Independence Day Celebration 2024 Live: বাংলাদেশৰ হিন্দু সুৰক্ষিত হৈ থকা বিচাৰোঃ মোদী | independence Day Celebration 2024 Live Updates PM Narendra Modi Flag Hoisting at Red fort Delhi latest news in Assam news - Assam Tv9

Independence Day Celebration 2024 Live: বাংলাদেশৰ হিন্দু সুৰক্ষিত হৈ থকা বিচাৰোঃ মোদী

Updated On: 

15 Aug 2024 13:40 PM

Independence Day Parade 2024 Live Updates: আজি সমগ্ৰ দেশে পালন কৰিব ৭৮ সংখ্যক স্বাধীনতা দিৱস।দেশৰ বিভিন্ন প্ৰান্তত এই স্বাধীনতা দিৱস পালন কৰা হ'ব। ১৯৪৭ চনৰ আজিৰ দিনটোতেই দেশ স্বাধীন হৈছিল আৰু লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে উত্তোলন কৰিছিল জাতীয় পতাকা।

Independence Day Celebration 2024 Live: বাংলাদেশৰ হিন্দু সুৰক্ষিত হৈ থকা বিচাৰোঃ মোদী

স্বাধীনতা দিৱস লাইভ

Follow Us On

আজি সমগ্ৰ দেশে পালন কৰিব ৭৮ সংখ্যক স্বাধীনতা দিৱস। দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰাৰ পাছতেই দেশবাসীক সম্বোধন কৰিব। পুৱা ৭.৩০ বজাত পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰীয়ে। এই কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৬০০০ বিশেষ অতিথিয়ে অংশ গ্ৰহণ কৰিব।  দিনৰ ১ বজাত পেৰিছ অলিম্পিকত অংশ লোৱা খেলুৱৈসকলক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ প্ৰতিটো প্ৰান্তৰ খবৰ লাভ কৰক এই লাইভ আপডেটত-

LIVE NEWS & UPDATES

The liveblog has ended.
  • 15 Aug 2024 01:40 PM (IST)

    অসমত হিন্দুৰ জনসংখ্যা হ্ৰাস,মুছলিমৰ বৃদ্ধিঃ হিমন্ত বিশ্ব

    ৭৮ সংখ্যক স্বাধীনতা দিৱসত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ ভৱিষ্যত সুৰক্ষিত নহয়। হিন্দু-মুছলমান জনসংখ্যাৰ ভাৰসাম্যনাইকিয়া হৈছে। শর্মাই হিন্দু আৰু মুছলমানসকলক পৰিয়াল পৰিকল্পনাৰ নিয়ম মানি চলিবলৈ আহ্বান জনায়।

  • 15 Aug 2024 12:30 PM (IST)

    শাসকপক্ষক কটাক্ষ মালিকাৰ্জুন খাৰ্গেৰ

    কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে আজি একাংশ লোকে স্বাধীনতা সহজে লাভ কৰা বুলি প্ৰচাৰ কৰিছে যদিও সত্যটো হ’ল লাখ লাখ মানুহে বলিদান দিছিল। ঘৰ এৰি ঘূৰি ফুৰিছিল।  আজিৰ শাসকসকলে বিভাজনমূলক চিন্তাধাৰাক প্ৰসাৰিত কৰিছে। ঘৃণা বিয়পাই দিয়াৰ উদ্দেশ্যেৰে তেওঁলোকে বিভিষীকা দিৱস উদযাপন কৰে বুলি কয়।


  • 15 Aug 2024 12:19 PM (IST)

    ৩ লাখ প্ৰতিষ্ঠানলৈ মোদীৰ আহ্বান

    মোদীয়ে কয়, আজি দেশত প্ৰায় ৩ লাখ প্ৰতিষ্ঠানে কাম কৰি আছে। এই ৩ লাখ ইউনিটলৈ আহ্বান জনাইছো যে এবছৰত আপোনালোকৰ পৰ্য্যায়ত ২টা সংস্কাৰ সাধন কৰি কাৰ্যকৰী কৰক।

  • 15 Aug 2024 11:46 AM (IST)

    অসম আগশাৰীৰ ৰাজ্যত পৰিণত হৈছে

    নিটি আয়োগৰ তথ্য অনুসৰি অসমে ৬৫ শতাংশ গড় স্কোৰ লাভ কৰি দেশৰ ৫ খন আগশাৰীৰ ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। অসমৰ ৰাইজৰ শান্তি শৃংখলা, আন্দোলন বৰ্জন আদিৰ বাবে অসম আগশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি কয় শৰ্মাই ।

  • 15 Aug 2024 11:30 AM (IST)

    দুৰ্নীতি কৰা সকলে ভয় কৰিব লাগেঃ মোদী

    আমাৰ প্ৰতিজন দেশবাসীয়ে দুৰ্নীতিৰ পৰা সমস্যাত ভুগিছে।  সেইবাবেই আমি দুৰ্নীতিৰ বিৰুদ্ধে ব্যাপক যুদ্ধ আৰম্ভ কৰিছো। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ মূল্য তেওঁলোকে দিব লাগিব।

  • 15 Aug 2024 11:11 AM (IST)

    স্বাধীনতা দিৱসৰ শুভেচ্ছা ৰাহুল গান্ধীৰ

    দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন ৰাহুল গান্ধীৰ।

     

  • 15 Aug 2024 11:04 AM (IST)

    অসমৰ দ্বিতীয় প্ৰাপ্তিৰ কথা উল্লেখ হিমন্ত বিশ্বৰ

    অসমৰ দ্বিতীয় প্ৰাপ্তি-  টাটা গ্ৰুপে জাগিৰোডত ২৭,০০০ কোটি টকা ব্যয়ৰে ছেমিকণ্ডাক্টৰ প্ৰকল্প আৰম্ভ কৰিছে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। এই বৃহত পৰিমাণৰ বিনিয়োগৰ বাবে টাটা গ্ৰুপক ধন্যবাদ জ্ঞাপন কৰে হিমন্তই।

  • 15 Aug 2024 10:44 AM (IST)

    অসমৰ প্ৰাপ্তিৰ কথা উল্লেখ হিমন্ত বিশ্বৰ

    অসমৰ প্ৰথম প্ৰাপ্তি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ৰূপে স্বীকৃতি। মোদীৰ আশীৰ্বাদ অবিহনে চৰাইদেউ মৈদাম কেতিয়াও বিশ্ব ঐতিহ্য ৰূপে স্বীকৃতি লাভ নকৰিলেহেতেন বুলি কয় শৰ্মাই। ইয়াৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে তেওঁ।

  • 15 Aug 2024 10:19 AM (IST)

    অসমত মুছলিম জনসংখ্যা বৃদ্ধিঃ হিমন্ত

    খানাপাৰত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমত মুছলিমৰ জনসংখ্যা ৪১ শতাংশলৈ বৃদ্ধি আৰু হিন্দুৰ জনসংখ্যা ৫৭ শতাংশলৈ হ্ৰাস। আমি পূৰ্বৰ পৰিবেশ ঘূৰাই আনিব লাগিব।

  • 15 Aug 2024 10:02 AM (IST)

    মোৰ প্ৰতিটো মুহূৰ্ত দেশৰ বাবেঃ মোদী

    প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মোৰ প্ৰতিটো মুহূৰ্ত দেশৰ বাবে। তৃতীয় কাৰ্যকালত ৩ গুণ গতিৰে কাম কৰিম। আপোনালোকে মোক দিয়া দায়িত্ব মই পালন কৰিম। প্ৰত্যাহ্বানৰ প্ৰতি মোৰ ভয় নাই। 

  • 15 Aug 2024 09:49 AM (IST)

