Indian Navy Day: ভাৰত, চীন নে আমেৰিকা, কোনখন দেশৰ নৌ সেনা আটাইতকৈ শক্তিশালী?

Indian Navy Day 2024: প্ৰতি বছৰে ৪ ডিচেম্বৰত ভাৰতীয় নৌসেনা দিৱস পালন কৰা হয়। ১৯৭১ চনৰ আজিৰ দিনটোতে ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ভাৰতীয় নৌসেনাই অদম্য সাহস দেখুৱাইছিল। ১৯৭২ চনত নৌসেনাৰ জ্যেষ্ঠ বিষয়া সন্মিলনত এই প্ৰচেষ্টাক স্বীকৃতি দিয়া আৰু ইয়াৰ কৃতিত্বক উদযাপন কৰাৰ উদ্দেশ্যে এই দিৱস উদযাপনৰ সিদ্ধান্ত লয়। আজি জানো আহক ভাৰত, চীন আৰু আমেৰিকাৰ কোনখন দেশৰ নৌসেনা কিমান শক্তিশালী আৰু বিশেষত্ব কি?

Indian Navy Day: ভাৰত, চীন নে আমেৰিকা, কোনখন দেশৰ নৌ সেনা আটাইতকৈ শক্তিশালী?

ভাৰত, চীন নে আমেৰিকা, কোনখন দেশৰ নৌ সেনা আটাইতকৈ শক্তিশালী?

Published: 

04 Dec 2024 12:10 PM

ভাৰতীয় নৌ সেনাৰ সাহস, শক্তি আৰু নিষ্ঠাক সন্মান জনাই প্ৰতি বছৰে ৪ ডিচেম্বৰত ভাৰতীয় নৌসেনা দিৱস পালন কৰা হয়। ১৯৭১ চনত ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ভাৰতীয় নৌ সেনাই অদম্য সাহস দেখুৱাইছিল। এই দিৱস উদযাপনৰ সিদ্ধান্ত ১৯৭২ চনত নৌসেনাৰ জ্যেষ্ঠ বিষয়া সন্মিলনত ইয়াৰ প্ৰচেষ্টাক স্বীকৃতি দিয়া আৰু ইয়াৰ কৃতিত্বক উদযাপন কৰাৰ উদ্দেশ্যে পালন কৰা হয়।

বিশ্বৰ ১ নম্বৰ নৌ সেনা

আমেৰিকাৰ নৌসেনা (UNITED STATES NAVY) আজি বিশ্বৰ আটাইতকৈ শক্তিশালী নৌ সেনা হিচাপে পৰিগণিত হৈছে। কিন্তু সংখ্যাগত শক্তিৰ ভিত্তিত চালে চীনৰ নৌ সেনাৰ শক্তি অৰ্থাৎ চীনৰ পিপলছ লিবাৰেচন আৰ্মী নৌসেনাৰ শক্তি বৃদ্ধি হৈ আছে আৰু ই বিশ্বৰ সৰ্ববৃহৎ নৌসেনা। কিন্তু প্ৰসাৰ, আধুনিকতা আৰু শক্তিৰ ভিত্তিত আমেৰিকাই দখল কৰিছে প্ৰথম স্থান। ৩২৩ পইণ্টেৰে এই স্থানত আছে আমেৰিকা। আমেৰিকাৰ নৌসেনা ১১খন Aircraft carriersৰে গঠিত।

ইয়াৰ উপৰিও ইয়াত ১০খন হেলিকপ্টাৰ কেৰিয়াৰ, ৯২খন ধ্বংসকাৰী যুদ্ধজাহাজ, ৬৮খন চাবমেৰিন আৰু ৩৪খন amphibious warship অন্তৰ্ভুক্ত কৰা হৈছে যাৰ ফলত ই আটাইতকৈ শক্তিশালী নৌসেনা। আমেৰিকাৰ নৌ সেনাৰ শক্তিৰ তুলনা আন কোনো নৌ সেনাই কৰিব নোৱাৰে। চীনৰ তুলনাত আমেৰিকাৰ যুদ্ধ জাহাজ ৪৮৪খন আছে। ইয়াৰ নৌ সেনাৰ মুঠ বিমানৰ সংখ্যা ২৪৬৪খন। অৱশ্যে আমেৰিকাৰ নৌসেনাৰ মুঠ বাজেট হৈছে ৮৭৭ বিলিয়ন।

