শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পথ দুৰ্ঘটনাৰ বাবেই বছৰি ৩ শতাংশ জিডিপি হেৰুৱাইছে ভাৰতে: নীতিন গাডকাৰী

দেশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা পথ দুৰ্ঘটনা বুলি উল্লেখ কৰি গাডকাৰীয়ে উল্লেখ কৰে যে ভাৰতত প্ৰতি বছৰে ৪,৮০,০০০ দুৰ্ঘটনা হোৱা দেখা যায়, যাৰ ফলত ১৮ৰ পৰা ৪৫ বছৰৰ ভিতৰৰ ১,৮৮,০০০ লোকৰ মৃত্যু হয় । তাৰোপৰি প্ৰায় ১০ হাজাৰ ১৮ বছৰৰ তলৰ শিশু-কিশোৰৰ মৃত্যু হোৱা বুলি উদ্বেগ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।

পথ দুৰ্ঘটনাৰ বাবেই বছৰি ৩ শতাংশ জিডিপি হেৰুৱাইছে ভাৰতে: নীতিন গাডকাৰী
নীতিন গাডকাৰীImage Credit source: X handle @nitin_gadkari
raj-saikia
Raj Saikia | Published: 25 Mar 2025 16:45 PM

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙলবাৰে কয় যে দেশত বছৰি প্ৰায় ৫ লাখ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে ভাৰতে জিডিপিৰ ৩ শতাংশ হেৰুৱাইছে । ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত AMCAM ৰ “টেকন’লজি ইন্টাৰভেনচনছ ফৰ ৰোড ছেফটি: আমেৰিকা-ইণ্ডিয়া পাৰ্টনাৰশ্বিপ”ক সম্বোধন কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে ।

দেশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা পথ দুৰ্ঘটনা বুলি উল্লেখ কৰি গাডকাৰীয়ে উল্লেখ কৰে যে ভাৰতত প্ৰতি বছৰে ৪,৮০,০০০ দুৰ্ঘটনা হোৱা দেখা যায়, যাৰ ফলত ১৮ৰ পৰা ৪৫ বছৰৰ ভিতৰৰ ১,৮৮,০০০ লোকৰ মৃত্যু হয় । তাৰোপৰি প্ৰায় ১০ হাজাৰ ১৮ বছৰৰ তলৰ শিশু-কিশোৰৰ মৃত্যু হোৱা বুলি উদ্বেগ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।

গাডকাৰীয়ে কয়, “ই জনস্বাস্থ্যৰ অন্যতম ডাঙৰ বিষয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, পথ দুৰ্ঘটনাৰ বাবে আমি জিডিপিৰ ৩ শতাংশ হেৰুৱাইছো ।” দুৰ্ঘটনাৰ অন্যতম মূল কাৰণ হিচাপে দুৰ্বল বিশদ প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

“ডিপিআৰৰ পৰামৰ্শদাতাসকলেই হৈছে পথ দুৰ্ঘটনাৰ বাবে মূল দোষী । তেওঁলোকে ডিপিআৰ প্ৰস্তুত কৰে । কেতিয়াবা খৰচৰ ৰাহি, অন্যান্য ভিন্ন কাৰণ আৰু অগুৰুতৰ পন্থাৰ বাবে….,” তেওঁ কয় ।

গাডকাৰীয়ে আৰু কয় যে দুৰ্ঘটনাগ্ৰস্ত লোকক সহায় কৰাৰ বাবে চৰকাৰে ২৫ হাজাৰ টকাৰ পুৰস্কাৰৰ প্ৰদানৰ সিদ্ধান্ত লৈছে ।

“আমি এই সিদ্ধান্ত লৈছো যে যিকোনো তৃতীয় ব্যক্তিয়ে যিয়ে দুৰ্ঘটনাগ্ৰস্তক সহায় কৰিবলৈ যায়, আমি তেওঁক ২৫ হাজাৰ টকাৰ পুৰস্কাৰ দিম । লগতে কোনো ৰোগী, দুৰ্ঘটনাজনিত বা দুৰ্ঘটনাৰ পিছত যদি কোনো চিকিৎসালয়ত ভৰ্তি হয়…আমি তেওঁক চিকিৎসাৰ বাবে সৰ্বাধিক ১,৫০,০০০ টকা বা তেওঁৰ চিকিৎসাৰ বাবে ৭ বছৰৰ খৰচ দিব পাৰোঁ ।”