মাত্ৰ ১০ ছেকেণ্ডত ধ্বংস হ’ব পাকিস্তান! ভাৰতৰ ওচৰত আছে এই ব্ৰহ্মাস্ত্ৰ…
প্ৰতিৰক্ষা ক্ষেত্ৰখনত ভাৰত দিনক দিনে শক্তিশালী হৈ গৈ আছে। ভাৰতৰ ওচৰত এনে অস্ত্ৰভাণ্ডাৰ আছে যিয়ে মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে শত্ৰুক ধ্বংস কৰিব পাৰে। ভাৰতৰ অগ্নি-৫ আৰু অগ্নি প্ৰাইম এনে এক মিছাইল।

গাজা-ইজৰাইলৰ যুদ্ধ হওক বা ৰাছিয়া- ইউক্ৰেইন, যোৱা কেইটামান বছৰত জনতাই প্ৰমাণ পাই গৈছে যে আধুনিক যুদ্ধ কিমান ভয়াবহ হ’ব পাৰে। বিশ্বই দেখিছে, কেনেকৈ এটা ড্ৰ’ন বা মিছাইলে কেইটামান ছেকেণ্ডৰ ভিতৰতে এখন চহৰ ধূলিসাৎ কৰিব পাৰে। এতিয়া আৰু বন্দুক লৈ শত্ৰুৰ সীমাত আক্ৰমণ কৰিব পৰা দিন শেষ হ’ল। এতিয়া দেশসমূহক এনে অত্যাধুনিক অস্ত্ৰৰ প্ৰয়োজন, যাৰ জৰিয়তে এটা বুটাম টিপিয়েই শত্ৰুক ধ্বংস কৰিব পৰা যায়।
নৰেন্দ্ৰ মোদী চৰকাৰৰ শাসনকালত ভাৰতেও অস্ত্ৰভাণ্ডাৰ টনকিয়াল কৰিছে। প্ৰতিৰক্ষা খণ্ডলৈ আৱন্টন বৃদ্ধি কৰাৰ লগতে বিদেশী অস্ত্ৰৰ মজুত বৃদ্ধি কৰিছে। ভাৰতে ক্ষেপনাস্ত্ৰ, যুঁজাৰু বিমান, যুদ্ধ জাহাজে এতিয়া শত্ৰু পক্ষৰ টোপনি হৰিব পাৰে। চুবুৰীয়া দেশ চীন আৰু পাকিস্তানক লক্ষ্য ৰাখি ভাৰতে নিজৰ শক্তি বৃদ্ধি কৰি গৈছে। ভাৰতীয় সেনাৰ অস্ত্ৰভাণ্ডাৰত এনে এটা অস্ত্ৰ আছে যিয়ে মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে শত্ৰুৰ ঘাটি ভাঙি তচনচ কৰিব পাৰে।
ৰাছিয়াৰ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম) কিমান শক্তিশালী সেয়া ৰাছিয়া- ইউক্ৰেইনৰ চলিত যুদ্ধৰ সময়ত পোহৰলৈ আহিছে। এই মিছাইল মাল্টিপল ইণ্ডিপেণ্ডেণ্টলি ৰি-এণ্ট্ৰি ভেহিকেল বা MIRV প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। এই মিছাইল ইমানেই শক্তিশালী যে বিশ্বৰ কোনো এণ্টি বেলিষ্টিক মিছাইল ব্যৱস্থাই বাধা দিব নোৱাৰে। এই ক্ষেপণাস্ত্ৰই মাত্ৰ ১০ ছেকেণ্ডতে শত্ৰুক ধ্বংস কৰিব পাৰে। খোদ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত ICBM ত এই ক্ষেপনাস্ত্ৰ এৰা হৈছিল।
ইয়াৰ বিপৰীতে ভাৰতৰ ওচৰত আছে অগ্নি- ৫ MIRV মিছাইল। এম আই আৰ ভি ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ বৈশিষ্ট্য হ’ল এবাৰ নিক্ষেপ কৰিলে লক্ষ্যৰ কাষ চাপি অহাৰ লগে লগে ই সকলো ধ্বংস কৰিব পাৰে। ফলত ই একেলগে এটা নহয়, একাধিক লক্ষ্যক নিৰ্ধাৰণ কৰিব পাৰে। অৰ্থাৎ কোনো এখন দেশৰ বিৰুদ্ধে যুদ্ধ কৰিলে সেই দেশৰ একাধিক চহৰ একে সময়তে ধ্বংস কৰিব পাৰে।
ভাৰতৰ অগ্নি-৫ আৰু অগ্নি প্ৰাইম ক্ষেপণাস্ত্ৰও একেধৰণৰ এম আই আৰ ভি ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ আধাৰত নিৰ্মিত ক্ষেপণাস্ত্ৰ। ই ৫৫০০-৫৮০০ কিলোমিটাৰ দূৰলৈকে আক্ৰমণ কৰিব পাৰে। এটা মাত্ৰ ক্ষেপণাস্ত্ৰই ১৪খন চহৰক একেলগে ধূলিলৈ ৰূপান্তৰ কৰিব পাৰে।
ইতিমধ্যে ভাৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ‘মিছন দিব্যষ্ট্ৰ’ৰ অধীনত যোৱা বছৰ অগ্নি-৫ আৰু অগ্নি-প্ৰাইমৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে। সেই পৰীক্ষাৰ সফলতাৰ লগে লগে ভাৰত বিশ্বৰ পাঁচখন শক্তিশালী দেশৰ লগত ভাৰতে স্থান লাভ কৰিছে। আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া, ফ্ৰান্স, চীনৰ পিছত এনে মাৰাত্মক ক্ষেপণাস্ত্ৰ কেৱল ভাৰতৰ হাতত আছে।
এম আই আৰ ভি মিছাইল প্ৰযুক্তিৰ আধাৰত বেলিষ্টিক মিছাইল থকা ভাৰতীয় সেনা বিশ্বৰ ষষ্ঠখন দেশ। গতিকে পাকিস্তান বা আন শত্ৰুপক্ষক ধ্বংস কৰিবলৈ ভাৰতৰ ওচৰত অত্যাধুনিক অস্ত্ৰভাণ্ডাৰ আছে। দক্ষিণ-পূব এছিয়াত শক্তিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ বাবে অগ্নি-৫ সঁচা অৰ্থত এক ‘ঐশ্বৰিক অস্ত্ৰ’।