5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Independence Day 2024: আজি স্বাধীনতা দিৱস, জানক ১৫ আগষ্টৰ ইতিহাস আৰু তাৎপৰ্য

Independence Day History: ব্ৰিটিছ শাসনৰ পৰিকল্পনা অনুসৰি ভাৰতে ১৯৪৮ চনৰ ৩০ জুনত স্বাধীনতা লাভ কৰিব লাগিছিল। কিন্তু জৱহাৰলাল নেহৰু আৰু জিন্নাৰ মাজত বৃদ্ধি পোৱা বিবাদে সাম্প্ৰদায়িক সংঘৰ্ষও বৃদ্ধি কৰিছিল। যাৰ বাবে এই পৰিকল্পনা সলনি কৰা হৈছিল

Independence Day 2024: আজি স্বাধীনতা দিৱস, জানক ১৫ আগষ্টৰ ইতিহাস আৰু তাৎপৰ্য
স্বাধীনতা দিৱসৰ ইতিহাস
Follow Us
barasha-sarma
Barasha Sarma | Published: 15 Aug 2024 06:00 AM

আজি স্বাধীনতা দিৱস। ১৯৪৭ চনৰ আজিৰ দিনটোতেই অৰ্থাৎ ১৫ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰিছিল।ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈ এক স্বাধীন দেশ হিচাপে বিশ্বৰ বুকুত নিজৰ পৰিচয় দাঙি ধৰাৰ আজি ৭৮ বছৰ সম্পূৰ্ণ হ’ল।  এই স্বাধীনতা লাভৰ আঁৰত আছে এক ৰক্তাক্ত আৰু ত্যাগৰ ইতিহাস। যাৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ এই স্বাধীনতা দিৱস। দেশবাসীয়ে স্বাধীনতা উদযাপন কৰিবলৈ ইতিমধ্যে সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি দিল্লীৰ লালকিল্লাত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিব।  দেশৰ বাবে এই গুৰুত্বপূৰ্ণ দিনটো উদযাপন কৰাৰ আগতে ইয়াৰ ইতিহাস আৰু  তাৎপৰ্য জনা দৰকাৰ।

স্বাধীনতা দিৱসৰ ইতিহাস

১৭ শতিকাৰ আৰম্ভণিৰে পৰা ভাৰতত ইংৰাজে উপনিবেশ স্থাপন কৰিছিল। ১৮ শতিকাত শক্তিশালী সামৰিক বাহিনী সহায়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয় নিজকে শক্তিশালী গোট হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত দেশত পোনপটীয়াকৈ শাসন প্ৰতিষ্ঠা কৰাৰ বাবে ইংৰাজৰ বাট মুকলি হয়। আনুষ্ঠানিকভাৱে ১৮৫৭ চনৰ পৰাই ভাৰতত ইংৰাজ বিৰোধী আন্দোলন গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত ভাৰতীয়ৰ মাজত স্বাধীনতা লাভৰ আকাংক্ষা তীব্ৰতৰ হৈ উঠে আৰু ১৮৮৫ চনত গঠন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে এই আশাক এক স্বাধীনতা আন্দোলনাৰ ৰূপ দিয়াত অৰিহণা যোগায়।

ব্ৰিটিছে ২০০ বছৰতকৈ অধিক কাল ধৰি ভাৰতত শাসন কৰিছিল। ভাৰতত স্বাধীনতাৰ বাবে বিদ্ৰোহ ১৮৫৭ চনতে আৰম্ভ হৈছিল আৰু পাছত ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত ই অন্য এক গতি লাভ কৰে। সেই সময়তে অসহযোগ আন্দোলনত জঁপিয়াই পৰে দেশবাসী আৰু এক ব্যাপক আন্দোলন গঢ়ি তোলে।১৯৩০ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনতো জঁপিয়াই পৰিছিল হাজাৰ হাজাৰ সেনানীয  হাজাৰ হাজাৰ শ্বহীদৰ বলিদানেৰে অৱশেষত ১৯৪৭ চনৰ ১৫ আগষ্টত  ভাৰত ইংৰাজৰ শাসনৰ পৰা মুক্ত হয়।

স্বাধীনতা লাভ কৰাৰ সন্ধিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৱে এই ঘটনাক “ভাগ্যৰ সৈতে মিলন” বুলি কৈছিল। ১৫ আগষ্টত প্ৰথমবাৰৰ বাবে লালকিল্লাত নেহৰুৱে জাতীয় পতাকা উত্তোলন কৰিছিল।স্বাধীনতা দিৱসে আমাৰ মনত সেই সকল সেনানীৰ স্মৃতিও জাগৃত কৰে যিয়ে নিজৰ জীৱনক তুচ্ছ্য জ্ঞান কৰি জীৱন দান দিছিল। এই দিনটোৱে আমাক নতুন আৰম্ভণিৰ আহ্বান জনায়।

১৫ আগষ্টৰ দিনটো কিয় ঠিক কৰা হৈছিল

ব্ৰিটিছ শাসনৰ পৰিকল্পনা অনুসৰি ভাৰতে ১৯৪৮ চনৰ ৩০ জুনত স্বাধীনতা লাভ কৰিব লাগিছিল। কিন্তু জৱহাৰলাল নেহৰু আৰু জিন্নাৰ মাজত বৃদ্ধি পোৱা বিবাদে সাম্প্ৰদায়িক সংঘৰ্ষও বৃদ্ধি কৰিছিল। যাৰ বাবে এই পৰিকল্পনা সলনি কৰা হৈছিল। জিন্নাই ভাৰতৰ পৰা পাকিস্তানক পৃথক কৰাৰ দাবীৰ বাবে জনসাধাৰণৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি পাইছিল। যাৰ বাবে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লোৱা হয়।

লৰ্ড মাউণ্টবেটেনে ১৯৪৭ চনৰ ৪ জুলাইত ব্ৰিটিছ হাউছ অৱ কমনছত ভাৰতীয় স্বাধীনতা বিধেয়ক দাখিল কৰে, যিখন বিধেয়ক ব্ৰিটিছ সংসদে অনুমোদন জনায় আৰু পিছলৈ ১৫ আগষ্টক স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। এই দিনটো লৰ্ড মাউণ্টবেটেনৰ বাবে বিশেষ আছিল। কিয়নো ১৯৪৫ চনৰ ১৫ আগষ্টত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ সেনাই ব্ৰিটিছ চৰকাৰৰ আগত আত্মসমৰ্পণ কৰিছিল।

তাৎপৰ্য

প্ৰতি বছৰে পৰম্পৰাগতভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। এই ভাষণত প্ৰধানমন্ত্ৰীয়ে জাতিটোৰ অগ্ৰগতি, কৃতিত্ব আৰু ভৱিষ্যকৰ লক্ষ্যসমূহ প্ৰতিফলতি কৰে। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে ১১ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণ দিব।

Latest News