শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পহলগাম আক্ৰমণৰ প্ৰতিবাদঃ লজ্জিত হৈ ইছলাম ধৰ্ম ত্যাগ কৰিলে শিক্ষকে

পহলগামত ইছলামিক সন্ত্ৰাসবাদীৰ এই নৃশংসতাৰ পিছতে এগৰাকী শিক্ষকে ব্যক্তিগতভাৱে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। ছাবিৰ হোছেইন নামৰ পেছাত শিক্ষক এগৰাকী ব্যক্তিয়ে কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত ইছলাম ত্যাগ কৰাৰ সিদ্ধান্ত লয়।

পহলগাম আক্ৰমণৰ প্ৰতিবাদঃ লজ্জিত হৈ ইছলাম ধৰ্ম ত্যাগ কৰিলে শিক্ষকে
ছাবিৰ হোছেইনImage Credit source: TV9 Bangla
monjit-dutta
Monjit Dutta | Published: 24 Apr 2025 22:15 PM

কাশ্মীৰৰ পহলগামত মঙলবাৰে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন সংঘটিত কৰা নৃশংস হত্যাকাণ্ডৰ ভয়াৱহতা এতিয়াও পাহৰিব পৰা নাই দেশে। সন্ত্ৰাসবাদীৰ এই পাশৱিক কাণ্ডই জোকাৰি গৈছে প্ৰতিগৰাকী লোকক। পহলগামত ইছলামিক সন্ত্ৰাসবাদীৰ এই নৃশংসতাৰ পিছতে পশ্চিম বংগৰ এগৰাকী শিক্ষকে ব্যক্তিগতভাৱে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। ৰাজ্যখনৰ বদুৰীয়া চহৰত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ছাবিৰ হোছেইন নামৰ এগৰাকী ব্যক্তিয়ে কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত ইছলাম ত্যাগ কৰাৰ সিদ্ধান্ত লয়।

নিজ মুখে এই ব্যক্তিগত সিদ্ধান্তৰ বিষয়ে সদৰী কৰিছে ছাবিৰ হোছেইন নামৰ শিক্ষকজনে। অৱশ্যে তেওঁ এইক্ষেত্ৰত এতিয়াও আইনী পথত আগবাঢ়িব পৰা নাই। কিন্তু অতি সোনকালেই তেওঁ আইনগতভাৱে ‘ধৰ্মহীন’ হ’ব বুলি স্পষ্ট কৰি দিছে। ছাবিৰে কয়, “আমি সদায় কওঁ যে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই। কিন্তু এই সন্ত্ৰাসবাদীসকলে ধৰ্মীয় দৃষ্টিভংগী ব্যৱহাৰ কৰিছে। ধৰ্মৰ বিষয়ে সুধি মানুহক হত্যা কৰিছে।”

একে সময়তে ছাবিৰে কোনো ধৰ্মক তুচ্ছজ্ঞান কৰা নাই বুলিও কয়। তেওঁ কয়, “মোৰ কাকো আঘাত দিয়াৰ কোনো উদ্দেশ্য নাই। এয়া মোৰ সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত। সৰুৰে পৰাই মই ডাঙৰ হোৱা পৰিৱেশত বিধৰ্মীসকলৰ প্ৰতি থকা ঘৃণা সদায় পৰ্যবেক্ষণ কৰি আহিছো। আমি সদায় কওঁ যে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই। কিন্তু এই সন্ত্ৰাসবাদীসকলে ধৰ্মীয় দৃষ্টিভংগী ব্যৱহাৰ কৰিছে।”

পহলগামত এই সন্ত্ৰাসবাদীসকলে ধৰ্মৰ বিষয়ে সুধি মানুহক হত্যা কৰিছে বুলি উল্লেখ কৰি ছাবিৰে লগতে কয়, “আমি পূৰ্বেও মুম্বাই আক্ৰমণৰ পৰা পৰা আৰম্ভ কৰি বিভিন্ন সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে এটা বিশেষ ধৰ্মৰ লোকক জড়িত হোৱা দেখিছো। ময়ো সেই ধৰ্মীয় গোটটোৰ অন্তৰ্গত। মই সঁচাকৈয়ে ইয়াৰ বাবে লজ্জিত অনুভৱ কৰোঁ।” ছাবিৰে লগতে তেওঁ যি স্থানলেই যায়, সেই স্থানতে তেওঁৰ ধৰ্মৰ বাবে বাৰে বাৰে বিভিন্ন প্ৰশ্নৰ সন্মুখীন হয় বুলিও ক্ষোভ প্ৰকাশ কৰে।

তেওঁৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “মই কেৱল এই দায়িত্বৰ পৰা নিজকে আঁতৰাই ৰাখিছো। মই এজন শিক্ষক। মই য’তেই যাওঁ তাতেই এনে প্ৰশ্নৰ সন্মুখীন হ’ব লাগিব। কিন্তু যি দোষৰ বাবে মই দায়ী নহয়, সেই দোষৰ দায়িত্ব মই কিয় ল’ম? মই আত্মগ্লানিৰ বাবেই এই সিদ্ধান্ত লৈছো। অনাগত দিনত মই নিজকে আনুষ্ঠানিকভাৱে ধৰ্মহীন বুলি ঘোষণা কৰিব বিচাৰিছো।”

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে পহলগাঁও কাণ্ডৰ পিছৰে পৰা সমগ্ৰ দেশতে ভিন্ন ৰূপত প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ঘটনাৰ প্ৰতিশোধৰ ইংগিত দিছে। আনহাতে, নতুন দিল্লীয়ে ইতিমধ্যে পাকিস্তানক হেঁচা প্ৰয়োগ কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে ৱাঘা সীমান্ত সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে, আৰু সিন্ধু জল ভাগ-বতৰা চুক্তিও আপাততঃ স্থগিত ৰখা হৈছে।

একে সময়তে পাকিস্তানী নাগৰিকৰ ভিছাও সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। ইয়াৰ উপৰিও ভাৰতত থকা পাকিস্তানীসকলক শীঘ্ৰে ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। অনাগত সময়ত কেন্দ্ৰীয় চৰকাৰে এই ভয়ংকৰ ঘটনাৰ প্ৰতিক্ৰিয়া ৰূপত আন কি কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।