India-Bangladesh: ইউনুছে বুজি পাব বংগোপসাগৰ ৰক্ষক কোন ! ভাৰতে বন্ধ কৰিলে ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থা, ইয়াৰ দ্বাৰা কি লাভ হৈছিল বাংলাদেশৰ ?

বছৰ বছৰ ধৰি চলি অহা ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থা এতিয়া বন্ধ কৰা হৈছে । ইয়াৰ প্ৰভাৱ পৰিছে উত্তৰ ২৪ পৰগনাৰ পেট্ৰাপল বন্দৰত। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ২০২০ চনত আৰম্ভ হৈছিল ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থা। যাৰ অধীনত ভাৰত চৰকাৰে বাংলাদেশক নিজৰ মাটি ব্যৱসায়িক কামত ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে।

India-Bangladesh: ইউনুছে বুজি পাব বংগোপসাগৰ ৰক্ষক কোন ! ভাৰতে বন্ধ কৰিলে ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থা, ইয়াৰ দ্বাৰা কি লাভ হৈছিল বাংলাদেশৰ ?
Updated On: 

13 Apr 2025 13:06 PM

বাণিজ্যৰ ক্ষেত্ৰত ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বাংলাদেশ । বছৰ বছৰ ধৰি চলি অহা ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থা এতিয়া বন্ধ কৰা হৈছে । ইয়াৰ প্ৰভাৱ পৰিছে উত্তৰ ২৪ পৰগনাৰ পেট্ৰাপল বন্দৰত। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ২০২০ চনত আৰম্ভ হৈছিল ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থা। যাৰ অধীনত ভাৰত চৰকাৰে বাংলাদেশক নিজৰ মাটি ব্যৱসায়িক কামত ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে। জনা যায় যে, পদ্ম নদীৰ পাৰৰ ৰাজ্যসমূহে এই ভূমি বা ষ্টেচন ব্যৱহাৰ কৰি ভূটান, নেপাল, ম্যানমাৰ আদি কেইবাখনো দেশৰ সৈতে ব্যৱসায় চলায়।

বাংলাদেশে সমগ্ৰ বিশ্বতে নিজা বস্ত্ৰ ৰপ্তানি কৰে। বাংলাদেশৰ সেই ৰপ্তানি ব্যৱসায়ক সমৰ্থন কৰি আহিছে ভাৰতে । আগতে ভাৰতৰ সীমান্তত বাংলাদেশৰ সামগ্ৰী প্ৰথমে আহিছিল। তাৰ পিছত ভাৰতৰ কোনো বন্দৰ বা বিমানবন্দৰৰ জৰিয়তে নিৰ্দিষ্ট দেশলৈ ৰপ্তানি কৰা হয় । গতিকে ক’ব পাৰি যে, এই ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থাৰ পৰা লাভ হৈছিল বাংলাদেশৰ। প্ৰকাশিত খবৰ অনুসৰি, এতিয়া এই ব্য়ৱস্থা বন্ধ কৰা হৈছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰৰ মতে, এই ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থা বন্ধ হ’লে ভাৰতৰ জৰিয়তে নেপাল, ভূটানৰ দৰে দেশলৈ বাংলাদেশৰ ৰপ্তানিৰ ক্ষেত্ৰত কোনো বাধাৰ সৃষ্টি নহয়।

দেখা গৈছে যে,বাংলাদেশ মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ দিনত ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্ক অৱনতি ঘটিছে। শেহতীয়াকৈ চীন ভ্ৰমণৰ সময়ত ইউনুছে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক “স্থল ভূমিত আৱদ্ধ” বুলি অভিহিত কৰি নিজকে “বংগোপসাগৰ ৰক্ষক” বুলি দাবী কৰিছিল। আনকি ইউনুছে চীনক বাংলাদেশৰ জৰিয়তে ব্যৱসায় সম্প্ৰসাৰণৰ বাবেও আহ্বান জনায় । কোৱো হৈছে যে, ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতে বাংলাদেশৰ বছৰ পুৰণি ব্যৱসায় বন্ধ কৰিবলৈ ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থা বন্ধ কৰাৰ অধিসূচনা জাৰি কৰে।

পেট্ৰাপোল সীমান্তৰ সূত্ৰ অনুসৰি, এই নিৰ্দেশৰ পিছত বাংলাদেশ বিপদত পৰিব। সৰ্বাধিক প্ৰভাৱিত হ’ব বাংলাদেশৰ কাপোৰৰ ব্যৱসায়। অৱশ্যে ভাৰততো ইয়াৰ কিছু প্ৰভাৱ পৰিব। পেট্ৰাপোল বন্দৰৰ ক্লিয়াৰিং এজেণ্ট সচিব কাৰ্তিক চক্ৰৱৰ্তীয়ে কয় যে, বাংলাদেশৰ সৈতে কৰা সকলো কামৰ প্ৰায় ২৫ৰ পৰা ৩০ শতাংশই ট্ৰেন্সশ্বিপমেণ্টৰ কাম। ফলত বহু গাড়ী আৰু শ্ৰমিক নিয়োজিত হৈছিল । কিন্তু চৰকাৰে ট্ৰেন্সশ্বিপমেণ্ট বন্ধ কৰাৰ পিছৰে পৰা ইয়াৰ বাহন আৰু শ্ৰমিকে ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক