শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উত্তৰ-পূবৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পক লৈ ডাঙৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ…

ঘাইপথ শক্তিশালী কৰাৰ বাবে অহা দুবছৰত ১০ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই । এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে । লগতে অসমকে ধৰি উত্তৰ-পূবৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পক লৈ কি ক'লে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ।

উত্তৰ-পূবৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পক লৈ ডাঙৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ…
নীতিন গাডকাৰী
manas-borah
Manas Borah | Published: 13 Apr 2025 17:21 PM

উত্তৰ-পূবৰ লগতে সমগ্ৰ দেশত ঘাইপথ শক্তিশালী কৰাৰ বাবে অহা দুবছৰত ১০ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই । এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে । পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে, কেন্দ্ৰই অহা দুবছৰত দেশৰ আন্তঃগাঁথনিক ৰূপান্তৰিত কৰাৰ বাবে কাম কৰি আছে, যাতে ই বিশ্বৰ শ্ৰেষ্ঠ আন্তঃগাঁথনিৰ পৰ্যায়ত উপনীত হ’ব পাৰে।

“উত্তৰ-পূব আৰু সীমান্ত অঞ্চলৰ আন্তঃগাঁথনি উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ লগতে সমগ্ৰ দেশৰ ঘাইপথ শক্তিশালী কৰাৰ বাবে অহা দুবছৰত আমি ১০ লাখ কোটি টকাৰ প্ৰকল্প হাতত লোৱাৰ পৰিকল্পনা কৰিছোঁ । অহা দুবছৰত উত্তৰ-পূবৰ ঘাইপথসমূহ আমেৰিকাৰ পথৰ সমতুল্য হ’ব।” এইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কঠিন ভূখণ্ড আৰু সীমান্তৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি পথৰ আন্তঃগাঁথনি বৃদ্ধি কৰাৰ জৰুৰী প্ৰয়োজন আছে বুলিও কয় নীতিন গাডকাৰীয়ে ।

মহাৰাষ্ট্ৰ, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক, ৰাজস্থান আৰু দিল্লীকে ধৰি সকলো ৰাজ্যতে পথৰ আন্তঃগাঁথনিৰ কাম চলি আছে বুলি উল্লেখ কৰে নীতিন গাডকাৰীয়ে । তেওঁ কয় , “দেশৰ আন্তঃগাঁথনিক ভয়ংকৰভাৱে ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা কৰা হৈছে, যাতে ই বিশ্বৰ শ্ৰেষ্ঠ আন্তঃগাঁথনিৰ সৈতে মিলি যায়।”

গাডকাৰীয়ে কয় যে, আনুমানিক ৩,৭৩,৪৮৪ কোটি টকা ব্যয় সাপেক্ষে পূবৰ ৰাজ্যসমূহত ২১,৩৫৫ কিলোমিটাৰ সামৰি ৭৮৪ টা ঘাইপথ প্ৰকল্পৰ কাম হ’বলৈ গৈ আছে । ইয়াৰ ভিতৰত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এনএইচএআই) আৰু ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (এনএইচআইডিচিএল)ৰ প্ৰকল্পও আছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে কয় যে, “বৰ্তমান অসমত ৫৭,৬৯৬ কোটি টকাৰ প্ৰকল্পৰ কাম চলি আছে আৰু বিহাৰত প্ৰায় ৯০,০০০ কোটি টকা। অসমৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলত এইবাৰেই প্ৰায় এক লাখ কোটি টকাৰ প্ৰকল্প হাতত লোৱা হৈছে ।” নাগপুৰত ১৭০ কোটি টকা ব্যয় সাপেক্ষে পৰিবহণ পাইলট প্ৰজেক্ট চলি আছে বুলি জানিবলৈ দিয়ে গাডকাৰীয়ে।

মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ দৈৰ্ঘ্য যথেষ্ট বৃদ্ধি পাইছে । ২০১৪ চনৰ মাৰ্চ মাহত ৯১,২৮৭ কিলোমিটাৰৰ পৰা বৰ্তমান ১,৪৬,২০৪ কিলোমিটাৰলৈ বৃদ্ধি পাইছে । ইয়াৰ মানদণ্ডৰ যথেষ্ট উন্নত হৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে । তেওঁ জানিবলৈ দিয়ে যে, ২০২৪–২৫ চনত এনএইচএআইয়ে ৫,১৫০ কিলোমিটাৰৰ লক্ষ্য অতিক্ৰম কৰি ৫,৬১৪ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰে ।