5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Independence Day 2024: স্বাধীনতাৰ ৭৮ টা বৰ্ষঃ চাওঁ আহক দেশৰ স্বাধীনতা দিৱসৰ ঐতিহাসিক গুৰুত্ব..

অহা ১৫ আগষ্টত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু হৈছে দেশ। দেশৰ এই ঐতিহাসিক ক্ষণটি উদযাপন কৰাৰ পূৰ্বে এই দিনটোৰ ইতিহাস তথা ঐতিহাসিক গুৰুত্বৰ বিষয়ে জ্ঞাত হোৱাটো প্ৰতিগৰাকী ভাৰতীয়ৰে নিশ্চয় দেশপ্ৰেমবোধৰ প্ৰাথমিক লক্ষণ হ’ব। গতিকে ৭৮ তম স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকমুহূৰ্তত ইয়াৰে এক আভাস চাওঁ আহক।

Independence Day 2024: স্বাধীনতাৰ ৭৮ টা বৰ্ষঃ চাওঁ আহক দেশৰ স্বাধীনতা দিৱসৰ ঐতিহাসিক গুৰুত্ব..
স্বাধীনতা দিৱসৰ ইতিহাস
Follow Us
monjit-dutta
Monjit Dutta | Published: 12 Aug 2024 12:35 PM

অহা ১৫ আগষ্টত ভাৰতবৰ্ষই উদযাপন কৰিব দেশৰ স্বাধীনতা দিৱস। ব্ৰিটিছ উপনিৱেশিক শাসনৰ পৰা মুক্ত হৈ এক স্বাধীন দেশ হিচাপে বিশ্বৰ বুকুত আত্মপৰিচয় দাঙি ধৰিব পৰাকৈ দেশৰ আকাংক্ষিত স্বাধীনতা লাভৰ ৭৮ টা বৰ্ষ পূৰ্ণ হোৱাৰ দিশে। এক ৰক্তক্ষয়ী অতীত আৰু পূৰ্ব প্ৰজন্মৰ ত্যাগ-বলিদানৰ ভেটিত গঢ় লৈ উঠা এই গৌৰৱোজ্জল স্বাধীনতা উদযাপন কৰিবলৈ সাজু হৈছে দেশ। দেশৰ এই ঐতিহাসিক ক্ষণটি উদযাপন কৰাৰ পূৰ্বে এই দিনটোৰ ইতিহাস তথা ঐতিহাসিক গুৰুত্বৰ বিষয়ে জ্ঞাত হোৱাটো প্ৰতিগৰাকী ভাৰতীয়ৰে নিশ্চয় দেশপ্ৰেমবোধৰ প্ৰাথমিক লক্ষণ হ’ব। গতিকে ৭৮ তম স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকমুহূৰ্তত ইয়াৰে এক আভাস চাওঁ আহক।

বণিজৰ উদ্দেশ্যৰে ভাৰতলৈ অহা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দেশৰ ক্ষমতা অধিগ্ৰহণ কৰাৰ পিছত ১৮৫৮ চনৰ গৱৰ্ণমেণ্ট অৱ ইণ্ডিয়া এক্টৰ জৰিয়তে ভাৰতৰ শাসনভাৰ পোনে পোনে ব্ৰিটিছ শাসনৰ অধীনলৈ যায়। অৱশ্যে তাৰ পূৰ্বৰে পৰা দেশত কোম্পানী চৰকাৰৰ শাসনৰ বিৰুদ্ধে গঢ়ি তোলা হৈছিল প্ৰতিৰোধ। ১৮ শতিকাৰ ৮০ৰ দশকৰ আৰম্ভণিৰ পৰা ঝাৰখণ্ডত জনজাতীয় বিদ্ৰোহৰ জৰিয়তে আৰম্ভ হয় ইংৰাজৰ বিপক্ষে প্ৰথম বিদ্ৰোহ।

ইয়াৰ পিছতে ইংৰাজ বিৰোধী বিদ্ৰোহে ক্ৰমাগতভাৱে গতি লাভ কৰে। তিলক মাঝি, মুৰ্মু ভাতৃগণ, বীৰছা মুণ্ডাৰ নেতৃত্বত সময়ে সময়ে গঢ়ি উঠা বিদ্ৰোহে প্ৰাৰম্ভিক অৱস্থাতে ভেটি কঁপাই তোলে ইংৰাজ শাসনৰ। আনহাতে ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহে জোকাৰি তোলে ইংৰাজ শাসন। ইয়াৰ পিছতে দেশৰ শাসন পোনে পোনে ব্ৰিটিছ শাসনৰ অধীনলৈ যায়।

আনহাতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত বিংশ শতিকাৰ আৰম্ভণিৰ ফালৰ পৰা আন্দোলনে সংগঠিত ৰূপত গতি লাভ কৰে। ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বই সবল ৰূপত গঢ়ি তোলে আন্দোলন। সেই বৰ্ষতে আৰম্ভ হোৱা অসহযোগ আন্দোলনত অভূতপূৰ্ব হাৰত জপিয়াই পৰে দেশবাসী আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগঠিত ৰূপত ব্যাপক আন্দোলন গঢ় লৈ উঠে।

ইয়াৰ পিছত ক্ৰমে ১৯৩০ চনত আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ ৰূপত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে গঢ়ি উঠা ভাৰতীয় স্বাধীনতা আন্দোলনৰ আন দুটা মূল আন্দোলনৰ সূচনা হয়। এইদৰে দেশবাসীৰ অলেখ ত্যাগ-বলিদান আৰু শ্বহীদৰ তেজৰ বিনিময়ত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ইংৰাজ উপনিৱেশিক শাসনৰ পৰা লাভ কৰে স্বাধীনতা।

দেশৰ আকাংক্ষিত স্বাধীনতা লাভৰ এই দিনটোত অৰ্থাৎ ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ ৰূপত জৱাহৰলাল নেহৰুৱে দিল্লীৰ লালকিল্লাৰ লাহোৰী গেটৰ ওপৰত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰে। এই ধাৰা অব্যাহত ৰাখি প্ৰতিটো স্বাধীনতা দিৱসত দেশৰ প্ৰধানমন্ত্ৰীয়ে পৰম্পৰাগতভাৱে লাল কিল্লাত দেশৰ পতাকা উত্তোলন কৰি আহিছে।

স্বাধীনতা দিৱস- এই বিশেষ দিনটোৰ উদযাপনে দেশৰ গৌৰৱ আৰু ঐক্য, ঐতিহ্যক সোঁৱৰাই আহিছে। দেশৰ অখণ্ডতা, স্বাধীন সত্বা, জাতীয় একতা আৰু স্বাধীনতা আন্দোলনৰ সেনানীসকলৰ প্ৰতি সশ্ৰদ্ধ উদযাপন এই স্বাধীনতা দিৱস। এই বিশেষ দিনটোৱে দেশৰ নতুন প্ৰজন্মক দেশৰ ইতিহাস ৰোমন্থনৰ দ্বাৰা দি আহিছে ভৱিষ্যতৰ নিক-নিৰ্দেশনা।

Latest News