Illegal Bangladeshi : ৰবি শৰ্মাৰ নামত ভুৱা আধাৰ কাৰ্ড ! পুনৰ আটক বাংলাদেশী নাগৰিকক…
সূত্ৰৰ খবৰ অনুসৰি, কোনো বৈধ ভ্ৰমণ নথি অবিহনে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধত এখন হোটেলৰ পৰা কলকাতা আৰক্ষীয়ে আটক কৰিছে এজন বাংলাদেশীক। সূত্ৰই সদৰী কৰা মতে, তদন্তৰ সময়ত আৰক্ষীয়ে তেওঁৰ পৰা ৰবি শৰ্মাৰ নামত এখন ভুৱা আধাৰ কাৰ্ড জব্দ কৰে ।
ভুৱা পৰিচয় পত্ৰ লগত লৈ ভাৰতত প্ৰৱেশ কৰা বাংলাদেশীক পুনৰ আটক কৰাৰ খবৰ লাভ কৰা গৈছে । উল্লেখ্য যে, বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা বাংলাদেশী লোকৰ অনুপ্ৰৱেশৰ আশংকাই উত্তৰ-পূৰ্ব ভাৰতৰ ৰাজ্য কেইখনত অধিক উদ্বেগ সৃষ্টি কৰিছিল । ইয়াৰ সমান্তৰালভাৱে পশ্চিম বংগকে ধৰি উত্তৰ-পূবৰ ৰাজ্য কেইখনে অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে অধিক সতৰ্কতা আৱলম্বন কৰিছিল । এই সতৰ্কতাৰ মাজতে পুনৰ কলকাতাৰ পৰা আটক কৰা হৈছে এজন অবৈধ বাংলাদেশী নাগৰিকক ।
সূত্ৰৰ খবৰ অনুসৰি, কোনো বৈধ ভ্ৰমণ নথি অবিহনে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধত এখন হোটেলৰ পৰা কলকাতা আৰক্ষীয়ে আটক কৰিছে এজন বাংলাদেশীক। আৰক্ষী সূত্ৰৰ মতে, শুকুৰবাৰে এখন হোটেলৰ পৰা চেলিম মাটুবাৰ নামৰ এজন বাংলাদেশী নাগৰিকক আটক কৰিছে আৰক্ষীয়ে । আৰক্ষীৰ তালাচীত ব্যক্তিজনে ভুৱা পৰিচয় পত্ৰ প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।
ইফালে ব্যক্তিজনে দাবী কৰিছে যে, তেওঁ বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ প্ৰাক্তন স্থানীয় নেতা আৰু দুবছৰ পূৰ্বে কলকাতাত উপস্থিত হৈছিল। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে বিদেশী আইন আৰু প্ৰতাৰণা সম্পৰ্কীয় ধাৰাত গোচৰ ৰুজু কৰিছে। আজি তেওঁক আদালতত হাজিৰ কৰা হৈছে । সূত্ৰই সদৰী কৰা মতে, তদন্তৰ সময়ত আৰক্ষীয়ে তেওঁৰ পৰা ৰবি শৰ্মাৰ নামত এখন ভুৱা আধাৰ কাৰ্ড জব্দ কৰে । এই আধাৰ কাৰ্ডৰ সহায়ত তেওঁ ভুৱা ভাৰতীয় পাছপ’ৰ্ট লাভ কৰিছিল বুলি জানিব পৰা গৈছে ।
ইফালে, শুকুৰবাৰে নিশা এক অভিযানত অসম আৰক্ষীয়েও অবৈধভাৱে ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰা পাঁচজন ব্যক্তিক আটক কৰে। আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত আটক কৰা ব্যক্তি কেইজনৰ হৈছে দুডু মিয়া চাকদাৰ, অনুৱাৰ হুছেইন, ইমৰাণ হাছান, মঃ মহাবুব আৰু নাহৰ বেগম। আটকাধীন লোক কেইজনৰ ভিতৰত এগৰাকী মহিলাও আছিল ।
উল্লেখ্য যে, তেওঁলোকৰ পৰিচয় পত্ৰ পৰীক্ষা কৰি পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয় বুলি জানিব পৰা গৈছে । সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত অসম আৰক্ষীয়ে অবৈধ অনুপ্ৰৱেশ আৰু আনুষংগিক কাৰ্যকলাপ ৰোধৰ বাবে স্পৰ্শকাতৰ সীমান্ত অঞ্চলত সতৰ্কতা বৃদ্ধি কৰিছে।