সীমান্তৰ কাঁইটীয়া তাঁৰ বিতৰ্কৰ মাজতে বাংলাদেশৰ উপ-উচ্চায়ুক্তক চমন ভাৰতৰ
সোমবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে নতুন দিল্লীত উপস্থিত থকা বাংলাদেশৰ উপ-উচ্চায়ুক্ত মঃ নুৰুল ইছলামক তলব কৰে । সূত্ৰৰ খবৰ অনুসৰি, ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰ লগোৱা বিষয়ত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ পৰা সহযোগিতা নোপোৱাত ভাৰতে নতুন দিল্লীত থকা শীৰ্ষ বাংলাদেশী কূটনীতিবিদজনক তলব কৰিছিল বুলি জানিব পৰা গৈছে ।
বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে দেওবাৰে ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় ভাৰ্মাক তলব কৰাৰ পাছতে সোমবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে নতুন দিল্লীত উপস্থিত থকা বাংলাদেশৰ উপ-উচ্চায়ুক্ত মঃ নুৰুল ইছলামক তলব কৰে । সূত্ৰৰ খবৰ অনুসৰি, ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰ লগোৱা বিষয়ত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ পৰা সহযোগিতা নোপোৱাত ভাৰতে নতুন দিল্লীত থকা শীৰ্ষ বাংলাদেশী কূটনীতিবিদজনক তলব কৰিছিল বুলি জানিব পৰা গৈছে ।
দেওবাৰে বাংলাদেশৰ বৈদেশিক সচিবে ভাৰতৰ উচ্চায়ুক্ত প্ৰণয় ভাৰ্মাৰ সৈতে প্ৰায় ৩০ মিনিটৰ বৈঠকত মিলিত হৈছিল । দুয়োখন দেশৰ মাজত চলি থকা সীমান্তত কাঁইটীয়া তাঁৰ লগোৱা বিবাদৰ মাজতে এই বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকত বাংলাদেশৰ বৈদেশিক সচিব মহম্মদ জাছিম উদ্দিনে ভাৰতে সীমান্তত কাঁইটীয়া তাঁৰ লগোৱা বিষয়ত স্পষ্টভাৱে উদ্বেগ প্ৰকাশ কৰে।
শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কত দূৰত্ব বাঢ়িছে। ইয়াৰ বিপৰীতে বাংলাদেশে পাকিস্তানৰ সৈতে ঘনিষ্ঠতা ধাৰাবাহিকভাৱে বৃদ্ধি কৰি আহিছে বুলি অভিযোগ উত্থাপন হ’বলৈ ধৰিছে । নিৰাপত্তাজনিত কাৰণত ভাৰতে বিগত বহপ দিন ধৰি বাংলাদেশৰ সীমান্তৰ বহু ঠাইত কাঁইটীয়া তাঁৰ লগোৱাৰ কাম কৰি আহিছে ।
বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰ লগোৱা ভাৰতৰ সিদ্ধান্তকলৈ বাংলাদেশৰ বৈদেশিক সচিব মহম্মদ জাছিমে আপত্তি প্ৰকাশ কৰিছে। বাংলাদেশৰ গৃহ মন্ত্ৰালয়ৰ উপদেষ্টা লেফটেনেণ্ট জেনেৰেল জাহাংগীৰ আলমে কয় যে, বাংলাদেশ সীমান্তৰক্ষী আৰু স্থানীয় বাসিন্দাৰ বিৰোধিতাৰ বাবে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে কাঁইটীয়া তাঁৰ লগোৱাত ব্যৰ্থ হৈছে।
ইফালে বাংলাদেশৰ বৈদেশিক সচিবৰ সৈতে হোৱা বৈঠকৰ আলোচনাৰ সন্দৰ্ভত ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় ভাৰ্মাই কয় যে,’মই বাংলাদেশৰ বৈদেশিক সচিবক সাক্ষাৎ কৰি সীমান্ত অপৰাধমুক্ত কৰি তোলা, অপৰাধীৰ অনুপ্ৰৱেশ ৰোধ কৰা আৰু মানৱ সৰবৰাহৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰা বিষয়সমূহৰ ওপৰত আলোচনা কৰোঁ।’ লগতে তেওঁ কয়, ‘সীমান্তত কাঁইটীয়া তাঁৰ স্থাপন সন্দৰ্ভত আমাৰ মাজত পাৰস্পৰিক সহমত আছে। এই সন্দৰ্ভত বিএছএফ আৰু বিজিবি (বৰ্ডাৰ গাৰ্ড বাংলাদেশ)ৰ মাজত আলোচনা চলি আছে।’
লগতে পঢ়ক : প্ৰসংগ সীমান্তত কাঁইটীয়া তাঁৰ ! ভাৰতৰ উচ্চায়ুক্তৰ সৈতে কি আলোচনা কৰিলে বাংলাদেশৰ বৈদেশিক সচিবে ?