5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

India and China Agreement : এল এ চিৰ কাষেৰে টহল দিয়াৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে ভাৰত-চীন…

ভাৰত-চীনৰ মাজত সীমান্তক লৈ থকা মতবিৰোধ নাইকীয়া হোৱাৰ কিছু লক্ষণ দেখা গৈছে । আজি ২১ অক্টোবৰ সোমবাৰে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে, ভাৰত আৰু চীনৰ সামৰিক মুৰব্বীসকলৰ বৈঠকত পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলসমূহত টহল দিয়াৰ ক্ষেত্ৰত দুয়োখন দেশ একমতত উপনীত হৈছে।

India and China Agreement : এল এ চিৰ কাষেৰে টহল দিয়াৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে ভাৰত-চীন…
বৈদেশিক সচিব বিক্ৰম মিশ্ৰী
manas-borah
Manas Borah | Updated On: 21 Oct 2024 17:57 PM

গালৱানৰ সংঘৰ্ষৰ চাৰি বছৰৰ পাছত ভাৰত-চীনৰ মাজত সীমান্তক লৈ থকা মতবিৰোধ নাইকীয়া হোৱাৰ কিছু লক্ষণ দেখা গৈছে । আজি ২১ অক্টোবৰ সোমবাৰে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে, ভাৰত আৰু চীনৰ সামৰিক মুৰব্বীসকলৰ বৈঠকত পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলসমূহত টহল দিয়াৰ ক্ষেত্ৰত দুয়োখন দেশ একমতত উপনীত হৈছে।

বিক্ৰম মিশ্ৰীয়ে কয়, ‘যোৱা কেইসপ্তাহমানৰ পৰা যি আলোচনা চলিছে তাৰ ফলস্বৰূপে ভাৰত-চীন সীমান্ত অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত টহল দিয়াৰ ব্যৱস্থা সন্দৰ্ভত এক চুক্তিত উপনীত হৈছে। এই চক্তিৰ ফলত ২০২০ চনত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধান সম্ভৱ হ’ব।’ উল্লেখ্য যে, এই চুক্তিখন সীমান্তৱৰ্তী দেপছাং আৰু ডেমচোক অঞ্চলত দুয়োখন দেশে টহল দিয়াৰ সৈতে জড়িত।

বৈদেশিক সচিবগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, বিগত কেইবা সপ্তাহ ধৰি ভাৰত আৰু চীনৰ কূটনৈতিক আৰু সামৰিক আলোচনাপন্থীসকলে বিভিন্ন মঞ্চত ইজনে সিজনৰ সৈতে ঘনিষ্ঠ যোগাযোগ স্থাপন কৰি আহিছে। এই আলোচনাৰ ফলস্বৰূপে ভাৰত-চীন সীমান্ত অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দুয়োখন দেশে টহল দিয়াৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে ।

উল্লেখ্য যে,কোন দেশৰ বাহিনীয়ে কোনটো অঞ্চলত টহল দিব সেই লৈ দুয়োখন দেশৰ মাজত মতানৈক্য সৃষ্টি হৈছিল। চীনৰ সৈন্যই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰত নিয়ন্ত্ৰিত অঞ্চলত টহল দিয়াৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছত ২০২০ চনৰ ১৫ জুনৰ নিশা দুয়োখন দেশৰ টহলদাৰী বাহিনীৰ সদস্যই গালৱান উপত্যকাত ৰক্তাক্ত মুখামুখি সংঘৰ্ষত লিপ্ত হয়।

মনকৰিবলগীয়া যে,কাইলৈ পৰা ​​ৰাছিয়াৰ কাজানত আৰম্ভ হ’ব ১৬ সংখ্যক ব্ৰিকছ সন্মিলন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং দুয়োজনেই এই সন্মিলনত উপস্থিত থকাৰ সম্ভাৱনা আছে। তাৰ ঠিক আগতে দুয়োখন দেশে এই চুক্তিত উপনীত হৈছে।

Latest News