    বাংলাদেশ, পাকিস্তানত থকা হিন্দুসকলেও অখণ্ড ভাৰতৰ বাবে সংগ্ৰাম কৰিছিল

    হিমন্ত বিশ্ব শৰ্মাই কয়,  ভাৰতৰ বিভাজন কোনোৱে বিচৰা নাছিল। স্বাধীনতা সংগ্ৰামত ঐকবদ্ধ ভাৰতৰ বাবে সকলোৱে সংগ্ৰাম কৰিছিল। বাংলাদেশ, পাকিস্তানত থকা হিন্দুসকলেও অখণ্ড ভাৰতৰ বাবে সংগ্ৰাম কৰিছিল। সেই সময়ত ৰাষ্ট্ৰৰ নেতৃত্ব কৰি থকা লোকসকলে ভাৰতক মৌলবাদী আৰু ভাৰতক বিখণ্ড কৰিব বিচৰা লোকৰ ওচৰত আত্মসমৰ্পন কৰিছিল। যাৰ বাবে হিন্দু হৈ পৰিছিল বাংলাদেশী হিন্দু, পাকিস্তানী হিন্দু।

  • 15 Aug 2024 09:30 AM (IST)

    এক ৰাষ্ট্ৰ এক নিৰ্বাচন সন্দৰ্ভত মোদী

    এক ৰাষ্ট্ৰ আৰু এক নিৰ্বাচনৰ ওপৰত মন্তব্য প্ৰদান কৰি মোদীয়ে কয় যে, এক ৰাষ্ট্ৰ- এক নিৰ্বাচন ধাৰণাৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগিব। ভাৰতৰ প্ৰগতিৰ বাবে এই সপোন পূৰণ কৰিব লাগিব। সকলো পক্ষকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো।

  • 15 Aug 2024 09:25 AM (IST)

    হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ সন্দৰ্ভত মোদী

    বাংলাদেশত যি হৈ আছে সেয়া চিন্তাৰ বিষয়। আশা কৰিছো, পৰিস্থিতি শীঘ্ৰেই ভাললৈ ঘূৰি আহিব। আশা কৰিছো তাত হিন্দুসকল সুৰক্ষিত থাকিব। চুবুৰীয়া ৰাষ্ট্ৰ শান্তিত থকা ভাৰতে বিচাৰে। আগন্তুক সময়তো আমি বাংলাদেশৰ উন্নয়নৰ যাত্ৰাত শুভ চিন্তক হিচাপে থাকিম।

  • 15 Aug 2024 09:22 AM (IST)

    খানাপাৰাত জাতীয় পতাকা উত্তোলন হিমন্ত বিশ্বৰ

    খানাপাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জাতীয় পতাকা উত্তোলনৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে জনতাক সম্বোধন কৰে।

  • 15 Aug 2024 09:08 AM (IST)

    কিছুমানে দেশৰ প্ৰগতি দেখা নাপায়

    প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে একাংশ লোকে দেশৰ অগ্ৰগতি দেখা নাপায়। এনে লোকৰ পৰা আমি আঁতৰত থাকিব লাগে। তেওঁলোকে কেৱল নিজৰ লাভহে চায়। গতিকে আমি নিৰাশাবাদী এনে দিশৰ পৰা আঁতৰি থাকিব লাগে।

  • 15 Aug 2024 08:52 AM (IST)

    দোষীৰ মাজত ভয় সৃষ্টি হোৱাকৈ শাস্তিৰ ঘোষণা কৰিব লাগে…

    মোদীয়ে কয়, মহিলাৰ ওপৰত অত্যাচাৰ হৈ আছে। চৰকাৰে এই সমূহ দিশ গুৰুত্ব সহকাৰে ল’ব লাগে। মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ গুৰুতৰ তদন্ত কৰিব লাগে। দেশত ক্ষোভৰ সৃষ্টি হৈছে। শাস্তিৰ বিষয়ে সোনকালে আলোচনা কৰা অতি প্ৰয়োজনীয়, যাতে দোষীসকলৰ মাজত ভয়ৰ সৃষ্টি হয়।

  • 15 Aug 2024 08:41 AM (IST)

    আগন্তুক ৫ বছৰত মেডিকেল কলেজত ৭৫ হাজাৰ আসন বৃদ্ধি কৰা হ’ব

    দেশবাসীক সম্বোধন কৰাৰ সময়তে মোদীয়ে এক ডাঙৰ ঘোষণা কৰে। তেওঁ কয় যে, আগন্তুক ৫ বছৰত মেডিকেল কলেজত ৭৫ হাজাৰ আসন বৃদ্ধি কৰা হ’ব।

