শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হ’ল সিন্ধু জল চুক্তি , পাকিস্তানৰ বিৰুদ্ধে ভাৰতে লোৱা পাঁচটা ডাঙৰ সিদ্ধান্ত কি ? চাওক

আটাইতকৈ সাহসী পদক্ষেপ গ্ৰহণ কৰি পাকিস্তানৰ সৈতে দশক দশক পুৰণি সিন্ধু জল চুক্তি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে । কেবিনেট কমিটি অন ছিকিউৰিটিয়ে গ্ৰহণ কৰিছে সিদ্ধান্ত । পাকিস্তানৰ বিৰুদ্ধে আৰু কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে ? চাওক

অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হ’ল সিন্ধু জল চুক্তি , পাকিস্তানৰ বিৰুদ্ধে ভাৰতে লোৱা পাঁচটা ডাঙৰ সিদ্ধান্ত কি ? চাওক
মোদী কেবিনেটImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 23 Apr 2025 23:39 PM

পহলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাবে ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে । এয়া প্ৰথম প্ৰতিক্ৰিয়া ভাৰতৰ । ভাৰতে ইতিমধ্যে সিদ্ধু জল চক্তি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আটাইতকৈ সাহসী পদক্ষেপ গ্ৰহণ কৰি পাকিস্তানৰ সৈতে দশক দশক পুৰণি সিন্ধু জল চুক্তি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতে । কেবিনেট কমিটি অন ছিকিউৰিটিৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ।

জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তানৰ পৰা সীমা অতিক্ৰম কৰি আক্ৰমণ সংঘটিত কৰিছিল সন্ত্ৰাসবাদীয়ে । ইয়াৰ পাছতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত দেশখনৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাটোৱে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। পহলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বুধবাৰে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ এই বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠক ডেৰ-দুঘণ্টাৰো অধিক সময় ধৰি চলিছিল। এই বৈঠকত বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে মোদীয়ে সামাজিক মাধ্যমৰ জৰিয়তে কয় যে, পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ৭ বজাত চিচিএছৰ বৈঠক অনুষ্ঠিত হৈছিল । য’ত অধ্যক্ষতা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই উচ্চ পৰ্যায়ৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াসকল উপস্থিত থাকে। এই বৈকত দশক দশক পুৰণি সিন্ধ্ জল চুক্তি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয় ।

পাকিস্তানৰ সৈতে দশক দশক পুৰণি সিন্ধু জল সন্ধি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাটো আটাইতকৈ সাহসী পদক্ষেপ হিচাপে পৰিগণিত হৈছে । ইয়াৰ লগে লগে সিন্ধু নদী আৰু ইয়াৰ বিতৰক – ঝিলাম, চেনাবৰ, ৰবি, বিয়াছ, আৰু সতলজৰ পানী যোগান বন্ধ হৈ যাব। এই নদীসমূহ পাকিস্তানৰ বাবে পানী যোগান আৰু সেই দেশৰ লাখ লাখ লোকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে।

বৈঠকত কি কি সিদ্ধান্ত লোৱা হৈছিল ?

  • পাকিস্তানে সন্ত্ৰাসবাদৰ প্ৰতি থকা সমৰ্থন পৰিত্যাগ নকৰালৈকে ১৯৬০ চনৰ সিন্ধু জল চুক্তি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হ’ব।
  • তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ হ’ব ইন্টিগ্ৰেটেড চেক পোষ্ট আটাৰী, যিসকলে বৈধ অনুমোদন লৈ সীমান্ত অতিক্ৰম কৰিছে তেওঁলোকে ২০২৫ চনৰ ১ মে’ৰ পূৰ্বে সেই পথেৰে উভতি যাব পাৰিব।
  • SAARC Visa Exemption Scheme (SVES) ভিছাৰ অধীনত পাকিস্তানী নাগৰিকক ভাৰতলৈ আহিবলৈ দিয়া নহ’ব। পূৰ্বতে পাকিস্তানী নাগৰিকক প্ৰদান কৰা যিকোনো SVES ভিছা বাতিল বুলি গণ্য কৰা হ’ব। বৰ্তমান SVES ভিছাৰ অধীনত ভাৰতত উপস্থিত থকা যিকোনো পাকিস্তানী নাগৰিকৰ ভাৰত এৰি যাবলৈ ৪৮ ঘণ্টা সময় দিয়া হৈছে ।
  • নতুন দিল্লীৰ পাকিস্তান উচ্চায়ুক্তৰ প্ৰতিৰক্ষা, সামৰিক, নৌ আৰু বিমান উপদেষ্টাসকলক অগ্ৰহণীয় ব্যক্তি হিচাপে ঘোষণা কৰা হয়। ভাৰত এৰি যাবলৈ তেওঁলোকৰ এসপ্তাহৰ সময় আছে।
  • ইছলামবাগত থকা ভাৰতীয় উচ্চায়ুক্তৰ পৰা ভাৰতে প্ৰত্যাহাৰ কৰিব প্ৰতিৰক্ষা, নৌ আৰু বিমান উপদেষ্টা। এই পদসমূহ নিজ নিজ উচ্চায়ুক্তত বিলুপ্ত হোৱা বুলি বিবেচিত হ’ব।

উল্লেখ্য যে, ২২ এপ্ৰিল মঙলবাৰে কাশ্মীৰৰ পহলগামত পৰ্যটক আৰু সাধাৰণ নাগৰিকক লক্ষ্য কৰি ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে । এই আক্ৰমণত ২৬ জন লোকৰ নিহত । ইয়াৰ বহু লোক আহত হয় । ইতিমধ্যে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে পাকিস্তানস্থিত লস্কৰ-ই-তৈবা (LeT) সন্ত্ৰাসবাদী সংগঠনৰ অংশ ৰেজিষ্টেন্স ফ্ৰণ্টে (TRF)য়ে ।