শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Budget : ২০২৫-২৬ বৰ্ষৰ বাজেটত কিমান বৃদ্ধি পালে প্ৰতিৰক্ষা ব্য়য়…?

চলিত বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা ব্যয়ৰ বাবে ৬.২২ লাখ কোটি টকা ধাৰ্য কৰা হৈছিল । ২০২৫-২৬ বৰ্ষৰ বাজেটত এই ব্যয় কিমান দৃদ্ধি পালে চাওক ।

Budget : ২০২৫-২৬ বৰ্ষৰ বাজেটত কিমান বৃদ্ধি পালে প্ৰতিৰক্ষা ব্য়য়…?
ভাৰতীয় বায়ু সেনা
manas-borah
Manas Borah | Updated On: 01 Feb 2025 16:26 PM

২০২৫-২৬ বৰ্ষৰ বাজেটত দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ ব্য়য় সামান্য় বৃদ্ধি কৰিছে কেন্দ্ৰই । কেন্দ্ৰই এইবাৰ বাজেটত প্ৰতিৰক্ষা ব্যয় হিচাপে ৬,৮১,২১০ কোটি টকা ধাৰ্য কৰিছে । চলিত বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা ব্যয়ৰ বাবে ৬.২২ লাখ কোটি টকা ধাৰ্য কৰা হৈছিল । এই ব্যয় যোৱা বছৰৰ তুলনাত সামান্য হে বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ।

মূলধনী ব্যয়ৰ বাবে মুঠ ১,৯২,৩৮৭ কোটি টকা আবণ্টন দিয়া কৰা কথা ঘোষণা কৰিছে কেন্দ্ৰই । এই ক্ষেত্ৰত কেন্দ্ৰই ধাৰ্য কৰা এই ধনৰাশি নতুন অস্ত্ৰ-শস্ত্ৰ, বিমান, যুদ্ধজাহাজ আৰু অন্যান্য সামৰিক হাৰ্ডৱেৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত ব্যৱহৃত হ’ব । প্ৰকাশিত খবৰ অনুসৰি,২০২৪-২৫ চনত মূলধনী ব্যয় আছিল ১.৭২ লাখ কোটি টকা । এই ধনৰাশি ১,৫৯,৫০০ কোটি টকা ব্য়য় কৰা হৈছে বুলি অনুমান কৰা হৈছে । গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, প্ৰায় ১৩,৫০০ কোটি টকা ধন এতিয়াও ব্যয় কৰা হোৱা নাই।

পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে দৈনন্দিন পৰিচালনা ব্যয় আৰু দৰমহাৰৰ ব্যয় বাবে ৪,৮৮,৮২২ কোটি টকা ধাৰ্য কৰা হৈছে, য’ত পেঞ্চনৰ বাবে ১,৬০,৭৯৫ কোটি টকা অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিৰক্ষা বাজেটৰ বাবে আবণ্টন ২০২৫-২৬ চনত প্ৰকল্পিত জিডিপিৰ ১.৯১ শতাংশ বুলি অনুমান কৰা হৈছে।

মূলধনী ব্যয়ৰ অধীনত বিমান আৰু এৰো ইঞ্জিনৰ বাবে ৪৮,৬১৪ কোটি টকা ধাৰ্য কৰাৰ বিপৰীতে নৌসেনাৰ বাবে ২৪,৩৯০ কোটি টকা আবণ্টন দিয়া হৈছে। অন্যান্য সা-সামগ্ৰীৰ বাবে ৬৩,০৯৯ কোটি টকাৰ ধন ধাৰ্য কৰা হৈছে। ইফালে, নৌসেনাৰ ডকয়াৰ্ড প্ৰকল্পৰ বাবে ৪৫০০ কোটি টকা সুকীয়াকৈ আবণ্টন দিয়া হৈছে ।

উল্লেখ্য যে, ২০২৪-২৫ চনত কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা বাজেটৰ বাবে ৬,২১,৯৪০ কোটি টকা আবণ্টন দিছিল।