  • 15 Aug 2024 08:39 AM (IST)

    আমি শিক্ষাৰ ক্ষেত্ৰত যুগ যুগ ধৰি চলি অহা নালন্দা মনোভাৱ জাগ্ৰত কৰিব লাগিব

    মোদীয়ে কয় যে, মোৰ তৃতীয়বাৰৰ বাবে দেশবাসীৰ সেৱা কৰাৰ সুযোগ দিছে। বিকশিত ভাৰতৰ বাৰ্তা লৈ আমি আগবাঢ়ি আছো। আমি বহু নতুন কাম সাধন কৰিব লাগিব। উন্নয়নৰ সপোন বাস্তৱত পৰিণত কৰিব লাগিব। এয়া আমাৰ স্বভাৱ কৰি তুলিব লাগিব। তেওঁ কয়, আমি শিক্ষাৰ ক্ষেত্ৰত যুগ যুগ ধৰি চলি অহা নালন্দা মনোভাৱ জাগ্ৰত কৰিব লাগিব। ভাষাৰ বাবে যাতে কোনো যুৱক- যুৱতী পিছ পৰি নৰয়, তাৰ বাবে আমি নতুন শিক্ষা নীতিত গুৰুত্ব দিলো। আজিৰ পৃথিৱীত দক্ষতাৰ গুৰুত্ব বাঢ়িছে। আমিও দক্ষতা বৃদ্ধি কৰিব বিচাৰো। এই সপোন লৈ আগবাঢ়িছো যে ভাৰতৰ দক্ষ যুৱক-যুৱতীসকলে বিশ্বত কঁপনিৰ সৃষ্টি কৰিব পাৰিব।

  • 15 Aug 2024 08:26 AM (IST)

    নীতি- উদ্দেশ্য ঠিক থাকিলে সফলতা পোৱা যায়ঃ মোদী

    মোদীয়ে কয় যে, আমি যুগ যুগ ধৰি শিকলি ভাঙি ওলাই আহিছো। প্ৰতিটো খণ্ডতে আধুনিক ব্যৱস্থা গঢ় লৈ উঠিছে। মোদীয়ে কয়, আমি ১০ বছৰ ধৰি গাঁৱৰ মহিলাসকলৰ বাবে কাম কৰিছো আৰু আত্মনিৰ্ভৰ কৰি তুলিছো। ১০ কোটি মহিলা এতিয়া আৰ্থিকভাৱে আত্মনিৰ্ভৰ। ভাৰতীয় চিইঅ’ই সমগ্ৰ বিশ্বত খ্যাতি অৰ্জন কৰিছে। এয়া মোৰ বাবে গৌৰৱৰ বিষয়। আমি মহাকাশ খণ্ডত সংযোজন কৰিছো। যুৱক- যুৱতীসকলে এই দিশত গুৰুত্ব দিয়াক প্ৰয়োজন। যেতিয়া নীতি আৰু উদ্দেশ্য ঠিত হয়, তেতিয়া নিশ্চয়কৈ আমি সফলতা পাম।

  • 15 Aug 2024 08:10 AM (IST)

    কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শুভেচ্ছা

    ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ চৰকাৰী বাসভৱনত দেশৰ জাতীয় পতাকা উত্তোলন কৰে।

  • 15 Aug 2024 08:07 AM (IST)

    যুৱক-যুৱতী, কৃষক, মহিলাই দাসত্বৰ বিৰুদ্ধে যুঁজ দিছিল,ইতিহাস সাক্ষী আছে: প্ৰধানমন্ত্ৰী মোদী

    প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আজি যিসকল মহান ব্যক্তিয়ে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ বাবে সম্পূৰ্ণ নিষ্ঠা আৰু দায়বদ্ধতাৰে দেশক সুৰক্ষা দি আছে, লগতে দেশখনক নতুন শিখৰলৈ নিয়াৰ চেষ্টা কৰি আছে তেওঁলোক আমাৰ কৃষক, জোৱান, আমাৰ যুৱক-যুৱতীসকলৰ সাহস, আমাৰ আই-ভগ্নী, দলিত, শোষিত আৰু বঞ্চিতসকলৰ অৱদান।  স্বাধীনতাৰ আগৰ সেই দিনবোৰ মনত পেলাওক। শ শ বছৰৰ দাসত্ব আৰু ইয়াৰ প্ৰতিটো সময় আছিল সংগ্ৰামৰ। যুৱক হওক, কৃষক হওক, মহিলা হওক বা জনজাতীয় হওক… তেওঁলোকে দাসত্বৰ বিৰুদ্ধে যুদ্ধ যুঁজিছিল। ইয়াৰ বাবে ইতিহাস সাক্ষী আছে।

