5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিশ্বৰ তৃতীয় বৃহত্তম মেট্ৰ’ নেটৱৰ্কলৈ পৰিণত ভাৰত…সেৱা সম্প্ৰসাৰণে ১০০০ কিলোমিটাৰ অতিক্ৰম

মুঠ দৈৰ্ঘ্য ১০০০ কিলোমিটাৰ অতিক্ৰম কৰি ভাৰতৰ মেট্ৰ’ ৰে’ল নেটৱৰ্ক বিশ্বৰ তৃতীয় বৃহত্তম নেটৱৰ্কত পৰিণত হৈছে। ২০০২ চনৰ পৰা দেশখনৰ মেট্ৰ’ ৰে’ল নেটৱৰ্ক দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। বিশ্বৰ বৃহত্তম নেটৱৰ্কৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে চীন, দ্বিতীয় স্থানত আছে আমেৰিকা ।

বিশ্বৰ তৃতীয় বৃহত্তম মেট্ৰ’ নেটৱৰ্কলৈ পৰিণত ভাৰত…সেৱা সম্প্ৰসাৰণে ১০০০ কিলোমিটাৰ অতিক্ৰম
দিল্লীৰ মেট্ৰ'Image Credit source: PTI
manas-borah
Manas Borah | Updated On: 05 Jan 2025 12:19 PM

২০২৫ চনৰ আৰম্ভণিতে ভাৰতবাসীয়ে লাভ কৰিছে ডাঙৰ সফলতা । প্ৰগতিৰ ক্ষেত্ৰত এক নতুন স্তৰত উপনীত হৈছে ভাৰত । ভাৰতৰ মেট্ৰ’ নেটৱৰ্ক বিশ্বৰ তৃতীয় বৃহত্তম মেট্ৰ’ নেটৱৰ্কত পৰিণত হৈছে। প্ৰকাশিত তথ্য অনুসৰি, ভাৰতৰ মেট্ৰ’ পথ ১০০০ কিলোমিটাৰত বিস্তৃত হৈ আছে । মুঠ দৈৰ্ঘ্য ১০০০ কিলোমিটাৰ অতিক্ৰম কৰি ভাৰতৰ মেট্ৰ’ ৰে’ল নেটৱৰ্ক বিশ্বৰ তৃতীয় বৃহত্তম নেটৱৰ্কত পৰিণত হৈছে। ২০০২ চনৰ পৰা দেশখনৰ মেট্ৰ’ ৰে’ল নেটৱৰ্ক দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। বিশ্বৰ বৃহত্তম নেটৱৰ্কৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে চীন, দ্বিতীয় স্থানত আছে আমেৰিকা ।

২০০২ চনত যাত্ৰা আৰম্ভ কৰা মেট্ৰ’ নেটৱৰ্কটোৱে বছৰ বছৰ ধৰি দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০১৪ চনত এই নেটৱৰ্কে ২৪৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল । পাঁচখন ৰাজ্য আৰু পাঁচখন চহৰক সেৱা আগবঢ়াইছিল মেট্ৰ’ নেটৱৰ্কে । আজি দিনত ১১খন ৰাজ্য আৰু ২৩খন চহৰত ১০০০ কিলোমিটাৰ বিস্তৃত হৈ আছে ভাৰতৰ মেট্ৰ’ নেটৱৰ্ক।

নেটৱৰ্কৰ দৈনিক ৰাইডাৰশ্বিপো উল্লেখযোগ্য বৃদ্ধি পাইছে । ২০১৪ চনৰ ২৮ লাখ যাত্ৰীৰ সংখ্যা বৰ্তমান এক কোটিৰো অধিক যাত্ৰীলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও মেট্ৰ’ ৰে’লে অতিক্ৰম কৰা মুঠ দূৰত্ব ২০১৪ চনত ৮৬,০০০ কিলোমিটাৰৰ পৰা ২.৭৫ লাখ কিলোমিটাৰলৈ বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লী মেট্ৰ’ৰ মেজেন্টা লাইনৰ সম্প্ৰসাৰণৰ লগতে দিল্লী-গাজিয়াবাদ-মীৰুট নমো ভাৰত কৰিডৰৰ ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন অংশ উদ্বোধন কৰিব । এই অংশই উত্তৰ প্ৰদেশৰ চাহিবাবাদক দিল্লীৰ নতুন অশোক নগৰৰ সৈতে সংযোগ কৰিব। আজি বিয়লিৰ পৰা যাত্ৰীসকলে এই ৰে’লযোগে যাত্ৰা কৰিব পাৰিব। ষ্টেণ্ডাৰ্ড কোচৰ ভাড়া ১৫০ টকা আৰু প্ৰিমিয়াম কোচৰ ভাড়া ২২৫ টকা। এইখনেই হৈছে প্ৰথমখন নমো ভাৰতৰ ৰে’ল।

Latest News