শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা, মোতায়েন কৰা হৈছে ৭০ হাজাৰ জোৱান

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আয়োজিত গণৰাজ্য দিৱসৰ উপলক্ষে কটকটীয়া নিৰাপত্তা ব্য়ৱস্থা গঢ়ি তুলিছে দিল্লী আৰক্ষীয়ে । দিল্লী আৰক্ষীৰ উপৰিও তীক্ষ্ণ নজৰ ৰাখিছে অৰ্ধসামৰিক বাহিনীয়ে । জানিব পৰা মতে, সমগ্ৰ দিল্লীত মোতায়েন কৰা হৈছে ৭০ হাজাৰ জোৱান।

দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা, মোতায়েন কৰা হৈছে ৭০ হাজাৰ জোৱান
দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
manas-borah
Manas Borah | Published: 26 Jan 2025 08:46 AM

আজিৰ সমগ্ৰ দেশে উদযাপন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস । ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আয়োজিত গণৰাজ্য দিৱসৰ উপলক্ষে কটকটীয়া নিৰাপত্তা ব্য়ৱস্থা গঢ়ি তুলিছে দিল্লী আৰক্ষীয়ে । দিল্লী আৰক্ষীৰ উপৰিও তীক্ষ্ণ নজৰ ৰাখিছে অৰ্ধসামৰিক বাহিনীয়ে । জানিব পৰা মতে, সমগ্ৰ দিল্লীত মোতায়েন কৰা হৈছে ৭০ হাজাৰ জোৱান।

দিল্লী আৰক্ষীৰ তথ্য অনুসৰি, ২৬ জানুৱাৰীৰ নিৰাপত্তাৰ বাবে ৬ টা স্তৰৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ১৫ হাজাৰ জোৱানক কৰ্তব্য পথত মোতায়েন কৰা হৈছে। ইতিমধ্যে দিল্লীৰ সকলো সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । চহৰৰ ভিতৰৰ বহু ঠাইত বেৰিকেড স্থাপন কৰা হৈছে। ২৫০০ টা চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। এন এছ জিৰ ডগ স্কোয়াডকো বহু ঠাইত মোতায়েন কৰা হৈছে বুলি জানিব পৰা হৈছে । এণ্টি ড্ৰ’নৰ উপৰিও এণ্টি এয়াৰক্ৰাফ্টৰো ব্যৱস্থা কৰা হৈছে ।

পেৰেড পথত যথেষ্ট পহৰা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে নিৰাপত্তা কটকটীয়া কৰা হৈছে । দিল্লী আৰক্ষীৰ উপৰি ৰাষ্ট্ৰপতি ভৱনৰ পৰা আৰম্ভ কৰি কৰ্তব্য পথেৰে লালকিল্লালৈ যোৱা এই পথটোৰ নিৰাপত্তাৰ বাবে বিভিন্ন স্থানত অৰ্ধসামৰিক বাহিনীৰ জোৱানক মোতায়েন কৰা হৈছে। কৰ্তব্য পথৰ নিৰাপত্তাৰ বাহিৰৰ স্তৰত প্ৰায় ৯০০০ জোৱান নিয়োগ কৰা হৈছে। ইয়াৰ ভিতৰত দিল্লী আৰক্ষী, অতিৰিক্ত সংৰক্ষিত আৰক্ষী কোম্পানী, কুইক ৰেচপন্স টিম, বোমা নিষ্কাশন আৰু ডিটেক্টিভ টিমৰ লগতে যান-বাহন আৰক্ষীকো নিয়োগ কৰা হৈছে।

ডাটা ভিত্তিক মুখ চিনাক্তকৰণ আৰু ভিডিঅ’ বিশ্লেষণেৰে সজ্জিত ২,৫০০ৰো অধিক চিচিটিভি কেমেৰা স্থাপন কৰা। আকাশী ভাবুকি ধৰা পেলাবলৈ আৰু নিষ্ক্ৰিয় কৰিবলৈ চাৰি কিলোমিটাৰ ব্যাসাৰ্ধ সামৰি লোৱা এণ্টি-ড্ৰ’ন ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে,শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা বিজয় চ’কৰ পৰা ইণ্ডিয়া গেটলৈ কৰ্তব্য পথত কোনো ধৰণৰ যান-বাহন চলাচলৰ অনুমতি দিয়া হোৱা নাই। পেৰেড শেষ নোহোৱালৈকে নিষেধাজ্ঞা অব্যাহত থাকিব।