চুক্তি স্বাক্ষৰঃ ৬৩,০০০ কোটি টকা ব্যয়ত ভাৰতে ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব ২৬ খন ৰাফেল যুঁজাৰু বিমান…
পুনৰ শক্তি বৃদ্ধি ভাৰতৰ। ফ্ৰান্সৰ সৈতে ভাৰতৰ হয় বৃহৎ সামৰিক চুক্তি। ইয়াৰ অধীনত ভাৰতে ভাৰতীয় নৌ সেনাৰ বাবে প্ৰায় ৬৩,০০০ কোটি টকাৰ ব্যয় সাপেক্ষে ২৬ খন ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰিব।

ৰাফেল
ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনাই চৰম পৰ্যায় পাইছে। ইয়াৰ মাজতে ভাৰতে নিজৰ শক্তি বৃদ্ধি কৰাৰ বাবে সকলো সম্ভৱপৰ চেষ্টা কৰি গৈছে। চলি থকা ঘটনাৰাজিৰ মাজতে ভাৰতে নৌ সেনাক শক্তিশালী কৰাৰ বাবে ফ্ৰান্সৰ সৈতে ৬৩ হাজাৰ কোটি টকাৰ এক বিশেষ চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ অধীনত ভাৰতে ফ্ৰান্সৰ পৰা ২৬খন ৰাফেল মেৰিন কম্বেট ফাইটাৰ বিমান (rafale marine combat aircraft) লাভ কৰিব আৰু এইবোৰ INS বিক্ৰান্ত নিয়োজিত কৰা হ’ব।
জানিব পৰা মতে, ভাৰত আৰু ফ্ৰান্সৰ মাজত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি এই চুক্তি স্বাক্ষৰ হয়, য’ত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত তথা প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰে অংশগ্ৰহণ কৰে।
আই এন এছ বিক্ৰান্ত হৈছে ভাৰতৰ বিমানবাহী জাহাজ। আই এন এছ বিক্ৰান্তৰ বাবে দীৰ্ঘদিনৰ পৰা যুদ্ধ বিমানৰ প্ৰয়োজন আছিল। বৰ্তমান সময়লৈকে INS বিক্ৰান্তত ৰাছিয়াৰ মিগ ২৯ ফাইটাৰ জেট নিয়োগ কৰা আছিল। কিন্তু এইবোৰ অতি পুৰণি হৈ যোৱা বাবে ভাৰতীয় নৌসেনাই মিগ ২৯ যুঁজাৰু বিমানখনৰ ৰক্ষণাবেক্ষণ আৰু উৰণৰ ক্ষেত্ৰত বহু সমস্যাত পৰিছে । এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে ফ্ৰান্সৰ সৈচে বৃহত সামৰিক চুক্তি স্বাক্ষৰ কৰি ২৬খন ৰাফেল মেৰিন কম্বেট ফাইটাৰ বিমান ক্ৰয় কৰাৰ সিদ্ধা্ত গ্ৰহণ কৰে।
এই চুক্তিৰ অধীনত ভাৰতে ২২ খন এজনীয়া আসনৰ ৰাফেল-এম জেট বিমান লাভ কৰিব। এই বিমান বিশেষভাবে বিমানবাহী জাহাজৰ পৰা চলাচলৰ বাবে প্ৰয়োজনীয়। ইয়াৰ উপৰিও ৪ খন টুইন ছিটাৰ ট্ৰেইনাৰৰ ভেৰিয়েণ্টো ক্ৰয় কৰিব ভাৰতে। ইয়াক পাইলটৰ প্ৰশিক্ষণ আৰু অপাৰেচনেল প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব। এই চুক্তিয়ে ভাৰতীয় নৌ সেনাক INS বিক্ৰান্ত আৰু INS বিক্ৰমাদিত্যৰ দৰে বিমানবাহী জাহাজৰ পৰা ৰাফেল-এমৰ পৰিচালনা সুনিশ্চিত কৰিব। ই নৌ সেনাৰ ক্ষমতা অধিক বৃদ্ধি কৰি তুলিব।
এই ফৰাচী যুঁজাৰু বিমানখনত AESA ৰাডাৰ টাৰ্গেট ডিটেকচন আৰু ট্ৰেকিং চিষ্টেম আৰু স্পেকট্ৰা ইলেক্ট্ৰনিক ৱাৰফেয়াৰ চিষ্টেম আছে যিয়ে এই বিমানখন অতিক ক্ষমতা প্ৰদান কৰে। ৰাফেল মেৰিন কম্বেট ফাইটাৰ প্লেনত বতাহতে ইন্ধন ভৰাব পৰা ব্যৱস্থা আছে, যাৰ ফলত এই যুঁজাৰু বিমানৰ ৰেঞ্জ বৃদ্ধি পায়। জাহাজ বিৰোধী যুদ্ধৰ বাবে এই বিমানখন উত্তম বুলিব পাৰি। ইয়াত প্ৰিচিচন গাইডেড বোমা আৰু মিছাইল স্থাপন কৰিব পাৰি। উদাহৰণ স্বৰূপে- মোটিয়োক,স্কেল্প বা এক্সোচেট । এই ফাইটাৰ জেটখন অহাৰ লগে লগে বায়ু, পানী আৰু মাটিয়ে সুৰক্ষা লাভ কৰিব আৰু নৌ সেনাই ভাৰতৰ চাৰিওফালে অদৃশ্য কবচ সৃষ্টি কৰিব পাৰিব।
অন্য খবৰ পঢ়কঃ পাকিস্তানক সকীয়নি! আৰৱ সাগৰৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ভাৰতীয় নৌ সেনাই দিলে বিশেষ ইংগিত…