শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গাঞ্জা খাই আটক হ’ল IIT বাবা, চলালে চৰমপন্থাৰ চেষ্টা!

IIT Baba Abhay Singh: জয়পুৰৰ IIT বাবা ওৰফে অভয় সিঙৰ পৰা উদ্ধাৰ কৰা হৈছে গাঞ্জা। এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে FIR ৰুজু কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, অভয় সিং নামৰ এজন ব্যক্তিয়ে এখন হোটেলত আত্মহত্যাৰ চেষ্টা চলাই থকাৰ তথ্য লাভ কৰা হৈছে।

গাঞ্জা খাই আটক হ’ল IIT বাবা, চলালে চৰমপন্থাৰ চেষ্টা!
আইআইটি বাবা ওৰফে অভয় সিং
trishna-kalita
Trishna Kalita | Updated On: 03 Mar 2025 18:04 PM

প্ৰয়াগৰাজ মহাকুম্ভৰ পৰা চৰ্চালৈ অহা আইআইটি বাবা ওৰফে অভয় সিঙৰ পৰা ৰাজস্থানত উদ্ধাৰ কৰা হৈছে মাদক দ্ৰব্য (গাঞ্জা)। ইয়াৰ উপৰিও তেওঁ চৰমপন্থাৰ চেষ্টা চলোৱাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। কিন্তু দলটোৱে সেই স্থানত উপস্থিত হোৱাৰ লগে লগে তেওঁ কয় যে গাঞ্জা সেৱন কৰাৰ বাবে একো কথা মনত নাই। এই গোচৰত জয়পুৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে। অৱশ্যে সামান্য পৰিমাণৰ গাঞ্জাৰ বাবে আইআইটি বাবাক গ্ৰেপ্তাৰ কৰা হোৱা নাই। এই সন্দৰ্ভত  সম্পূৰ্ণ তথ্য প্ৰদান কৰিছে ডিচিপি চাউথে।

ডিচিপি চাউথৰ তথ্য অনুসৰি আৰক্ষী থানা শিপ্ৰপাথ জয়পুৰ চাউথে আৰক্ষী নিয়ন্ত্ৰণৰ পৰা তথ্য লাভ কৰিছিল যে অভয় সিং নামৰ এজন ব্যক্তিয়ে এখন হোটেলত আত্মহত্যাৰ চেষ্টা চলাইছে। তাৰ পাছতে আৰক্ষী বিষয়া ৰাজেন্দ্ৰ গোদাৰাই যেতিয়া নিজৰ টীমৰ সৈতে সেই স্থানত উপস্থিত হয়, তেতিয়া তেওঁ হোটেলত অভয় সিঙক পাইছিল। সেই সময়ত অভয়ে গাঞ্জাৰ পেকেট এটা উলিয়াই আৰক্ষীক ক’লে যে, মই গাঞ্জা খাইছো। নিচাত কৰি যদি কিবা তথ্য দিছোঁ, তেন্তে সেই বিষয়ে একো মনত নাই। এই কথাত আৰক্ষীয়ে সেই গাঞ্জাৰ পেকেটটো জব্দ কৰে। যাৰ ওজন আছিল ১.৫০ গ্ৰাম। সামান্য পৰিমাণৰ গাঞ্জা থকাৰ বাবে তেওঁক জামিনত মুকলি কৰি দিয়া হৈছে।

কুম্ভমেলা শেষ যদিও আইআইটি বাবা ওৰফে অভয় সিং এতিয়া বতৰিৰ শিৰোনামত আছে। কেতিয়াবা তেওঁৰ ভৱিষ্যদ্বাণীৰ বাবে আৰু কেতিয়াবা তেওঁৰ অভিযোগৰ বাবেই তেওঁ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ তেওঁ এটা নিউজ চেনেলত তৰ্কৰ সময়ত তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। অভয় সিঙে চেনেলটোত তৰ্কৰ সময়ত বেয়া আচৰণ কৰা বুলি কয়। কেৱল এয়াই নহয়, এই বিষটোত আৰক্ষীৰ কৰ্মশৈলীক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল।

আইআইটি বাবাই জনোৱা মতে, ২৮ ফেব্ৰুৱাৰীত এটা নিউজ চেনেলে তেওঁক সাক্ষাৎকাৰৰ বাবে মাতিছিল। এই সময়ছোৱাত লোকসকলে তেওঁৰ লগত বেয়া আচৰণ কৰিছিল। আনকি একাংশ লোকে নিউজ ৰুমৰ ভিতৰলৈ আহি কাজিয়াৰ সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও তেওঁক জোৰকৈ এটা কোঠাৰ ভিতৰত আবদ্ধ কৰিবলৈ চেষ্টা কৰিিল। তাত উপস্থিত স্বামী বেদামূৰ্তি নন্দ সৰস্বতী নামৰ লগুণ পিন্ধা এজন লোকেও তেওঁক লাঠিৰে আক্ৰমণ কৰে।