সাক্ষৰতাৰ হাৰ ১ শতাংশ বৃদ্ধিয়ে মহিলা ভোটাৰৰ সংখ্যা ২৫ শতাংশ বৃদ্ধি কৰিছে ভাৰতত- এছ বি আই
ভাৰতত সাক্ষৰতাৰ হাৰ আৰু মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধিৰ হাৰৰ এক যোগসূত্ৰসহ ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰিছে এক প্ৰতিবেদন । য'ত মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধিৰ কাৰণসূহ উল্লেখ কৰা হৈছে-
ভাৰতত সাক্ষৰতাৰ হাৰ এক শতাংশ বৃদ্ধিৰ ফলত মহিলা ভোটাৰৰ হাৰ ২৫ শতাংশ বৃদ্ধি পোৱা বুলি ভাৰতীয় ষ্টেট বেংকৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে । প্ৰতিবেদনত দেশৰ সাক্ষৰতা আৰু মহিলা ভোটাৰৰ মাজত এক উল্লেখযোগ্য সম্পৰ্ক আলোকপাত কৰা হৈছে । অৰ্থাৎ ২০১৯ চনৰ তুলনাত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত বৃদ্ধি পোৱা ১.৮ কোটি মহিলা ভোটাৰৰ ভিতৰত ৪৫ লাখৰ সাক্ষৰতাৰ স্তৰ উন্নত হোৱা বুলি ক’ব পাৰি ।
ইয়াত কোৱা হৈছে, “আমি দেখিবলৈ পাওঁ যে সাক্ষৰতাৰ হাৰ ১ শতাংশ বৃদ্ধিৰ ফলত মহিলা ভোটাৰৰ ভোটদানৰ অনুপাত ২৫ শতাংশ বৃদ্ধি পাইছে, যাৰ অৰ্থ হৈছে ১.৮ কোটি বৃদ্ধি পোৱা মহিলা ভোটাৰৰ ভিতৰত (২০২৪ আৰু ২০১৯ চনৰ নিৰ্বাচনৰ তুলনামূলক বিশ্লেষণ মতে) ৪৫ লাখ মহিলা ভোটাৰৰ বৃদ্ধিৰ কাৰণ সাক্ষৰতাৰ স্তৰৰ উত্থান ।”
প্ৰতিবেদনখনে মহিলা ভোটাৰৰ ভোটদানৰ হাৰক ধাৱমান কৰা কাৰকসমূহৰ ওপৰতো আলোকপাত কৰিছে আৰু মূল অৱদানকাৰী হিচাপে সাক্ষৰতা, নিয়োগ, আৰু ঘৰৰ মালিকীস্বত্বৰ গুৰুত্বৰ ওপৰত দৃষ্টি আৰোপ কৰিছে ।
ইয়াত আৰু কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ দৰে নিয়োগ আঁচনিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, ইয়াত ৩৬ লাখ অতিৰিক্ত মহিলা ভোটাৰ আছে ।
অনাময় ব্যৱস্থায়ো এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে ২০২৪ চনৰ নিৰ্বাচনত বৃদ্ধি পোৱা ২১ লাখ মহিলা ভোটাৰৰ বাবে অৰিহণা যোগাইছে । প্ৰতিবেদনত মহিলাসকলৰ বাবে আৰ্থ-ৰাজনৈতিক অগ্ৰাধিকাৰ গঢ় দিয়াত অনাময় ব্যৱস্থাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰা হৈছে ।
ইয়াত কোৱা হৈছে যে “২০২৪ চনৰ নিৰ্বাচনত অনাময় ব্যৱস্থাই প্ৰায় ২১ লাখ বৃদ্ধি পোৱা মহিলা ভোটাৰৰ ভোটদানৰ কাৰণ যিয়ে আৰ্থ-ৰাজনৈতিক অগ্ৰাধিকাৰ গঢ় দিয়াত অনাময়ৰ সৰ্বোচ্চ তাৎপৰ্য্যৰ ইংগিত দিয়ে”।
বিদ্যুতৰ সুবিধা আৰু উন্নত খোৱাপানীৰ উৎসইও মহিলা ভোটাৰৰ ভোটদানৰ ওপৰত ইতিবাচক প্ৰভাৱ দেখুৱাইছে । কিন্তু প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তেওঁলোকৰ প্ৰভাৱ পৰিসংখ্যাগতভাৱে গুৰুত্বপূৰ্ণ নহয় ।
বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহৰ মালিকীস্বত্ব আন এক উল্লেখযোগ্য অৱদান । প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০ লাখ অতিৰিক্ত মহিলা ভোটাৰৰ সৈতে ঘৰৰ মালিকীস্বত্ব বৃদ্ধিৰ সম্পৰ্ক থাকিব পাৰে । লক্ষণীয়ভাৱে এই আঁচনিৰ অধীনত অনুমোদিত ৭৪ শতাংশ ঘৰ মহিলাৰ মালিকানাধীন, সেয়া এককভাৱে বা যৌথভাৱে হওক, যিয়ে মহিলা সবলীকৰণৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱক প্ৰতিফলিত কৰে ।
ভোটাৰৰ ভোটদানৰ ক্ষেত্ৰত আন্তঃৰাজ্যিক পাৰ্থক্যও পৰীক্ষা কৰা হৈছে প্ৰতিবেদনত । ০.৬২৯ ৰ আন্তঃশ্ৰেণী সম্পৰ্ক সহগ (Rho)ৰ সৈতে এই তথ্যই প্ৰকাশ কৰিছে যে মহিলা ভোটাৰৰ ভোটদানৰ ৬২ শতাংশ তাৰতম্য ৰাজ্যসমূহৰ মাজত পাৰ্থক্যৰ বাবেই হৈছে ।
ইয়াৰ পৰা বুজা গ’ল যে সাক্ষৰতা, নিয়োগ, আৰু অনাময়ৰ দৰে কাৰকে ৰাজ্যসমূহৰ ভিতৰত জনসাধাৰণৰ সকলো শ্ৰেণীৰ মহিলাসকলক ইতিবাচকভাৱে প্ৰভাৱিত কৰে ।
প্ৰতিবেদনত মহিলাসকলক সবলীকৰণ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত তেওঁলোকৰ অংশগ্ৰহণ শক্তিশালী কৰাৰ বাবে শিক্ষা, নিয়োগ আৰু মৌলিক সুবিধাসমূহৰ ওপৰত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হৈছে । এই কাৰকসমূহে কেৱল জীৱনৰ মান বৃদ্ধি কৰাই নহয় ভাৰতৰ আৰ্থ-ৰাজনৈতিক পৰিৱেশ গঢ় দিয়াতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।