দ্বিতীয় স্থানত

চীনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক যুদ্ধ জাহাজ থকা ইয়াৰ নৌ সেনাই শক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে। ইয়াৰ পূৰ্বে দ্বিতীয় স্থানত ৰাছিয়া আৰু তৃতীয় স্থানত আছিল চীনৰ নৌসেনা। এইবাৰ ৩১৯ পইণ্ট লাভ কৰিছে, যিটো আমেৰিকাতকৈ অলপ কম। চীনৰ মুঠ যুদ্ধ জাহাজৰ সংখ্যা হ’ল ৭৩০খন। ইয়াৰ বাৰ্ষিক বাজেট ২৯২ বিলিয়ন। অৱশ্যে ইয়াৰ মুঠ বিমানৰ সংখ্যা মাত্ৰ ৪৩৭খন। সংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চীনৰ নৌ সেনাৰ তিনিখন বিমানবাহী জাহাজ, চাৰিখন হেলিকপ্টাৰ কেৰিয়াৰ, ১২খন Amphibious transport dock, ৩২খন লেণ্ডিং চিপ টেংক, ৬২খন ডেষ্ট্ৰয়াৰ, ৫৮খন ফ্ৰিগেট, ৭৫খন কৰ্ভেট আৰু ৭৯খন চাবমেৰিন আছে।

ভাৰতীয় নৌ সেনা

গ্ল’বেল ফায়াৰপাৱাৰ ইনডেক্স অনুসৰি, ভাৰতৰ নৌ সেনাই এতিয়া বিশ্বৰ ১৪৫খন দেশৰ তালিকাত সপ্তম স্থান দখল কৰিছে। বৰ্তমান ভাৰতীয় নৌ সেনাৰ দুখন এয়াৰক্ৰাফ্ট আছে। এই আই এন এছ বিক্ৰমাদিত্য আৰু আই এন এছ বিক্ৰান্ত কাৰ্যক্ষম। ভাৰতীয় নৌসেনাৰ হাতত আছে ১২খন ধ্বংসকাৰী যুদ্ধ জাহাজ। ইয়াৰ বাহিৰেও ভাৰতীয় নৌসেনাৰ চাবমেৰিন আছে, ইয়াৰে তিনিখন চাবমেৰিনে আনকি পাৰমাণৱিক ক্ষেপণাস্ত্ৰও নিক্ষেপ কৰিবলৈ সক্ষম। কেৱল এয়াই নহয়, ভাৰতে অতি সোনকালে ফ্ৰান্সৰ পৰা ৰাফেল এম যুদ্ধ বিমান ক্ৰয় কৰিবলৈ ওলাইছে। ইয়াক আই এন এছ বিক্ৰান্তত নিয়োগ কৰা হ’ব। শীঘ্ৰেই তিনিখন স্কোৰ্পিন চাবমেৰিনো ভাৰতীয় নৌ সেনাৰ শক্তিৰ অংগ হৈ পৰিব।

ভাৰতৰ নৌ সেনাই কিমান বেগেৰে শক্তি বৃদ্ধি কৰিছে তাৰ পৰা অনুমান কৰিব পাৰি যে ভাৰতত একেলগে ৬২খন জাহাজ নিৰ্মাণ হৈ আছে। এখন চাবমেৰিনো নিৰ্মাণৰ কাম চলি আছে। ভৱিষ্যতৰ পৰিকল্পনা অনুসৰি অহা ১০ বছৰত ৯৬খন জাহাজ আৰু চাবমেৰিনক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হ’ব। সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে ২০৩০ চনৰ ভিতৰত ভাৰতীয় নৌসেনাৰ ১৫৫ৰ পৰা ১৬০খন যুদ্ধ জাহাজ থাকিব।

ইতিহাস ইমান পুৰণি

ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময়ত ভাৰতীয় নৌসেনা প্ৰতিষ্ঠা হৈছিল। ১৬১২ খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজেই বণিক জাহাজৰ সুৰক্ষাৰ বাবে ৰয়েল ইণ্ডিয়ান নেভি গঠন কৰে। ভাৰতে স্বাধীনতাৰ পিছত নৌসেনাক পুনৰ সংগঠিত কৰিছিল আৰু ইয়াক দিনক দিনে শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...