লাভ কৰি আই এ এছ বিষয়া হয়। কিন্তু এই ৰেহাই নাপালে নম্বৰৰ ফালৰ পৰা আই এ এছ বিষয়া হোৱা পূজাৰ বাবে অসম্ভৱ আছিল। উল্লেখ্য যে, পূৰ্বৰ পৰা বিতৰ্কত আছে পূজাৰ চাকৰি।  ইউ পি এছ চিয়ে পূজাৰ স্বাস্থ্য পৰীক্ষা কৰিব বিচাৰিছিল যদিও ৬ বাৰকৈ পূজাই এই পৰীক্ষ কৰাত অস্বীকাৰ কৰিছিল। অৱশ্যে আদালতে পূজাৰ চাকৰি বৈধ বুলি কৈছিল।

কেৱল পূজাই নহয়, তেওঁৰ পৰিয়ালৰ বিৰুদ্ধেও আছে বহু অভিযোগ। পূজাৰ পৰিয়ালৰ ওচৰত ১১০ একৰ কৃষিভূমি আছে। ই ভূমি সীমা আইনৰ উলংঘা কৰে। ইয়াৰোপৰি তেওঁলোকৰ ৬ খন দোকান, ৭ টা ফ্লেট, ৯০০ গ্ৰাম সোণ, ১৭ লাখৰ সোণৰ ঘড়ী, চাৰি খন গাড়ী আছে। ইয়াৰ লগতে দুটা কোম্পানী আৰু অটোমোবাইল ফাৰ্মত অংশীদাৰিত্ব আছে। খোদ পূজাৰ ওচৰত ১৭ কোটি টকাৰ সম্পত্তি আছে।

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...