  • 15 Aug 2024 07:58 AM (IST)

    ব্ৰিটিছৰ ঔপনিবেশিক শাসন উভালি পেলোৱা ৪০ কোটি মানুহৰ তেজ আমাৰ ওচৰত আছেঃ মোদী

    প্ৰাকৃতিক দুৰ্যোগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, যোৱা কেইটামান বছৰৰ পৰা প্ৰাকৃতিক দুৰ্যোগৰ বাবে আমাৰ চিন্তা বৃদ্ধি হৈছে। বহুলোকে প্ৰাণ হেৰুৱাইছে, সা- সম্পত্তি হেৰুৱাইছে। প্ৰতিগৰাকী লোকলৈ সমবেদনা। এই সংকটৰ সময়ত দেশ তেওঁলোকৰ ওচৰত আছে। মই গৌৰৱান্বিত যে ভাৰতৰ পৰা ঔপনিবেশিক শাসন উভালি পেলোৱা ৪০ কোটি মানুহৰ তেজ আমাৰ ওচৰত আছে। আমি ১৪০ কোটি জনতা একেলগে আগবাঢ়ি যাম আৰু ২০৪৭ চনৰ ভিতৰত “উন্নত ভাৰত” হ’ম।

  • 15 Aug 2024 07:48 AM (IST)

    যদি ৪০ কোটি মানুহে স্বাধীনতা লাভ কৰিব পাৰে তেন্তে ১৪০ কোটি জনতাৰ বিকাশ হ’ব পাৰেঃ মোদী

    যদি ৪০ কোটি মানুহে স্বাধীনতা লাভ কৰিব পাৰে তেন্তে ১৪০ কোটি জনতাৰো বিকাশ হ’ব পাৰেঃ লালকিল্লাত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

  • 15 Aug 2024 07:45 AM (IST)

    শ্বহীদক স্মৰণ প্ৰধানমন্ত্ৰীৰ

    দেশবাসীক সম্বোধন কৰি শ্বহীদক স্মৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে আজি সেই শুভ ক্ষণ, য’ত দেশৰ স্বাধীনতাৰ বাবে জীৱন আহুতি দিয়া, আজীৱন সংঘৰ্ষ কৰা, ফাঁচীৰ সময়তো ভাৰত মাতাৰ জয় ধ্বনি দিয়া প্ৰতিগৰাকীক স্মৰণ কৰাৰ সময়।  এই পুন্য দিনটোত সেই মহান লোকসকলক শ্ৰদ্ধাঞ্জলি। তেওঁলোকৰ বলিদান চিৰ ঋণী বুলি কয় মোদীয়ে।

  • 15 Aug 2024 07:34 AM (IST)

    লালকিল্লাত জাতীয় পতাকা উত্তোলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

    দিল্লীৰ লালকিল্লাত দেশৰ জাতীয় পতাকা উত্তোলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পতাকা উত্তোলনৰ লগে লগেই বাজি উঠিল “জন গন মন”। আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। পতাকা উত্তোলনৰ পাছতেই দেশবাসীক সম্বোধন কৰিব মোদীয়ে।

  • 15 Aug 2024 07:24 AM (IST)

    জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি মোদীৰ

    ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে।তাৰ পাছতে তেওঁ লালকিল্লালৈ গৈ পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰিব।

    জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি

  • 15 Aug 2024 07:07 AM (IST)

    দেশবাসীক শুভেচ্ছা মোদীৰ

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক দিলে ৭৮ সংখ্যক স্বাধীনতা দিৱস শুভেচ্ছা।

     

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version